আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস-বুদ্ধেশ্বৰ মাহালী

@admin
0
নাচঘৰত আজি চাহ দিৱস পাতিছে নহয়;
আন্তৰাষ্ট্ৰীয় চাহ দিৱস;
ক'তা-কেনেকৈ-কোন আহিব
বুলি সুধাত মই ক'লো
সকলো কামত আছে!

পাত চিঙিছে,কলম দিছে
সাৰ দিছে,নলা মাৰিছে
আৰু টকাৰ হিচাপ নিকাচত 
ব্যস্ত আছে মেনেজমেণ্ট...

নাথাকিবইনো কেলৈ
১২ দিনৰ পিছতো গণিত নিমিলে!
একেদৰেইতো আছে-
"ভাজক পূৰণ ভাগফল যোগ অৱশিষ্ট "
এই অৱশিষ্ট খিনিহে শ্ৰমিকৰ!

কেতিয়াবা কয় শ্ৰমিকক কম দিলেও হ'ব
নিদিলেতো ভালেই;
কোনোবা কোনোবা বেপাৰীয়েচোন
নিদিয়েই দুই-তিনিমাহ;
হ'লেও পাত উলায়,
যায় বিদেশ-

মইতো বাৰু নাখাওঁৱেই;
মানুহৰ ভিৰত চাহ নে কফি
বুলি সুধিলে লাজেই পাওঁ!
জানেই আজিকালি কফিহে খাওঁ...

আজি নাচঘৰত 
আন্তৰাষ্ট্ৰীয় চাহ দিৱস;
আজি কফি বাৰু নহ'ব;
হ'লেও আহিব,
একাপ চাহ খাই কথা পাতিম চাহৰ...

(নাচঘৰ-বাগিচাৰ ৰঙ্গমঞ্চ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)