পুৰণি পোছাক যোৰ-সূৰজ বৰগোহাঁই

©Admin
0
সময় অসময়ৰ অবিৰাম আক্ৰমণত
কাৰণ অকাৰণে আহত মোৰ এযোৰ পোছাক :

সলনি কৰিবৰ হ'ল ...

কিন্তু তাৰ লগত যে মোৰ হেজাৰ সোণালী স্মৃতি জড়িত 

এটা শ্বোকেছত তাক ভালদৰে পৰিষ্কাৰ কৰি সাঁচি ৰাখিলোঁ 
যাতে মন গ'লেই সেইবোৰ অনুভৱ কৰিব পাৰোঁ ,

এযোৰ নতুন পোছাক পৰিধান কৰিলোঁ 
আৰম্ভণি এটি নতুন যাত্ৰা ,
পুৰণি পোছাকৰ গোলাপী হাঁহি সাৰথি কৰি 
তুলি ল'লো অৱক্ষয়ৰ জীৱন মুদ্ৰা।।

          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)