গাঁঠি-হীৰামণি দহোটীয়া

Rinku Rajowar
0
গাঁঠি লাগিছে
শব্দৰ জালত জোৰেৰে
এৰাব নোৱাৰা সুত্ৰে
নিঃশব্দ হৈ গতি কৰিব 
ইমূৰৰ পৰা সিমূৰলৈ।। 

চকু শাল পুৰিব ধৰিছে,
অনায়াসে নিগৰি অহা 
জুলীয়া ধৰি - বান্ধি ৰখাই থোৱাৰ বাদে  উপায়হীন।। 


আৰুনো কিমান দিন এনেদৰে? 

মৌনতা অৱলম্বন কৰি নিঃসংকোচেৰে
আগ বাঢ়ি যোৱাৰ
আমেজওঁ যে সুকীয়া।। 

থাকক চোন পাৰো মানে
এৰা সুঁতি এৰা দি গৈ থাকো
গন্তব্যস্থানলৈ সম্ভৱতঃ তাতেই
বিচাৰি পাওঁ মনত লগা আভুকৰ তৃপ্তি।।

◾ হীৰামণি দহোটীয়া
ঠিকনা : তিনিচুকীয়া (পেঙেৰী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)