মই শব্দকোষ মই হেমকোষ-অনন্ত কুমাৰ ভূঞা

©Admin
0
এইখন মোৰ চেনেহী অসম দেশ 
মই ভাষাৰ শব্দকোষ হেমকোষ
মই জাতিৰ অভিধান হেমকোষ
শব্দৰ খলকনিৰ মই অভিধান
গৰ্বিত অসমীয়া জাতি অসমৰ
মই অসমীয়া ভাষাৰ স্বপ্ন তৰংগ ।
মই হেমকোষ বৃহৎ শব্দৰ ভড়াল
মই জাতিৰ মেৰুদণ্ড হেমকোষ
কোনে কয় অসমীয়া ভাষা দুৰ্বল
কোনে কয় ভাষাৰ সংকটকাল
কোনে কয় হেমকোষে কান্দিছে
মই পেন্দুলাম শব্দকোষ জাতিৰ
ভাষাৰ লাখ শব্দ জব্দ কৰিছোঁ
শব্দ বুটলি আনি শব্দ শিকাইছোঁ‌ 
মই শব্দকোষ অসমীয়া জাতিৰ
মই ভাষাকোষ এই বিচিত্ৰ অসমৰ
মই কন্দা নাই হতাশাত ভোগা নাই
মই শব্দকোষ বিনন্দীয়া অসমৰ
মই জাতীয় সম্পদ , 
মই বুকুৰ কলিজা  ,
মই হিয়াৰ আমঠু চহকী জাতিৰ 
মই অদ্বিতীয় শব্দকোষ হেমকোষ
হেমচন্দ্ৰ চন্দ্ৰ বৰুৱাৰ জ্ঞান পুত্ৰ মই
হে'ৰাব নোৱাৰে জাতিৰ মান সন্মান
হে'ৰাব নোৱাৰে শব্দ অসমীয়া ভাষাৰ 
পাতনিত আছে জীৱন পৰিক্ৰমা
লিখা আছে সংস্কৰণৰ চন তাৰিখ।
মই হেমকোষ এই জাতিৰ দাপোন
মই হেমকোষ অসমীয়াৰ আপোন
আহিবাছোন গ্ৰন্থমেলাৰ বাকৰিলৈ
শাৰীশাৰী হেমকোষ প্ৰতি বিপনিত
আদৰ সাদৰ কিমান সাঁ‌চতীয়া মৰম ।
কোনে কয় হেমকোষে  কান্দিছে
কোনে কয় বিপন্ন অসমীয়া ভাষা
কিয় হোৱা তুমি জাতিৰ দুৰ্বল পুৰুষ
মই স্থিতপ্ৰজ্ঞ হেমকোষ মাতৃ ভাষাৰ
মই জীৱন্ত শব্দকোষ এই অসমৰ
মই ভাষাৰ প্ৰহৰী জাতিৰ চিৰলগৰী
মই হাঁ‌হিছোঁ‌ মই গৰ্বিত হেমকোষ
মই হেমকোষ মই ভাষাৰ শব্দকোষ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)