বৰষুণ ভালপোৱা অভিমানী ছোৱালীজনী-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
পুৱাৰ আকাশখন হেঙুলীয়া হৈ থকাৰ সলনি  গোমা হৈহে আছে।ৰ'দৰ পৰশ নোপোৱা ঠাইবোৰ বৰকৈ গোন্ধাইছে ।আজি কিছুদিন ধৰি একেৰাহে ধাৰাষাৰ বৰষুণ দিয়াৰ ফলত ৰাস্তা ঘাটবোৰ পিছল হৈছে।শিখাৰ ঘৰখন নতুনকৈ বনোৱাৰ বাবে বস্তুবোৰ এতিয়াও ভালকৈ থানথিত লগা নাই।তাতে আকৌ অভিমানী বৰষুণজাকে অভিমান এৰাৰ কথা নামেই নলয়।মেঘৰ গাজনিত শিখাই বাৰে বাৰে উচপ খাই উঠিছে।মানুহজনী বাহিৰে বাহিৰে সুস্থ হৈ দেখাওতে দেখাওতে ভিতৰি ভিতৰি তাই একেবাৰে অসুস্থ হৈ পৰিছে। অভিমানী বৰষুণজাকে আকৌ অভিমান কৰিব বুলি জানিয়ে তাই অভিমানী বৰষুণজাকৰ সৈতে অভিমান কৰিবলৈ আবেলি সময়ত চোতাললৈ ওলাই গ'ল।ভিতৰত তাইক নেদেখি মাকে চিঞৰি উঠিল।
••••••• শিখা.... শিখা....! ক'ত গ'লি তই।
নাই তাইৰ মাত শুনা নাই।মাকে যিমান জোৰকৈ চিঞৰিছে তাতকৈ বেছি বৰষুণজাকে চিঞৰিছে।ঘৰৰ ভিতৰত ক'তোৱে তাইক নেদেখি মাকে একেবাৰে বাহিৰলৈ ওলাই আহি তাইক বৰষুণত তিতি থকা দেখিলে।
•••••• মোক মাতিছিলা নেকি মা?
•••••• অথনিৰ পৰা চিঞৰি আছোঁ।আৰু তই ইয়াত তিতি আছ? চাঁও সোনকালে এইপিনে আহ।
কথাষাৰ কোৱাৰ লগে লগে তাই ভিতৰলৈ আহিল।তিতা কাপোৰবোৰ খুলি শুকান কাপোৰ সলাই লোৱাৰ পিছত তাইক মাকে গামোচাএখনে চুলিকোচা বান্ধি দিলে।
••••••• তোক কিমান কও শিখা! বৰষুণত নিতিতিবি।আগতে যিমান তিতিলেও মানা নকৰোঁ। কিন্তু এতিয়া তোৰ গাটো ভাল নহয়। এনেকৈ বৰষুণত তিতিলে বেছিকৈ বেমাৰ হ'ব।
••••••• মা তুমিয়েই কোৱাচোন মই ইমান অভিমান কৰোঁ বুলি।বৰষুণজাকেও অভিমান কৰে যে। সেইবাবে বৰষুণজাকত তিতি মোৰো অভিমান কৰি ভাল লাগে আক'। অভিমানী বৰষুণজাক মোৰ প্ৰিয় অ' মা।
•••••• অভিমানী বৰষুণজাকৰ সৈতে পিছত খেলিবলৈ বহুত সময় পাবি। প্ৰথমতে তই ভাল হৈ ল' চোন।
•••••• উমহো মা মই জানো। মোৰ পৰা কথা নুলুকুৱাবা। মই ভাল নহও আৰু মই জানো মা ..! অভিমানী বৰষুণজাকৰ সৈতে পিছত আকৌ কেতিয়াও অভিমান কৰিবলৈ নাপাওঁ।

মাকে তাইক সাৱটি ধৰি কান্দিলে। বৰষুণ দি থকাৰ বাবেই সময় কিমান হৈছে! কেনেকৈ সময়বোৰ পাৰ হৈছে ধৰিবকে পৰা নাই। ৫ টা বাজিলেই।মাকে কাম কৰিবলৈ যোৱাৰ পিছত তাই ফোনটো হাতত ল'লে।বহু সময় তেনেকৈ মৌন হৈ থাকিল। পিছত বহু কথা ভাবি তাই ফোনটো লগালে।মাকে ভিতৰৰ পৰা সকলো শুনি আছিল।
•••••• উম কোৱা।
•••••• কি কম।
•••••• কি ক'বলৈ ফোন কৰিছা তাকে কোৱা।
•••••• মোৰ বেমাৰ হৈছে। মোক চাবলৈ আহিবা না। এবাৰ কেৱল এবাৰ তোমাক ... শেষবাৰৰ বাবে চাবলৈ বৰকৈ মন গৈছে।তুমি আহিবানে?
••••••• মই এতিয়া যাব নোৱাৰিম বেয়া নাপাবা। 
••••••• তুমি সঁচাকৈ নাহা।
••••••• নোৱাৰিম এতিয়া যাব।
••••••• ঠিক আছে নালাগে তুমি আহিব।যেতিয়া তোমাৰ মোলৈ মনত পৰিব তেতিয়া মোৰ মৰিশালীটোলৈও নাহিবা।
ফোনটো  কাটি তাই থৰ হৈ ৰ'ল।
•••••• কোন আছিল শিখা?

মাকে ওচৰত আহি তাইক মাতি আছে গমেই পোৱা নাই।চকীখনতে আউজী বহি আছে তাই। দুচকুৰ অশ্ৰুৰে তাইৰ দুগাল তিয়াইছে। একো নোকোৱা দেখি তাইক জোকাৰি দিওঁতেই তাই তাতে পৰি গ'ল। কাইলৈ তাইৰ অপাৰেশ্যন আছিল।তাইক লৰালৰিকৈ হস্পিটেল নিবলৈ ঘৰৰ মানুহবোৰ গোট খালে।ইফালে বৰষুণজাকো চিপচিপকৈ দি আছে। কিছুসময় পিছত সকলো হস্পিটেল পালেগৈ। ডক্টৰে বহুতবাৰ চালে। কিন্তু ইতিমধ্যে তাইৰ মৃত্যু হৈছে। কথাটো শুনাৰ পিছত মাকৰ লগতে সকলো মানুহ তাইৰ ওচৰলৈ গৈ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।মাকে তাইক জোৰকৈ সাৱটি ধৰি কান্দিছে।কোনোবা দুগৰাকীয়ে মাকক শিখাৰ ওচৰৰ পৰা আঁতৰাই আনিলে।
          শিখা আৰু মাকক দেখি আজিলৈকে কোনেও কোৱা নাছিল শিখাযে তেওঁৰ ছোৱালী নহয়।নিজৰ ছোৱালীৰ দৰে ইমান মৰম ,আদৰ ,যতন কৰাৰ পিছতো শিখাক সুস্থ কৰি তুলিব নোৱাৰিলে।সেই দুখে তাইক খুলি খুলি খাইছে।শিখাইও  তেওঁক নিজৰ মাকৰ দৰে গণ্য কৰিছিল আৰু মৰম কৰিছিল। হস্পিটেলত যিহেতু বেছি সময় তেনেকৈ থাকিবলৈ নিদিয়ে। সেইবাবে তাইক ঘৰলৈ লৈ অহা হ'ল। বৰষুণজাকে কিছুসময় অভিমান কৰা নাছিল। চোতালৰ এচোকত তাইক বগা কাপোৰেৰে ঢাকি থোৱা দেখি মাকে কৈছে
•••••• তাইক তেনেকৈ কিয় থৈছা তোমালোকে ।তাই মোৰ বুকুৰ মাজত থাকি ডাঙৰ হৈছে। কিমান অভিমান তাইৰ।সৰুৰে পৰাই বৰষুণত তিতি ভালপায় তাই। নাজানো কিয় ইমান ভালপায় বৰষুণ।তেনেকৈ নথবা তাইক।তাই ভয় কৰে,উচপ খাই উঠিব তাই।চাও মোক তাইৰ ওচৰলৈ যাবলৈ দিয়া।এৰি দিয়া মোক।

আকৌ জোৰকৈ চিঞৰি শিখাক মাতি মাতি তাই কান্দি উঠিল।শিখাক হেৰুৱাৰ বেদনাত তাই কি কৈছে নিজেই নাজানে। মেঘে আকৌ গাজিবলৈ আৰম্ভ কৰিলে। প্ৰচণ্ড বতাহে তাইৰ ওপৰত ঢাকি থোৱা বগা কাপোৰখন উৰুৱাই নিলে। অভিমানী বৰষুণজাকে তাইক মৃত্যুৰ পিছতো তিয়ালে।বৰষুণ ভালপোৱা অভিমানী শিখাৰ মৃত্যুৰ পিছতো অভিমানী বৰষুণজাকে  তাইৰ মৃত্যুত চকুলো টুকিছিল। অভিমানী বৰষুণজাকৰ সৈতে অভিমান কৰিবলৈ শিখা আৰু নাই।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)