দুচকুৰ সপোন - জ্যোতিষ্ক বৰুৱা

©Admin
0
পাৰ ভঙা সপোনবোৰৰ সতে,
আবেলিৰ বতাহজাকে 
শৰীৰটো চুই যোৱা সময়কনত…
পুৱা উদয় হোৱা বেলিটোৰ দৰে সপোনবোৰ………
আবেলিৰ বেলিটোৰ সতে মাৰ যায়,
নিতৌ আহে নতুন পুৱা,
নিতৌ জাগে সপোন…
নিতৌ মাৰ যোৱা বেলিৰ দৰে…
নিতৌ মাৰ যায় সপোন ,
দুচকু মেলি পুৱাৰ বেলিটোৰ সতে 
সাজ লগা বেলিটোলৈকে …
জাপ খোৱা চকুৰ পতাত…
সপোন নামে আৰু ভাগে ৷৷

✍️ জ্যোতিষ্ক বৰুৱা
     নামৰূপ,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)