বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু মহাবীৰ চিলাৰায় - ভাস্কৰজিৎ ফুকন

©Admin
0
          পুৰণি প্ৰাগ্‌জ্যোতিষপুৰ, কামৰূপ আৰু বৰ্তমানৰ অসম নামৰ ভূ-খণ্ডত বিভিন্ন জাতি-জনগোষ্ঠীৰ সভ্যতা, সংস্কৃতিৰ ভেটিত গঢ় লৈ উঠা অসমীয়া জাতিৰ এক গৰিমাময় ঐতিহ্য আছে। এই ঐতিহ্যই ইয়াকে প্ৰতিপন্ন কৰে যে অসমীয়া জাতি এক সমন্বয়ৰ (Coordination) জাতি। এয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষিক, সাংস্কৃতিক সমন্বয়ৰ সমাহাৰ। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰীয়ে কোৱাৰ দৰে, বৰ লুইতত যেনেদৰে বহু উপনৈ মিলিত হৈছে, তেনেদৰে বহু জাতি-জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক মিলনৰ ফলস্বৰূপে বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। আমাৰ আপাত দৃষ্টিত অসমীয়া জাতি হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত নাগৰিকত্ব অধিকাৰ লাভ কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ় লৈ উঠা এটা বৃহত্তৰ জাতি।
     শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ ভাঙনিত লিখিছে-
কিৰাত কচাৰী          খাচী গাৰো মিৰি
যৱন কংক গোৱাল
অসম মুলুক            ৰজক তুৰুক
কুৱাচ ম্লেচ চণ্ডাল।
(দ্বিতীয় স্কন্ধ, পদসংখ্যা-৫৩)
             প্ৰাগৈতিহাসিক কালৰে পৰা সাম্প্ৰতিক সময়লৈকে অসম মুলুকলৈ ভিন ভিন মানৱ প্ৰজাতিৰ আগমন ঘটি আহিছে। কৃষি উপযোগী সাৰুৱা মাটি, উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ বাবে হোৱা প্ৰচুৰ পৰিমাণৰ বৰষুণ আৰু নাতিশীতোষ্ণ জলবায়ুৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ দুই পাৰৰ সমতল ভূমিত আহি সমবেত হোৱা কেইবাটাও নৃগোষ্ঠীৰ সমন্বয়ত অসমৰ মানুহৰ ইতিহাস সমৃদ্ধ হৈছে। পূৰ্বতে অসমৰ মানুহ বুলি ক'লে 'বৰ অসম' ত বসবাস কৰা সকলো লোককে সামৰি লোৱা হৈছিল। সাম্প্ৰতিক কালত অসমৰ মানচিত্ৰ বহু সলনি আৰু সংকুচিত হৈ পৰাটো সকলোৱে জনা কথা। কামৰূপখন ব্ৰিটিছৰ দিনৰ অসমতকৈ বহু ডাঙৰ আছিল। আকাৰ-প্ৰকাৰতেই নহয়, গুণ-গৰিমাতো। এই গৰিমা ভৌগোলিক অৱস্থানৰ পৰিধি চতুৰ্পীঠ চেৰাই গৈ লগ লাগিছিল দক্ষিণ-পূব এছিয়াৰ সীমাৰেখাত আৰু মগঠ, মিথিলা, কোশল, উৎকলৰ প্ৰান্তত। শতাব্দী জুৰি হোৱা ৰাজনৈতিক উত্থান-পতনৰ বাবে অসমৰ বিভাজন বা সংকোচন ঘটিছিল।
          বৃহত্তৰ অসমৰ বৰ্ণিল সভ্যতা-সংস্কৃতিত বিভিন্ন জাতি জনগোষ্ঠীয়ে বিৰাজ কৰা অতি প্ৰাচীন জনগোষ্ঠী সকলৰ অন্যতম জনগোষ্ঠী হ'ল কোঁচ ৰাজবংশীসকল। অসমীয়া জাতিৰ ইতিহাসত কোঁচসকলৰ ভূমিকা উল্লেখযোগ্য। অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিলৈ তথা অসমীয়া জনজীৱনলৈ তেওঁবিলাকৰ অৱদানো উল্লেখযোগ্য। কোঁচসকল অসমৰ এটা বৃহৎ আৰু পুৰণি জনগোষ্ঠী। তেওঁলোকৰ 'কোঁচ ৰাজবংশী' হিচাপেও এক পৰিচয় আছে। তাহানিৰ দিনতেই তেওঁবিলাকৰ পৰাক্ৰমী জাতিসত্বাই অসমীয়া জাতিক সমৃদ্ধ কৰে।
        কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহৰ পুত্ৰদ্বয় ৰজা নৰনাৰায়ণ আৰু সেনাপতি মহাবীৰ চিলাৰায়। যুৱৰাজ শুক্লধ্বজ বা চিলাৰায় এজন প্ৰতাপী বাহুবলী আৰু যুদ্ধবিদ্যাত পৈণত ৰজা নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে তেওঁক চিলাৰায় বুলি জনা যায়। চিলাৰায়ৰ আন এটা নাম 'সংগ্ৰাম সিংহ' আছিল। নৰনাৰায়ণে তেঁওক যুৱৰাজ পাতি এই নাম দিয়া বুলি 'দৰং ৰাজবংশাৱলী' ত উল্লেখ আছে -
আনন্দতে যে সংগ্ৰাম সিংহ নাম দিলা
চিলাৰায় ‘নুনু’ আৰু ‘মালসুকা’ নামেৰেও পৰিচিত আছিল। পিতৃ বিশ্বসিংহ আৰু মাতৃ পদ্মাৱতীৰ সম্পৰ্কত ১৫১০ চনত জন্ম গ্ৰহণ কৰা এইজন মহাবীৰৰ  বীৰত্ব, সংগ্ৰামী জীৱনে যুগ-যুগান্তৰলৈকে অসমীয়া জাতিৰ ঐতিহ্য ,স্বাভিমান ৰক্ষা কৰিছে। 

মূল বিষয়ৰ পৰ্যালোচনা:
            ৰাজকীয় একোজন ব্যক্তিয়ে নিজৰ নিজৰ সময়ত নিজৰ ৰাজ্যক্ষেত্ৰত কৰা কামে সমাজৰ সামূহিক ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব পাৰে। দৰাচলতে কোনো ৰাজবংশই জাতি এটা গঢ়ো বুলি পৰিকল্পনা কৰি কাম কৰাৰ নজিৰ পাবলৈ টান। যি ভাষিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক পটভূমিত অনুশাসনকৰ্তা থিয় দিয়ে, সেই পটভূমিত পতা জনসাধাৰণক একত্ৰ কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক অৱস্থান সুদৃঢ় কৰি তোলে। তাকে কৰিবলৈ যাওঁতে ৰাজনৈতিক, প্ৰশাসনীয় বিধি-বিধানৰ উপৰি তেওঁলোকে মানুহৰ ব্যৱহাৰিক, নৈতিক আৰু আধ্যাত্মিক সংস্কাৰ আৰু বিকাশৰ বাবেও স্বাভাৱিকভাৱেই কাম কৰে। এই ক্ষেত্ৰত কোঁচ ৰাজ্যৰ সেনাপতি চিলাৰায়ো ব্যতিক্ৰম নহয়। তেওঁৰ ৰাজ্য পৰিচালনাৰ কৌশলে অসমীয়া সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়ালে। চিলাৰায়ৰ এই ভূমিকাক এনেদৰে আলোচনা কৰিব পাৰি -
ৰাজনৈতিক অৱদান :
                  অনুমানিক ১৫৪০ খ্ৰীঃত নৰনাৰায়ণে কোঁচ ৰাজ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু তেওঁ ভায়েক শুক্লধ্বজ ওৰফে চিলাৰায়ক সেনাপতি আৰু যুৱৰাজ হিচাপে নিযুক্ত কৰে। চিলাৰায়ে সেইসময়ত উওৰ- পূৱ ভাৰতৰ সকলো ৰজাক বশীভূত কৰি এই সমগ্ৰ অঞ্চলটোত একপ্ৰকাৰ ৰাজনৈতিক ঐক্যৰ সূচনা কৰিছিল। আহোম ৰজাৰে সৈতে মিত্ৰতা কৰাৰ পাচত, চিলাৰায়ক হিড়িম্বেশ্বৰৰ ৰাজ্য আক্ৰমণ কৰিবলৈ পঠোৱা হয়। চিলাৰায়ে নিজ পৰাক্ৰমেৰে হিড়িম্বা বা ডিমাপুৰৰ কছাৰী ৰজাক যুদ্ধত পৰাস্ত কৰে। পিছলৈ চিলাৰায়ে জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰি, তাৰ ৰজাক নিজ হাতে বধ কৰে।
জয়ন্তাৰ ৰজা সমে যুদ্ধ লাগিলন্ত।
ৰণে জিনি চিলাৰায় তাক মাৰিলন্ত।।
(দৰং ৰাজবংশাৱলী)
তাৰ পৰা গৈ, চিলাৰায়ে ত্ৰিপুৰাৰ ৰজাৰ সৈতে যুদ্ধ পাতে আৰু ৰজাক ৰণত হৰুৱাই কোচঁ ৰাজ্যৰ তলতীয়া ৰজা পাতে। সেইসময়ত বহু প্ৰদেশৰ ৰজাই চিলাৰায়ৰ বীৰত্বৰ কথা গম পাই যুদ্ধ নকৰি নিজেই চুক্তিবদ্ধত স্বাক্ষৰ কৰি কোঁচ ৰাজ্যৰ  তলতীয়া হয়।
তান ভাই চিলাৰায়                যাৰ সম যোদ্ধা নাই
তাক জিনিবেক কাৰ বাপ।
এতেকেসে বৰিবোহো           নিচয় কৰিয়া কহোঁ
লাগে ভয় শুনিয়া প্ৰতাপ।।
( দৰং ৰাজবংশাৱলী )
তাৰোপৰি চিলাৰায়ে ডিমূৰীয়া ৰাজ্য আৰু শ্ৰীহট্টৰ ৰজাক পৰাস্ত কৰি সেই ৰাজ্য অধিকাৰ কৰে। খ্ৰীঃ ১৫৩৬ চনত, চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰে। আগৰ বাৰৰ সন্ধিত খোৰা ৰজাৰ প্ৰৱঞ্চনাই  এই আক্ৰমণৰ মূল কাৰণ। চিলাৰায়ৰ প্ৰস্তাৱমতে, সুগম কোৱঁৰ আৰু বৰগোহাঞিৰ ভতিজাক আপচু গোহাঞিদেৱক মুখ্য কৰি, সকলো পাত্ৰ-মন্ত্ৰীৰ ঘৰৰ একোজন ডেকাক বন্ধুৱা দি, চুখামফা স্বৰ্গদেৱে সন্ধি কৰে।
                  উত্তৰ-পূৰ্বাঞ্চলৰ বিজিত ৰাজ্যসমূহ নৰনাৰায়ণে নিজ ৰাজ্যৰ প্ৰত্যক্ষভাৱে ভিতৰুৱা কৰা নাছিল। সেইবিলাকৰ ওপৰৰ নিজৰ প্ৰভুত্ব স্থাপন কৰি কেৱল মাত্ৰ বাৰ্ষিক কৰ শোধোৱাৰ প্ৰতিশ্ৰুতিহে আদায় কৰিছিল। চিলাৰায়ৰ বীৰত্ব, পৰাক্ৰমী ব্যক্তিত্ব, স্বদেশপ্ৰেম, দায়িত্ববোধ- এই সকলোবোৰ অসমীয়া জাতীয় জীৱনৰ বাবে সদায় প্ৰাসংগিক আৰু অনুপ্ৰেৰণাৰ উৎস। দৈৱজ্ঞই গণনা কৰি কৈছিল, চিলাৰাইৰ দিন উদয়। সৰ্বপ্ৰকাৰে জয়।

অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা:
          ভাৰতবৰ্ষত ভক্তি আন্দোলন হোৱাৰ পিছত অসমত শংকৰদেৱ আৰু মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্মৰ পাতনি মেলে। অসমৰ জাতীয় জীৱনৰ ইতিহাসত গুৰু দুজনাৰ  এই প্ৰয়াস এক যুগান্তকাৰী ঘটনা। বিভিন্ন কাৰণবসত শংকৰদেৱে আহোম ৰাজ্য এৰি যাবলগীয়া হোৱাত সেই সময়ত কোঁচ ৰাজ্যৰ ৰজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ে তেওঁক আশ্ৰয় প্ৰদান কৰিছিল। মহাবীৰ চিলাৰায়ৰ প্ৰচেষ্টাতেই বৃহত্তৰ অসম শাক্ত বৈষ্ণৱৰ মহামিলনৰ তীৰ্থভূমিত পৰিণত হৈছিল।
           এসময়ত প্ৰাসাদৰ ৰং চ'ৰাত মাদৈসকলে মিলিজুলি ৰং ৰহস্য কৰি কমলপ্ৰিয়াই শংকৰদেৱ বিৰচিত এটি গীত জুৰিলে। কোকিল- কণ্ঠৰ অৰ্থপূৰ্ণ সংগীত শুনি চিলাৰায়ে তন্ময় হৈ মনে মনে আছিল। চিলাৰায়ে আকৌ এবাৰ সংগীতটো শুনিলে। ইয়াৰ পাছৰ পৰা শংকৰদেৱক সাক্ষাৎ কৰিবলৈ তেওঁৰ প্ৰৱল হেপাহ জন্মে আৰু ভক্তিভাৱে সাক্ষাৎ কৰে। মহাপুৰুষ শংকৰদেৱ চিলাৰায়ৰ অতি প্ৰিয় হৈ পৰিছিল। চিলাৰায়ৰ নিৰ্দেশমতে টেকাই মাজিয়ে দিনে-ৰাতিয়ে নাও বাই গৈ শংকৰদেৱৰ ঠাই পালে আৰু চিলাৰায়ৰ কথা শুনাই শংকৰদেৱক লৈ উভতি আহিল। নৈৰ ঘাটৰ পৰা চিলাৰায় আৰু কমলপ্ৰিয়াই শংকৰদেৱক আগবঢ়াই নিলে। চিলাৰায়ৰ হাউলীৰ চৌহদৰ ভিতৰতে নবীন গৃহ, নাদ, স্নানাগাৰ আদি সজোৱাই শংকৰদেৱক সুৰক্ষা দি ৰাখিলে। চিলাৰায়ে শংকৰদেৱক অভয় দি কৈছিল, ৰজালৈ একো সংশয় কৰিব নালাগে। মই আছো। তেওঁ (নৰনাৰায়ণে) ঘৰৰ সেৱা-পূজা কৰিহে থাকে। অস্ত্ৰ-শস্ত্ৰ লৈ পৰদেশত আমিহে আগ হৈ যুদ্ধ কৰিব লাগে। সেইবাবে  ৰজাৰো মোৰ ওপৰত ভৰষা।
        চৰিত পুথিত উল্লেখ আছে যে, কোঁচ ৰাজ্যৰ ৰাজসভাত শংকৰদেৱে ভুৰুকাত হাতী ভৰাই একে ৰাতিৰ ভিতৰতে ভাগৱত পুৰাণৰ কৃষ্ণলীলাৰ সকলো কাহিনীৰ সাৰ লৈ গুণমালা পুথি ৰচনা কৰে  এনেদৰে শংকৰদেৱ আৰু মাধৱদেৱে কোঁচ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি অসমত সাহিত্য-সংস্কৃতিৰ এক নতুন অধ্যায় সূচনা কৰে।

সামাজিক অৱদান: 
       বিশাল কোঁচ সাম্ৰাজ্য গঠনত চিলাৰায়ৰ অৱদান অতুলনীয়। চিলাৰায়ৰ বিশেষত্ব ইয়াতেই যে এহাতে ৰণক্ষেত্ৰত তেওঁ সংহাৰকৰ ৰূপ ধৰি বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু আনহাতে সাধু- সন্তৰ ক্ষেত্ৰত দয়াৰ সাগৰ আছিল। কামাখ্যা মন্দিৰ, সূৰ্য্য মন্দিৰ , ভৈৰৱী মন্দিৰ , ত্ৰিশূলা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ উপৰিও জনা যায় যে তেওঁ বৰ কেচালি নামৰ গাওঁত বৰ মহাদেৱৰ মন্দিৰ সজাই দিছিল আৰু নাক কাটি গাছ গাওঁত সৰু মহাদেৱৰ মঠ-মন্দিৰ স্থাপন কৰিছিল। এই ঠাইবোৰ বৰ্তমান পশ্চিমবঙ্গৰ ভিতৰত পৰিছে। তুফানগঞ্জ নামৰ ঠাইত চিলাৰায় কোটৰ নামৰ দুৰ্গ এটাৰ ভগ্নাৱশেষত এতিয়াও থকা বুলি জনা যায় ।জাল ধোৱা গাঁৱত আন এটা দুৰ্গও তেওঁ সজোৱাৰ কথা পোৱা যায়। গৌড় ৰাজ্য জয় কৰাৰ পিছত গৌড়ৰ পৰা মাটি আনি চিকোণাবাৰী অঞ্চলত 'গৌৰ মৰ্দ' নামে স্মৃতি ক্ষেত্ৰ এটাও কৰিছিল বুলি জনা যায়।
         ইংৰাজ ভ্ৰমণকাৰী ৰালফ্ ফিট্‌চে কোচবেহাৰ ভ্ৰমণ কৰি কোঁচ ৰাজ্যৰ সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ এঠাইত লিখিছে, ইয়াৰ মানুহ বিলাকে জোঙা বাঁহ বা বেত মাটিত পুতি জেওৰা দিয়ে। যুদ্ধৰ সময়ত ইয়াৰ মানুহবিলাকে  নদীৰ পানীত বিহ মিলাই দিয়ে। ইয়াত  যথেষ্ট কস্তুৰী, কপাহী কাপোৰ আৰু পাট কাপোৰ উৎপন্ন হয়। মানুহবিলাকে সৰু অৱস্থাতেই এটা বিশেষ প্ৰক্ৰিয়াৰে  কাণবিলাক ডাঙৰ আৰু দীঘল কৰাৰ ব্যৱস্থা কৰে। তেওঁলোক সকলো হিন্দু আৰু তেওঁলোকে কোনো প্ৰাণী হত্যা নকৰে। ৰাজ্যত ভেৰা, ছাগলী, কুকুৰ, মেকুৰী, চৰাই আৰু সকলো  প্ৰাণীৰ বাবে  চিকিৎসালয় আছে। বৃদ্ধ বা ৰোগীয়া পশু-পক্ষীক মানুহে মৃত্যুৰ সময়লৈকে লগত ৰাখি শুশ্ৰূষা কৰে। তেওঁলোকে পৰুৱা-পিপৰাকো মাংস খাবলৈ দিয়ে আৰু  কাজু বাদামক পইচা আৰু খোৱা বস্তু হিচাপ ব্যৱহাৰ কৰে।

সাহিত্যিক অৱদান:
         চিলাৰায় সংগীত আৰু সাহিত্যৰ প্ৰতিও অনুৰাগ আছিল। কমলপ্ৰিয়াই সংগীতেৰে তেওঁক মুগ্ধ কৰিছিল। তেওঁৰ নিজৰ পৃষ্ঠপোষকতাত (Sponsorship) সাহিত্যৰ সৃষ্টি কৰা কথাৰ উদাহৰণো আছে। পীতাম্বৰ সিদ্ধান্ত বাগীশৰ মাৰ্কণ্ডেয় পুৰাণ খন চিলাৰায়ৰ পৃষ্ঠপোষকতাত ৰচিত হৈছিল। ভনিতাত আছে -
কমতা নগৰে বিশ্ব সিংহ নৰেশ্বৰ।
প্ৰচণ্ড প্ৰতাপ ৰজা ভোগে পুৰন্দৰ।।
তাহাৰ তনয় সৰ্বগুণে ৰত্নাকৰ ।
মহামহোত্তৰ দানে কৰ্ণ সম সৰ।।
কুমাৰ সমৰ সিংহ ( সংগ্ৰাম সিংহ) আজ্ঞা পাৰমানে।
কহে পীতাম্বৰ নাৰায়ণে পৰশনে।।
            কোঁচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে বাৰানসীত সংস্কৃত ভাষাৰে শিক্ষা লাভ কৰিছিল। চিলাৰায় আছিল এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত। তেওঁ জয়দেৱৰ গীত-গোবিন্দৰ টীকাক  সাৰৱতী টীকা নাম দি ৰচনা কৰি গৈছে। ৰজা নৰনাৰায়ণে শংকৰদেৱ, মাধৱদেৱ, ৰাম সৰস্বতী, অনন্ত কন্দলী, বকুল কায়স্থ, পুৰুষোত্তম বিদ্যাবাগীশ  আদি কবি আৰু পণ্ডিত সকলক পৃষ্ঠপোষকতা দান কৰিছিল। অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশত নৰনাৰায়ণৰ এই পৃষ্ঠপোষকতাই বিশিষ্ট বৰঙণি যোগাই গৈছে। এইক্ষেত্ৰত মহাবীৰ চিলাৰায়ে বিশেষ ভূমিকা পালন কৰিলে।
            লোকচিকিৎসা, মন্ত্ৰ সাহিত্যৰ ক্ষেত্ৰটো চিলাৰায় আছিল বিজ্ঞ ব্যক্তি। চিলাৰায় গৌড়ত এবছৰ কাল বন্দী হিচাপে আছিল। দৰং ৰাজবংশাৱলী ত উল্লেখ আছে যে গৌড়ৰ চুলতানৰ মাক এবাৰ সাপৰ দংশনত মৃত্যুমুখত পৰিব লগা অৱস্থা হোৱাত চিলাৰায়ে মন্ত্ৰৰ বলেৰে তেওঁক আৰোগ্য কৰে।

সাংস্কৃতিক অৱদান:
        অসমৰ সাহিত্য সংস্কৃতিৰ ইতিহাসত ৰাজ দৰবাৰৰ পৰা গ্ৰাম্য জীৱনলৈ বিভিন্ন পৰিক্ৰমাত কোঁচ ৰাজবংশীসকলৰ পৰশ বিৰাজমান । মহাবীৰ চিলাৰায় এজন সংস্কৃতিবান ব্যক্তি আছিল। কোঁচসকলে কৃষিৰ লগত জড়িত এক উৎসৱ পালন কৰে। কাতি মাহত ধাননি পথাৰত 'কাতি গাছা ' উৎসৱ পালন কৰে। ইয়াৰ উপৰিও কোঁচসকলৰ বিভিন্ন লোক-উৎসৱসমূহ হ'ল- বিষুৱা, হুদুম দেওৰ পূজা, বাঁশ পূজা, কাৰ্তিকা পূজা, আগ আনা, লাখোল ঠাকুৰ ইত্যাদি। বিভিন্ন অনুষ্ঠান যেনে- মুখ জোৰানী গাওন, জাগেৰ গাওন, বাশী পুৰাণ, কুশান গাওন, খাৰাতাল , নামতী গাওন, পাতি নাম, ধুপালি নাম, মাটি গাওন আদি। এই বৰ্ণিল কৃষ্টি-সংস্কৃতিয়ে অসমীয়া জাতিক সমৃদ্ধ কৰিছে। নিবন্ধকাৰ চক্ৰধৰ ৰায়ে এই সম্পৰ্কত বিস্তৃত আলোচনা আগবঢ়াইছে।

ধৰ্মীয় প্ৰসংগ:
        নৰনাৰায়ণ আৰু চিলাৰায় দুয়ো ভাতৃ ধাৰ্মিক আছিল। এওঁলোকেই হিন্দু ধৰ্মৰ পৃষ্ঠপোষক আছিল বুলি পণ্ডিতসকলে মত আগবঢ়াইছে। তেওঁলোক প্ৰধানতঃ শৈৱ আৰু শাক্ত পন্থাৰ অনুগামী আছিল । অৱশ্যে তেওঁলোকে প্ৰাচীন কালৰে পৰাই দেৱ-দেৱীৰ পূজা-পাতল কৰিছিল। ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰতি স্বাভাৱিকতে চিলাৰায়ৰ অনুৰাগ আছিল। কামাখ্যা মন্দিৰ তেওঁ নকৈ নিৰ্মাণ কৰাই দিছিল। কামাখ্যা মন্দিৰৰ দুৱাৰত নৰনাৰায়ণ আৰু চিলাৰায়ৰ মূৰ্তি খোদিত হৈ আছে। চিলাৰায়ে ৰাজ্য জয় কৰি মন্দিৰ নিৰ্মাণ কৰাৰ নিদৰ্শন পোৱা যায়। তেওঁ পৰৱৰ্তী সময়ত শংকৰদেৱক লগ পোৱাৰ পাছত বৈষ্ণৱ ধৰ্মৰ প্ৰতি আগ্ৰহী হয় । মহাবীৰ চিলাৰায় জীৱনত এক ধৰ্মীয় দৰ্শন বিদ্যমান।

সামৰণি:
        ব্ৰিটিছ ইতিহাসবিদ আৰ্নল্ড টয়নবিয়ে (Arnold Joseph Toynbee) বিশ্বৰ শ্ৰেষ্ঠ বীৰ যোদ্ধাসকলৰ ভিতৰত বীৰ চিলাৰায় , ছত্ৰপতি শিৱাজী আৰু নেপোলিয়ন বোনাপাৰ্ট এই তিনিজনক শ্ৰেষ্ঠ বীৰ বুলি স্বীকৃতি দিছে। বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত বিশ্ব মহাবীৰ চিলাৰায়ৰ অৱদান অনস্বীকাৰ্য , ইতিহাসে কয়। কোঁচ ৰজা নৰনাৰায়ণৰ সুদক্ষ সেনাপতি মহাবীৰ চিলাৰায়ৰ পৰাক্ৰমীতা, সুদৰ্শিতা, ত্যাগ তথা অতুলনীয় স্বদেশ প্ৰেমৰ কাহিনী ইতিহাসৰ পাতত চিৰদিনলৈ সোণালী আখৰেৰে জিলিকি থাকিব।

সহায়ক গ্ৰন্থপঞ্জী:

কলিতা, ৰমেশ চন্দ্ৰ, বীৰ চিলাৰায়, বৃন্দাবন প্ৰকাশ, গুৱাহাটী, প্ৰথম প্ৰকাশ, জানুৱাৰী, ২০০৮ 
 গোহাঞিবৰুৱা, পদ্মনাথ, অসমৰ বুৰঞ্জী, এ বি টি পাব্লিকেশ্বন, গুৱাহাটী, ষষ্ঠ প্ৰকাশ, জানুৱাৰী, ২০২০ 
নাথ, ডম্বৰুধৰ, অসম বুৰঞ্জী, বিদ্যা ভৱন, যোৰহাট, ২০১৮
শইকীয়া, নগেন, অসমীয়া মানুহৰ ইতিহাস, কথা পাব্লিকেশ্বন, গুৱাহাটী, ২০১৩ 
                         অসমীয়া জাতিৰ ইতিবৃত্ত (আদিম কালৰ পৰা দ্বাদশ শতিকালৈ), অসম সাহিত্য সভা, গুৱাহাটী, বনলতা, তৃতীয় প্ৰকাশ, ফেব্ৰুৱাৰী, ২০০৫


✍ ভাস্কৰজিৎ ফুকন
মৰিয়নী, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)