অভিমানী বৰষুণজাক•খণ্ড ০১ -দিপশিখা ৰাজকোঁৱৰ

@admin
1
বিহু বিহু বুলি ব'হাগৰ মাহটো ক'ব নোৱাৰাকৈ পাৰ হৈ গ'ল।ঢোল পেঁপাৰ শব্দবোৰ লাহে লাহে দূৰণিত ৰিণিকি ৰিণিকিকৈ ভাঁহি নোহোৱা হৈ পৰিছে।গছৰ ডালৰ কুলিজনীয়েও মাতো নামাতোকৈ এবাৰ মাতিছে।কুলিজনীৰ মাত শুনি শিখাই খিৰিকীৰ কাষলৈ আহি মাতিবলৈ ধৰিলে। কুলিজনীয়েও আকৌ এবাৰ মাতিলে। এনেকৈ কুলি জনী আৰু তাই কু কু বুলি বহুত দেৰি মাতিলে। ভাগৰি পৰা কুলিজনীও লাহেকৈ নোহোৱা হৈ গ'ল।তাইৰ আকৌ অভিমান।
•••••• আকৌ এবাৰ মাতা চোন অ মোৰ কুলিজনী।

নাই নামাতে।আকৌ স্তব্ধতা......!
•••••• হ'লনে মোৰ কুলিজনীৰ গান গাই।
•••••• নাই হোৱা যাহ...!

বায়েকে আহি তাইক পিছপিনৰ পৰা মাতিলে।

••••••• খিৰিকী খুলি বহি থাক! ঠিকেই আছে বাৰু কিন্তু তোক কিমান কওঁ যোৱা আগত খিৰিকীখন মাৰি থৈ যাবি।
••••••• তই নুবুজিবি বা। মোৰ এই খিৰিকীখন কিমান প্ৰিয়।
••••••• হ'ব মোৰ কবি পোৱালীজনী।আজি বৰফফলা কিনি দিম দেই।
•••••• নাখাওঁ মই তইয়ে খাবি যা।
•••••• নিজেহে কৈছিলি কিবা বৰ একেবাৰে বৰফফলা কিনি দিবলৈ। বাচ্চা যে তই বৰফফলা খাবলৈ।নে কি? তইয়ো জমাই থাক দেই কিন্তু ভণ্টি।
••••••• হেই যাহ এইজনী।
•••••• তইও বল ভাত খাবলৈ।বৰষুণ আহিব চাগে।
•••••• অভিমানী বৰষুণজাকক মই মাতিছোঁ যে।নাহিলে হ'ব নে। অভিমানী বৰষুণজাক নাহিলে মোক কোনে তিয়াব হা।
•••••• মই পানী ঢালি দিম নহয়।আইৰণ পানীৰ অভাৱ নাই নহয় আমাৰ ঘৰত।
••••••• না না নালাগে যা। মোক অভিমানী বৰষুণজাকৰ টোপালবোৰহে লাগিব।
•••••• কিয় তোৰ পোৱালী বাল্টিটোৱেদি ঢালি দিম আক।
•••••• লগাই দিম মই এতিয়া। কান্দি দিম কিন্তু মোক জোকাই নাথাকিবি।
••••••• আইও মোৰ বগৰী গছজোপাৰ পৰা বগৰী সৰিলে এনেও ভাল লাগে দে।জোকামে কি কৰিব।
••••••• অ মা চোৱানা!

দুয়োজনীৰ কাজিয়া.....! এনেকৈ কিবাকিবি কৰি বায়েকে ভনীয়েকক জোকাই থাকে।তাইও অকণমান কথাতে কান্দি দিয়ে।তাইৰ ফুলোৱা অভিমানী মুখখন চাবলৈকে এইবোৰ কৈ থাকে।

আগলৈ.........!

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment