নীলা খামৰ চিঠি -- চিমি চিদ্দিকা

©Admin
0
 

         

নমস্কাৰ প্ৰিয়তম, কুশলে আছে নে ? 
প্ৰথমতে শতকোটি প্ৰণাম জনাই তোমালৈ বুলি লিখিবলৈ আৰম্ভ কৰিছোঁ আজি দ্বিতীয়খন চিঠি । কিনো লিখো ! অ' এটা কথা জানা; আজি আকাশখন ডাৱৰীয়া হৈ আছে, প্ৰচণ্ড জোৰেৰে ধেৰেকনি মাৰিছে মাজে মাজে চিক্ মিক্ দেখা যায় ! ৰাতিলৈ চাগে বৰষুণ সৰিব । বিজুলীলৈ মোৰ ব'ৰ ভয় লাগে জানা; তুমি যে কৈছিলা মই থাকোতে বিজুলীলৈ কিহঁৰ ভয় ? ভয় নকৰিবা মই আছো নহয় । তুমি যে শিকাই দিছিলা অভিমানী বৰষুণৰজাকৰ ভাষা ! আজি তুমি আতৰি যাব বহু দিনেই হ'ল, এতিয়া মোৰ বিজুলীলৈ ভয় নালাগে জানা; আনকি শব্দৰ বৰষুণৰজকৰ ভাষাও বুজি উঠিছো, নিশংগতাৰ মাজতো নিৰৱে চাই ৰও ৰাতিৰ আকাশ । জোনবাইৰ লগত কিছু মূহূৰ্তৰ বাবে হলেও বাৰ্তালাপ কৰোঁ । নদীৰ কাষৰ ছাঁ দিয়া গছৰ তলত বহি বতাহৰ সুৰ শুনো, বনৰীয়া ফুল- ফলৰ সুৱাস লও, সৰু সৰু পখিলা, হালধীয়া চৰাই বিধৰ নাচোনৰ ভঙ্গীমা উপভোগ কৰোঁ । আজি কিনো চাম ক'লা ডাৱৰেও পথ ভেটিলে! জোন, তৰাবোৰ মেঘৰ আৰত লুকাই গ'ল ! ঠিক তোমাৰ দৰেই, কিন্তু মোৰ মনত তোমাৰ স্মৃতিবোৰ এতিয়াও সজীৱ কৰি ৰাখিছোঁ । জানো হেৰুৱাই যোৱা স্মৃতি দুনাই নাহে উভতি হলেও অপেক্ষা অন্ত নাই ! অপেক্ষা কৰি যাম শেষলৈকে...নাজানো জীৱনৰ শেষ ক'ত তথাপিও সপোনবোৰৰ মাজত জীয়াই থকাৰ মাদকতাই সুকীয়া । পাৰিলো মোক ক্ষমা কৰি দিবা, তুমি সুখী হোৱা মোৰ ফালৰ পৰা হিয়াভৰা মৰম জনালো তোমালৈ, আগন্তুক দিনলৈ ভালে কুশলে থাকা; আশা কৰোঁ মোৰ চিঠিখন পঢ়িবা তুমি আৰু প্ৰত্যুত্তৰ দিবা । আজিলৈ ইমানে 
বিদায় ।।  
( নাই নাই এইখনো কাইলৈ ডাকত দিয়া নহ'ব দেই...আখৰকেইটাও ভাল নহ'ল ! কগজখিলা ফালি পেলাম হয়তো উকা ডায়েৰী পৃষ্ঠাত সোঁৱৰণী কৰি সাঁচি ৰাখিম । ) 

            
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)