অনুভূতিৰ ভাৱনা -দানিয়েল ওৰাং

©Admin
0
আজি এই কথাটো মনত পৰিলে বহুত আচৰিত যেন লাগে। হয়, সঁচাকৈ মনোজে যে কাৰোবাক ভাল পাইছিল। কাৰণ সি হেনো এনেয়ে  সকলোৰে লগত ধেমালি কৰি থাকে। কিন্তু সঁচাকৈ ক'বলৈ ভয় কৰিছিল আৰু তাৰ এইবোৰ কৰিবলৈ ভাল নালাগিছিল। মনোজ এজন সৎ আৰু পঢ়াত ভাল ল'ৰা।
 সেইকাৰণে তেওঁক সকলোৱে মৰম কৰে। তাৰ এটা ভাল গুণ আছিল যে কোনোবাই যদি মন মাৰি থাকে তাক হহুঁৱাইহে এৰিছিল। নহঁহালৈকে সি তাৰ পৰা আঁতৰি যোৱা নাছিল। এদিন বৰষুণ দি আছিল আৰু মনোজে খিৰিকীয়েদি বাহিৰলৈ চাই আছিল। হঠাতে এজনী ধুনীয়া ছোৱালী আহি খিৰিকীৰ ওচৰত থকা বেঞ্চত বহিলে।  মনোজে ছোৱালীজনীক একেথৰে অলপ সময় চাই থাকিল। ছোৱালীজনীয়ে মনোজক মুগ্ধ কৰিলে। সি ভাবিছে যে তাইৰ লগত কেনেকৈ চিনাকি হ'ব পাৰি। প্ৰথমবাৰ মনোজে এনেকৈ ভাবিলে,  কিয়নো ইয়াৰ আগত কোনো ছোৱালীক চাই এনেদৰে ভবা নাছিল।  তাৰ পিছদিনা মনোজ আৰু তাৰ বাইদেউ স্কুললৈ গৈ থাকোঁতে সিহঁতক চাৰিআলিত ৰৈ থকা দেখি মনোজৰ ইমানেই ভাল লাগিছিল যে তাৰ মুখৰ হাঁহিতে গম পোৱা গৈছিল। যেতিয়া সিহঁতৰ ওচৰ পালে আৰু তাইৰ লগত থকা ছোৱালীজনীয়ে মনোজৰ বাইদেউক গুড মৰ্ণিং বুলি ক'লে তেতিয়া মনোজে চক খালে।  সি ভাবিছে যে এইজনী ছোৱালী কোন?  মোৰ  বাইদেউক চিনি পায়?  মনোজে কোন হয় বুলি বাইক সুধিলে। তেতিয়া বাইয়ে চিনাকি কৰাই দিলে যে এইজনী মোৰ বান্ধৱী ৰিতু আৰু সিজনী তাইৰ ভনী নেহা। মনোজে ভাবিছে কিমান যে ভাগ্য ভাল!  যোৱাকালি ভাবিছিলো আৰু আজিয়েই কামটো হ'ল!  মনোজে নেহাৰ চকুলৈ চালে আৰু এটি হাঁহি মাৰিলে। ৰিতুয়ে বাইক সুধিলে, ' এইটো তোমাৰ ভাইটি নেকি?' বাইয়ে 'হয়' বুলি ক'লে। আমি আটায়ে কথা পাতি পাতি স্কুললৈ গ'লো।  সেইদিনাৰ পৰা মনোজে ক্লাছত এনেই বহি থকা দেখিলেই সি তাইৰ ওচৰলৈ গৈছিল আৰু তাইৰ লগত কথা পাতিছিল।  কেতিয়াবা  ছাৰে পঢ়াই থাকোতেও সিহঁতে ইংগিতেৰে কথা পাতিছিল।  স্কুলত পৰীক্ষা হ'লে নেহা য'তেই নাথাকক মনোজে তাইক এবাৰ হ'লেও চাব।  তাৰ লগৰবোৰে সুধিলে কয় যে তাইক নেদেখিলে ভালেই নালাগে।  এদিন স্কুল ছুটী হোৱাৰ সময়ত ইংৰাজী ছাৰে ক'লে --- ' মনোজ আৰু নেহা ৰ'বা। আমাৰ দুজনক কিয় ৰ'বলৈ ক'লে বুলি ভাবি মনোজ মনত ভয় কৰিছিল। নেহায়ে মনোজক সুধিলে,  ' ছাৰে আমাক কিয় ৰ'ব ক'লে?  মনোজে ক'লে ---- 'মই নাজানো।' নেহাৰ চাগে বহুত ভয় লাগিছিল। কাৰণ অলপ সময় ৰৈ তাই ঘৰলৈ গ'লগৈ। মনোজে ভাবিছে যে অলপ সময় ৰ'ব লাগিছিল!  আমি দুয়ো কথা পাতিব পাৰিলোহেঁতেন ! মনোজ অফিচৰ কাষতে থিয় হৈ আছিল।  ছাৰে অফিচৰ পৰা বাহিৰলৈ ওলাই আহি মনোজক ক'লে ----- 'অফিচলৈ আহা।' মনোজে ভাবিছে অফিচৰ ভিতৰলৈ  মাতি মোক পুৰা মাৰিব। ছাৰে আমাৰ কিবা কথা শুনিলে নেকি?  মনোজে ভয়ে ভয়ে অফিচৰ ভিতৰলৈ গ'ল। ভিতৰলৈ সোমাই দেখে যে ছাৰে পৰীক্ষা বহীবোৰৰ পৰা এখন বহী উলিয়াই মনোজক ক'লে ---- 'এইবাৰ লিখিব নোৱাৰিলা নে?  এই ছোৱালীজনী আৰু অলপ লিখা হ'লে তোমাতকৈ বেছি নম্বৰ পালেহেঁতেন। ছাৰজনৰ নাম হ'ল আকাশ শৰ্মা।  মনোজে ইংৰাজীত ৪৭ নম্বৰ পাইছে আৰু তাই ৪২ নম্বৰ। ছাৰে আকৌ ক'লে ---- 'তোমালোকৰ মাত্র কেই নম্বৰমান পাৰ্থক্য আছে।  এজনী ছোৱালীয়ে তোমাক পাৰ কৰি দিলে লাজৰ কথা হ'ব দেই। কাৰণ মনোজ ক্লাছৰ ভিতৰত এজন ভাল ছাত্ৰ।  তেওঁ প্ৰতিবছৰে সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ হয় আৰু ল'ৰাজনৰ স্বভাৱ - চৰিত্র ও কথা- বতৰাৰ ডাঙৰক সন্মান কৰাৰ সকলো গুণ আছে। সেইবাবে ছাৰে তেওঁক বহুত মৰম কৰে। ছাৰে তেওঁৰ ভৱিষ্যতৰ চিন্তা কৰি কথাবোৰ ক'লে।  ঠিক আছে,  এতিয়া তুমি ঘৰলৈ যোৱা। পিছৰ সময়ৰ বাবে সাজু থাকিবা।' নেহা থকা গাঁও খনত এদিন বিয়া আছিল।  বিয়া খাবলৈ তাইয়ো আহিছিল আৰু মনোজো গৈছিল।  মনোজে ভাবিছিল যে আজি নেহাক কথাটো খুলি ক'ব। কিন্তু তাত গৈ কথাটো বেয়াহে হ'ল।  নেহায়ে যেতিয়া মনোজক তাত দেখিলে তাইৰ বহুত ভাল লাগিছিল। কিন্তু মনোজে তাত লগৰীয়াবোৰক পাই তাইৰ লগত যেতিয়া অলপ কথাও নাপাতিলে,  তেতিয়া নেহাৰ মনত বৰ দুখ লাগিল। মনোজে তাত ৰাতিপুৱালৈ থাকিলে। কিন্তু মনোজে নেহাৰ লগত এবাৰো কথা নাপাতিলে আৰু মাতো এষাৰো নিদিলে। নেহায়ে ভাবিলে যে সি তাৰ লগৰীয়াবোৰক পাই মোক একেবাৰে পাহৰি গ'ল। আজিৰ পৰা তাৰ লগত কথাই নাপাতো। পিছদিনা ৰাতিপুৱা দুয়োজনে স্কুললৈ গ'ল।  যদিও টোপনি ক্ষতি হৈছে দুয়োজনে স্কুললৈ গৈছিল। মনোজে নেহাৰ ওচৰত সদায় যোৱাৰ নিচিনা সেইদিনাও গ'ল কিন্তু নেহায়ে মনোজক কথাই নকয়।  মনোজে তাইক সুধিলে --- 'কি হ'ল, তুমি কথা পতা নাই যে।' নেহাই ক'লে --- 'তোমাৰ লগত কথাই নাপাতো।' সিহঁত দুটাৰ মাজত প্রায় তিনিমাহমান কথা- বতৰা নহ'ল। মনোজে এদিন তাইৰ লগৰীয়াবোৰক সুধিলে, তাইৰ লগৰীয়াবোৰে ক'লে--- তুমি বোলে বিয়া ঘৰত তোমাৰ প্রেমিকাৰ লগত কথা নাপাতিলা।' কথাটো শুনি মনোজে গভীৰভাৱে চিন্তা কৰিলে। কথাটো ভাবি -চিন্তা কৰি মনোজে গম পালে যে তাক নেহাও ভাল পাইছিল। মনৰ কথাটো তাইক ক'ব খুজিছিল। কিন্তু সাহস হোৱা নাছিল, সেইবাবে তেওঁ নিজৰ মনৰ কথা নোকোৱাৰ বাবে নেহা মনোজৰ মনত চিৰদিনৰ বাবে থাকি গ'ল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)