চৰকাৰী ঘৰ-বনজিত ডেকা

©Admin
0
যোৱাবছৰ লগোৱা টিনপাটবোৰ পাকঘৰৰ ধোৱা লাগি লাগি ঘামি ফুটিবলৈ ধৰিছেই। বলোৰামে গোটেই দিনটো টাউনত আটাইবোৰ মাৰোৱাৰীৰ দোকান চলাথ কৰি সকলোতকৈ কম দামৰ যেনে তেনে আঠফুটি দুইবান টিনপাত আনিছিল। আঠফুটি মানে প্ৰতিখন টিনপাটৰ দীঘল আঠ ফুট।‌ দুইবান অৰ্থাৎ একবানত নখনকৈ। মুঠ ওঠৰখন টিনপাটেৰে দুষাৰীকৈ পাৰি যেনেতেনে পাকঘৰটো সাঁজিছিল। আজি এবছৰ পাৰ নৌহওঁতেই এই দশা। অৰ তৰ ক'ত কিমান যে জোৰা টোপোলা মাৰি, দিন হাজিৰা কৰা প‌ইচা নাখায়-নলয় সাঁচি এইখিনি আনিছিল। সেয়াও এবছৰতে যাওঁ যাওঁ। মুঠতে বলোৰামৰ জোৰা টোপোলাৰো বান্ধ নৰয়হে নৰয়। ঘৰখনত প্ৰাণী বুলিবলৈয়ো তিনিগৰাকীয়ে। খাওতা যদিও দেখাত কম তথাপি বিয়াৰ পাছৰে পৰা ঘৰখন চিজিল কৰি আনিব পৰা নাই বলোৱে। এশ এটা কথা ভাবি কেইদিনমানৰ পৰা বলোৰ চকুত টোপনি নাই। মাত্ৰ এবছৰ হ'ল কিবাকৈ টিনপাটখিনি লগোৱা। সেই টকাৰো কিছুঅংশ ধাৰ আছে পৰিশোধ কৰিবলৈয়ে। নতুনকৈ আৰু যোগাৰ কৰো ক'ৰ পৰা। নহ'লে এইবাৰ বাৰিষা আকৌ হ'ব আগৰ অৱস্থা। খাই বৈ টোপোলা বান্ধা। বোলো এনেকৈ চাই থাকিলে নহ'ব। এইবাৰ সিহঁতৰে গাৱৰ পঞ্চায়ত প্ৰধানৰ লগত বেছ উঠা বহা কৰা মানুহ নৰেন ডেকাক লগ কৰিবই লাগিব। যেনেতেনে ঘৰ এটা দিবলৈ কব‌ই লাগিব। যি কৰিব কয় তাকে কৰি দিব। মুঠতে কাইলৈ পুৱা গৈ তেওঁক ভালদৰে বুজাই ক'ব। এইদৰে গোটেই ৰাতি ভাবিগুণি ৰাতিপুৱাই দিন হাজিৰা কৰিব এৰি বলো ওলাল নৰেন ডেকাক বিচাৰি। ডেকাৰ ঘৰৰ পদূলি পাই দেখে জপনা বন্ধ। সেইদিনা খালী হাতে ঘূৰি আহি বলো ওভতিল নিজ ঘৰলৈ বুলি। তাৰ পাছৰ দিনা কাউৰী মাটিত নপৰোতেই বলো ওলাল নৰেন ডেকাৰ ঘৰ। গৈ পোৱাৰ পাছত ডেকাৰ পত্নীয়ে কোলাত কেচুৱা লৈ মাত লগালে। কিহে বলো দাদা আজি দেখোন ৰাতিপুৱাই আহি ওলালহি। সকলো ঠিকে থাকে আছেতো। বাৰু বহকচোন। কিবা কামত আহিলে চাগে। মই মানে । মানে...। বলোৰ মুখৰ মাত অস্পষ্ট। অ' বুজিছো বুজিছো। এখেতক কিবা ক'ব আহিছে। ৰ'ব কৈ দিছোঁ ৰ'ব আপুনি অহা বুলি। এইবুলি ডেকাৰ পত্নীয়ে ভিতৰলৈ সোমোৱাৰ কিছুসময় পাছতে নৰেন ডেকা আহি বলোৰ কাষত বহিল। অ' দাদা আজি আমাৰ ফালে যে। কিবা অসুবিধা নেকি ? বলোই কত কিমান যে ভাবি গুণি আহিছিল মনত এনেকৈ কম তেনেকৈ কম। কিন্তু সময়ত মুখেৰে একো কব নোৱাৰা হৈ চিধাই ক'লে। এবাৰ আমাৰ ঘৰলৈ যাবাচোন। বৰ অসুবিধাত আছোঁ আমি বোপা। কিবা এটা কৰা তুমিয়ে।‌ কথাখিনি কৈয়ে বলোকাই বিদাই ল'লে ডেকাৰ একো উত্তৰলৈ বাট নাচাই। ঘৰলৈ আহি বলোৰ পত্নী পদুমীক ক'লে সকলো ভাঙি পাতি। দুয়ো এবাৰ ঘৰখনৰ ভিতৰলৈ এবাৰ ওপৰলৈ এনেকৈয়ে চাই কোনেও কাকো একো নোকোৱাকৈ দুয়ো দুয়োৰে কামত লাগিল। এনেতে বাহিৰত মটৰ চাইকেলৰ শব্দ। মটৰ চাইকেলৰ শব্দ শুনি বলোই চিধাই লৰ দিলে বাটলৈ। দেখে এয়া কাহানিও তেওঁলোকৰ ঘৰলৈ নহা নৰেন ডেকা। আদৰ সাদৰ কৰি আনি চোতালতে চকী এখন দিলে পাৰি। বহক বহক। এয়াই আমাৰ ঘৰ । দেখিছাই নহয়। সকলো পিনে জহি খহি গৈছে। একো এটা উপায় নেদেখিহে তোমাৰ কাষ চাপিলোঁ। বলোৰ কথাখিনি শেষ নহোতেই নৰেনে খৰধৰকৈ ক'ব ধৰিলে। হ'ব হ'ব । ম‌ই কি কৰিব পাৰো চা‌ও। কিবা এটা কৰিম। পাছে খৰচ অলপ হ'ব কিন্তু। এতিয়া হাতত কিবা আছেনে! বলোই ঘৰৰ ভিতৰলৈ সোমাই গৈ পত্নী পদুমীক ক'লে। দেচোন। তোৰ হাতত কি আছে। পদুমীয়ো উপায়হীন হৈ পৰাৰ দৰে থৰ লাগি চাই ৰ'ল বলোৰ ফালে। ক'ৰ পৰানো কি দিও। দুয়ো মূৰে কপালে হাত থৈ ভাবিব ধৰিলে। তেনেতে বাহিৰৰ পৰা মাত । বলোকাই মোৰ দেৰি হৈছে। এঠাইলৈ যাব লগা আছে।‌ হেৰি ৰ'ব। পদুমীয়ে ক্ষীণ মাতেৰে বলোক ক'লে।‌ তাৰ কিতাপৰ খৰচৰ বাবে টকা দুশ সাঁচি ৰাখিছিলো। সেইখিনিকে লৈ যাওঁক। এইবুলি পদুমীয়ে এফালে আশা আনফালে মনত বেজাৰ লৈ টকাদুশ বলোৰ হাতত তুলি দিলে। বোপা এইখিনিয়ে আছিল আমাৰ ঘৰখনত। টকাখিনি হাতত লৈ নৰেনে ক'লে। আজিকালি চিষ্টেম বহুত কাঢ়া বলোকাই। প্ৰতিখন টেবুলতে দিব লাগিব ভাগ। তথাপি ম‌ই কি কৰিব পাৰো চাও। চিন্তা নকৰিবা কিবা এটা হ'ব। মই এতিয়া যাও কাইলৈ আকৌ আহিম। নৰেন যোৱাৰ ফালে নেদেখালৈ দুয়ো পতি পত্নী বহুপৰ চাই ৰ'ল। এফালে চৰকাৰী ঘৰৰ আশা আনফালে সৰ্বোচ্চ হেৰুৱাৰ বেদনা। পাছদিনা নৰেন আহি বাটৰ পৰাই হৰ্ণ বজাই বলোকাই অ' বলোকাই বুলি মাত লগালে। নৰেনে খৰধৰকৈ দৌৰি গৈ বোপাই কিবা খবৰ বুলি বৰ আশাৰে তাৰ উত্তৰলৈ বাট চাই ৰ'লে। যেন এতিয়াই নৰেনে ক'ব। তোমাৰ কামটো হৈ গ'ল বলোকাই। কোৱা কোনখিনি ঠাইত ঘৰটো সাজিবা। মুহূৰ্ত্ততে কত কিমান যে কথা বলোৰ মন মগজুত দৌৰিব ধৰিলে হিচাপ নাই। কি ভাবি আছা বলোকাই। নৰেনৰ মাততহে বলোৰ চিত ঘূৰি আহিল। তোমাৰ কামটো হ'ব। মই ওপৰমহলত কৈছোঁ বুজাই। বহুত কাকূতি মিনতি কৰি দহ হেজাৰত ঠিক কৰিছোঁ। এয়াও কেৱল তোমাৰ বাবেহে। চাবা কিন্তু ভুলতো যাতে এই কথা কাৰো কাণত নপৰে। কথা ফাদিল হ'লে তুমি ঘৰো হেৰাবা দিয়া টকাও।‌ আজি সন্ধিয়ালৈ টকাখিনি হ'বনে ? ম‌ই এতিয়া যাও। যদি টকাৰ যোগাৰ হয় মোক ৰাতি আহি লগ কৰিবা। কাইলৈ অফিচত জমা দিলে এই মাহতে তোমাৰ কাম হৈ যাব। এইবুলি কৈ নৰেন আগবাঢ়িল। থিতাতে বলো যেন থৰ হৈ পৰিল। মুখৰ কথা, চিন্তা সকলো স্তব্ধ।‌ ইমানখিনি টকা দিনটোৰ ভিতৰতে যোগাৰ কৰে ক'ৰ পৰা। পিছপিনৰ পৰা পদুমীৰ মাততহে তাৰ দেহত তৎ ঘূৰি আহিল। সকলো কথা বলোৰ মুখৰ পৰা শুনি পদুমীৰো মুখৰ মাত হেৰাল। কিন্তু এফালে চৰকাৰী ঘৰৰ আশা আনফালে জীৱনৰ যাতনা। ক'লৈ যাব কি কৰিব দুয়ো হ'ল উপায়হীন হ'ল। কিছুপৰ দুয়ো মনে মনে থকাৰ পাছত পদুমীয়ে লাহেকৈ মাত লগালে। হেৰি মোৰ ৰূপৰ গহনাখিনি বেছিনো কিমান টকা পাব। তথাপিও হাজাৰ দুহেজাৰটো পাব। বাবুক মোমায়েকে সৰুতে দিয়া সোঁণৰ চেইনডালো যদি দিও তথাপিও হ'বনে। বলোৰ সৰু সৰু মাতৰ উত্তৰ। নহ'ব ও পদুমী। ৰ'চোন ম‌ই এঠাইৰ পৰা আহো । এইবুলি বলোই চিধাই খোজ ল'লে গাৱৰ মূৰৰ টকা সূদত দিয়া পৰীক্ষিত তালুকদাৰৰ ঘৰলৈ বুলি।‌ বলোৰ পৰা পৰীক্ষিত তালুকদাৰে হাজাৰ চেষ্টা কৰিও উলিয়াব নোৱাৰিলে কি কামৰ বাবে তাক টকা লাগে। মাথো বলোৱে বাৰে বাৰে ক'লে। এই কাগজখিনি ল‌ওঁক মোৰ ঘৰ মাটিৰ। মোক টকা দহ হাজাৰ যেনেতেনে দিয়ক।‌ চতুৰ পৰীক্ষিতেও জানে দহ হাজাৰ টকাৰ তুলনাত বলোৰ থকা ঘৰ মাটিৰ মূল্য বহু বেছি। সেয়ে কিছুসময় ভাবি গুণি দিলে বলোৰ হাতত টকাখিনি তুলি। আনফালে চুক্তি। মাহকত সূদ দিয়াৰ ওপৰিও প্ৰতিমাহে দুদিনকৈ হাজিৰা কৰিব লাগিব বুলি। সকলো চৰ্ত মানি বলোই টকাখিনি বুকুত বান্ধি লৈ চিধাই ঘৰ ওলালহি। কথামতে সন্ধিয়া বলোৰাম যাব নৰেনৰ ঘৰলৈ। কিন্তু বলোৰাম যাবলৈ ওলোৱাৰ আগতে নৰেন আহি হাজিৰ বলোৰ পদুলিত।‌ ম‌ই এফালে যাবলৈ ওলাইছোঁ। বোলো খবৰ এটাকে লৈ যাও কিবা যোগাৰ হ'লনে বুলি। কাগজ‌ এখনত মেৰিয়াই পলিথিনত ভৰাই কত যতন কৰি টকাখিনিৰ দিনৰ দিনটো ৰখীয়া হৈ আছিল পদুমী। সেইখিনিকে নৰেনৰ হাতত দিলে তুলি। লগতে দুয়োৰে হাতযোৰ কৰি অনুৰোধ এয়া আমাৰ সৰ্বোচ্চ বোপা। বাকী আমাৰ সকলো তোমাৰ ওপৰত নিৰ্ভৰ। নৰেনৰ আখৈফুটা মাতেৰে উত্তৰ।‌ চিন্তা নকৰিবা। এই মাহতে ভাল খবৰ পাই যাবা। এইবুলি কৈ নৰেন গ'ল আগবাঢ়ি। 
দুয়ো বাটৰ পৰা চোতাল পায়ে এফালে সৰ্বোচ্চ হেৰোৱাৰ দুখ আনফালে ঘৰখন ভাল হোৱাৰ সুখৰ অনুভৱৰ সাগৰত বুৰ। বলোৱে গহীন গম্ভীৰ মাতেৰে পদুমীক ক'লে। এইবাৰ বাৰিষা আহিলে ভয় কৰিব নালাগে দেই পদুমী। ঘৰখন পানী নপৰা হ'ব। 
এদিন দুদিনকৈ নৰেনৰ খবৰ এমাহলৈ নোহোৱা হ'ল। এমাহৰ পাছত বলোৱে নৰেনক বিচাৰি তেওঁৰ ঘৰ গৈ ওলালে। লগ হ'লে নাপালে। এই যে এমাহ আগত টকা দিছিলে সেই দিন ধৰি নৰেনক দেখাই নাপালে।‌ পত্নীক লগ ধৰিলেও কয় প্ৰতিদিনে ঘৰত নাই বুলি।‌ মুঠতে কোনোপধ্যেই নৰেনক লগ কৰাৰ উপায় নাপালে। ইফালে সূদখোৰ পৰিক্ষীতে সকলো নিলে কাঢ়ি। 
কিছুবছৰ পাছত টাউনৰ পদপথত ভিক্ষাৰীৰ মাজত নৰেনৰ সন্তানৰ জন্মদিনত খোৱা বস্তু বিলাই থাকোতে চিনাকি মাত আৰু হাত এখন দেখি খন্তেকৰ বাবে নৰেন ৰ'ল থমকি।‌ নৰেনে ভালদৰে চিনি পালে। এয়া বলো আৰু পদুমী। বহাৰ পৰা থিয় হ'ব বিচৰা বলোৰ হাতখনত জোৰকৈ খামুচি ধৰি ভিক্ষাৰ পাত্ৰটো আগবঢ়াই দি পদুমীয়ে মাথো ক'লে। আমাকো দিয়ক কিবা এটা দাদা আপোনাৰ পৰিয়ালৰ ভাল হ‌ওক বুলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)