অবুজন মন-শিল্পী দাস

©Admin
0
চাৰিওফালে বিভীষিকা
অন্তৰস্পৰ্শী বেদনা,
আশাবোৰ আধৰুৱা
ইফাল-সিফাল সকলো ফাল
জীৱন যুঁজৰ প্ৰত্যাহ্বান।

মনৰ সপোনবোৰ
অজান দেশৰ বাসিন্দা
কাতৰ হৃদয়ত কেৱল যন্ত্ৰণা,
অবুজন মন তথাপিও
কৰে অসম্ভৱ কামনা-বাসনা।

জঞ্জাল জীৱনৰ বুকুয়েদি
সৰাপাতেও সপোন ৰচে,
কলিজাৰ এচুকত
একান্তত বহি।

অসহায় হাঁহাকাৰ জগত
অনুভৱবোৰও কিছুমান মিছা,
অবুজন মন মোৰ
একোকে নুবুজে।

          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)