সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১) অসমত আহোম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- অসমত আহোম ৰাজবংশ চাওলুং চুকাফাই  ১২২৮ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল।

২) চুকাফাই চৰাইদেউত কিমান চনত ৰাজধানী পাতিছিল ? 

উত্তৰ:- ১২৫৩ খ্ৰীষ্টাব্দত ।

৩) কোনজন ৰজাৰ ৰাজত্বকালৰ পৰা ব্ৰাহ্মণ্য ধৰ্মই আহোম ৰাজসভাত স্থান পায়? 

উত্তৰ:- চুদাংফা ।

৪) 'শিঙৰী ঘৰত উঠা উৎসৱ' কোনজন ৰজাৰ দিনৰ পৰা আৰম্ভ হয় ? 

উত্তৰ:- চুদাংফা ।

৫) 'বামুণী কোঁৱৰ ' হিচাপে কোনজন আহোম ৰজা জনপ্ৰিয়? 

উত্তৰ:- চুদাংফা।

৬) কোনজন আহোম ৰজাই হিন্দুমতে 'স্বৰ্গনাৰায়ণ'উপাধি লৈছিল?

উত্তৰ:- চুহুংমুং ( দিহিঙ্গীয়া ৰজা) 

৭) কোন ৰজাৰ দিনত চুতীয়া ৰাজ্য পতন ঘটে আৰু 'ৰিক‌্খান উৎসৱ' পালন কৰি সেই অঞ্চলৰ শাসনৰ দায়িত্ব শদিয়াখোৱা গোহাঁইক দিয়া হয় ? 

উত্তৰ:- চুহুংমুং ।

৮) কোনজন আহোম ৰজাই 'বৰপাত্ৰ গোঁহাই' পদৰ সৃষ্টি কৰিছিল ? 

উত্তৰ:- চুহুংমুং ।

৯) মূলা গাভৰু কাৰ পত্নী আছিল ?

উত্তৰ:- ফ্ৰাচেংমুং বৰগোহাঁই ।

১০) কোনজন ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা হয় ? 

উত্তৰ: চুক্লেংমুং ( গড়গঞা ৰজা )

       সংগ্ৰাহক - মধুমিতা গগৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)