অসমী আইৰ চকুলো -মিন্টু গোৱলা

©Admin
0
অসমী আইৰ চকুলো
মুক্তি নোৱাৰিছে ।

অসমী আইৰ চকুলো আজি বৰকৈ
টোপা-টোপে পৰিছে , হৃদয় বিদাৰি।
জনতাই চিঞৰিছে, কিন্তু চৰকাৰ 
কাণসাৰ নাই।

ধ্বংস হ'ব জাতি ,মাটি ,ভেটি ভাষা সংস্কৃতি
তথাপিও কাণসাৰ নাই চৰকাৰৰ।

অসমী আইক ধ্বংস পথ আনিছে
আজিৰ চৰকাৰে অসমী আই ধ্বংস
হ'লে আমিও হ'ম ধ্বংস।

অসমী আমাৰ জননীৰ জন্মদাতা মাতৃ
আজি মাতৃক নিচিনি,জাতিক নিচিনি
ভাষা নিচিনি কৰিছে অসমক ধ্বংস।

শ শ জনতাই চিঞৰিও লাভ নাই।
অসমীক বেচিবলৈ বিদেশত , জনতাইৰ গৰ্জন শুনা নাই চৰকাৰে শুনিও নীৰৱে আছে চৰকাৰ।

জনতাৰ চিঞৰি অসমী আইৰ চকুলো
দুয়ো নামিছে আইৰ বুকুত ।
জয় হ'ব কোন ?
জনতাৰ

অসমীৰ আইৰ চকুলো মুচিব শত শত
জনতাই আই তুমি থিৰ হোৱা ।

আমি আছোঁ তোমাৰ কাষত থাকিম ও
চিৰকাল তোমাৰে কোলাত।
 -জয় আই অসম

(কা আন্দোলনত লিখা,  এটি অনুভৱ।)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)