গাঁৱৰ মাজত-সৌৰভ কুমাৰ বৰুৱা

©Admin
0
গোলাকাৰ ষ্টেডিয়াম খনৰ মাজত
উত্তেজনাময় ক্ৰিকেট খেলখন চলি আছে ।
চাৰি ছয় বাউন্দেৰী আউটৰ মূহুৰ্তে মূহুৰ্তে 
চাৰিওফালৰ গেলাৰিত বহি বহি
ক্ৰীড়া প্ৰেমী সকলৰ শিহৰিত চিঞৰ বাখৰ ।
এক মূহুৰ্তৰ বাবেও কোনো দৰ্শকে
ষ্টেডিয়াম এৰি যোৱা নাই ।
ক্ৰিকেটৰ বাহিৰে
কোনো  দৰ্শক সকলৰ মনত
আন একো নাই ।
কেইদিনমানলৈকে বাটে ঘাটে 
পান দোকান তিনিআলিৰ চ'কত 
মুখ ৰুচক হৈ থাকে ক্ৰিকেট।

যমপুৰীত পাপীৰ শাস্তিৰ কথাবোৰ
মনত পেলাই কাৰ নো ফুৰ্তি লাগে !
কাৰ নো আশা আৰু ভোগ বিলাস এই পুৰীত এৰি সিপুৰীলৈ যাবৰ মন ?
সেয়ে মৃত্যুৰ কথা ভাবিবলৈ বৰ ভয় লাগে ।
জৰুৰী কাম এটাৰ কথা 
হঠাৎ স্বভাৱগত ভাৱে জোৰকৈ মনলৈ আহি যায় ।
মৃত্যুৰ কথাবোৰ পাহৰি থাকিব খোজো ।
সেয়ে হয়তো মৰিশালিবোৰ সততে 
অলপ আঁতৰৰ কোনো জনপ্ৰাণীহীন
নিজান নিমাওমাও 
আছুতীয়া ঠাইত পতা হয় ।
সততে মৰিশালিবোৰ দেখি দেখি
আমাৰ দুস্কৰ্ম পাপ অন্যায়বোৰ 
যাতে সঘনাই মনত পৰি নেথাকে !

ঠিক ক্ৰিকেট ষ্টেডিয়ামটোৰ দৰেই
এইবাৰ গাঁৱৰ মাজত পথৰ কাষতে
সাৰ্বজনীন শ্মশান এখন তৈয়াৰ কৰিম ।
চাৰিওফালে আমিবোৰ থাকিম ।
তাতেই গাঁৱত মৃতক সকলক দাহ সংস্কাৰ কৰিম ।
যিমান বাৰ অহা যোৱা নকৰোঁ কিয়
তাতেই সিমান বাৰ মৃতকৰ ছাইবোৰ
চাই চাই নৰকৰ শাস্তিলৈ 
বাৰে বাৰে মনত পেলাম ।

গাঁওখন পূৰ্বতকৈ সলনি হ'ব 
নিচাখোৰ, ঘোচখোৰ, অহংকাৰী, 
অত্যাচাৰী, বলাৎকাৰী, সুদখুৰ
পাপীবোৰ‌ হ্ৰাস হ'ব ।
ঈশ্বৰে কৃপা বৰষুণ দি থাকিব 
উত্তৰ পুৰুষসকল সেই বৰষুণত গা ধুব ।

গাঁওখনৰ সোঁ মাজত পথৰ কাষতেই
এইবাৰ ৰাজহুৱা 
এখন শ্মশান পাতিম ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)