হে মহাবাহু ব্ৰহ্মপুত্ৰ-মাৰ্জিনা বেগম

©Admin
0
দেখা নাই তোমাৰ দৰে 
এনে দীঘল সুঁতি 
মহামিলনৰ গহীন গম্ভীৰ গতি ,
শুনিছোঁ মনোৰম মানসৰ কাহিনী
 চিৰ প্ৰৱাহিত ব্ৰহ্মাৰ নন্দন 
 মহাবাহু ব্ৰহ্মপুত্ৰ তুমি !

তোমাৰ কোমল বুকুত কঢ়িয়াই 
সভ্যতা-সংস্কৃতিৰ  গৌৰৱময় 
কত অতীত বুৰঞ্জী,
 অনন্ত বাৰিধাৰাক সাক্ষী কৰি
তোমাৰ শ্যামল দুয়োটি পাৰ
যুগে যুগে গৰিমামণ্ডিত।

ঊষা- অনিৰুদ্ধ, কৃষ্ণ- ৰুক্মিণীৰ
প্ৰেমৰ মধূময় মিলন গাথা 
নল-দময়ন্তীৰ বিৰহৰ হা-হুতাশা
 লাচিত বৰফুকনৰ ৰণদুৰ্মদ ভাষা 
বীৰ চিলাৰায়ৰ জয়গীতি কথা...
এনে কত অতুলনীয় স্মৃতি 
গৌৰৱময় ইতিহাসৰ পাতত আছে জিলিকি।

ইমূৰৰপৰা সিমূৰলৈ বৈ তুমি 
বিস্তীৰ্ণ পাৰৰ অসমী আইক 
ধৌত কৰি গঢ়ি দিলা পৱিত্ৰ ভূমি ,
শংকৰ- মাধৱৰ বৰগীতৰ সুৰেৰে 
প্ৰতি পুৱা - গধূলি তোমাৰ বুকুত
ঢৌৱে ঢৌৱে সুৰৰ সুষমা ৰচে .....
গান গায় বশিষ্ঠৰ সন্ধ্যা-ললিতা-কান্তাই।

প্ৰেৰণাৰে ভৰা তোমাৰ বহল বুকুত 
মহামিলনৰ এনাজৰীৰে বান্ধি
সভ্যতা -সংস্কৃতিৰ বৰভেটিত,
আজি কিয় এই ৰণচণ্ডী মুৰ্ত্তি ধৰি 
মৌচুমী নিগৰিলেই  উঠা গুজৰিগুমৰি?

হে মহাবাহু ব্ৰহ্মপুত্ৰ!
 কিহৰ বেদনাত তোমাৰ বুকুত পোৰণি?
কোৱা আজি বিষাদৰ পেৰা খুলি 
ভগাম দুয়ো দুয়োৰে দুখৰ কাহিনী .... 
আৰু পাতিম মুখাধাৰী হৃদয়হীন 
মানুহৰূপী অমানুহৰ  সুকৃতীৰ কথা ।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)