হাঁহিচম্পা এপাহ উপহাৰ - বিনীতা মেছ

©Admin
0
তেওঁৰ হাঁহিচম্পা স্পৰ্শৰে মই কবিতা লেখোঁ 
মোৰ কলিজাত শুই থকা আজন্ম প্ৰেমিক চৰাই 
মোৰ বুকুৰ কথা 
মোৰ অনুভৱ ভৰা খেয়ালি মনৰ কথা নিশাৰ নিৰ্জনতাক উজাৰি দিওঁ 
নিজৰ্নতাই শুনে মোৰ কথাবোৰ 

নীৰৱতাই কবিতা লেখে 
মোৰ কেচাঁ কলিজাত খোচ মাৰি সোমাই থকা অনুভৱক জীপাল কৰে 

মোৰ বিদীৰ্ণ হিয়াত
জুমি চালেই দেখিবা
দুখৰ চেকুৰা 
মগ্ন অনুভৱত
শব্দৰ আঁচলেৰে ঢকা
মোৰ বিষন্ন কবিতা ।।

                        ✍️ বিনীতা মেছ 
                               ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)