ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন •খণ্ড ৫৭ -নবীন চন্দ্ৰ মেধি ।

@admin
0
নিৰ্মল কুমাৰৰ বন্ধু হৰেণ শইকীয়াই পৰহীদিনা ফোন কৰিছিল । 

: তই কোম্পানীৰ চাকৰি কৰিবলৈ যাম বুলি কৈছিলি যে যাবি নেকি ? যাৱ যদি টিকট কাটিবলৈ আধাৰ কাৰ্ডখন পঠিয়াই দিবি । আমি পাঁচ ছয়টা মানে একেলগে যাম । 

সি যোৱা দুবছৰ ধৰি অসমৰ বাহিৰত আছিলগৈ । বিহুৰ বতৰত ঘৰলৈ আহিছিল । দুমাহমান ঘৰত থাকি আকৌ যাব । কোম্পানীৰ কাম কৰে । যোৱাবছৰ সি তাৰ সতে যোগাযোগ কৰিছিল কাম ভাল হ'লে কবি পাৰিলে মইয়ো যাম । গুৱাহাটীৰ আমিনগাঁওলৈ সি যোৱাবাৰ গৈছিল যদিও তিনিদিন কাম কৰি উভতি আহিছিল । 

 এইবাৰ অসমৰ বাহিৰলৈ যোৱাৰ কথা চিন্তা কৰিছে । ইমান বছৰে অসমত থাকি তিতা কেঁহা লাগি গৈছিল তাৰ । এইখন চৰকাৰে একো সুবিধা প্ৰদান নকৰিলে যেতিয়া ইয়াত থাকি লাভ নাই । সি অসমৰ বাহিৰত থাকিব , তাতে কোম্পানীৰ চাকৰি কৰিব । মন গ'লে কেতিয়াবা ঘৰলৈ উভতি আহিব । দৰমহা বৰ ভাল নহয় যদিও খাই বৈ চলিব পৰা বিধৰ হ'লেই হ'ব ।


 স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতো আজি বিশ বছৰে অসমত সেইখিনি দৰমহা দিব পৰা কোনো মাই কা লালৰ জন্ম নহ'ল । না তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে দিব পাৰিলে , না সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰে দিলে , না হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিব পাৰিলে । অৰ্থহীন এই ৰাজ্যৰ চৰকাৰী ব্যৱস্থা । কেৱল ভোট প্ৰদান কৰিব লাগে সিহঁতক ৰজা পাতিবলৈ তাৰ বাদে যেন আন কোনো অৰ্থ নাই । ভোট প্ৰদান কৰিবলৈ মাথো জীয়াই থাকা । নিৰ্বাচনৰ আগলৈকে হাত যোৰ কৰি ভোট ভিক্ষা কৰিবলৈ ঘৰে ঘৰে আহিব আৰু নিৰ্বাচন পাৰ হৈ গ'ল মাত্ৰে আপোনাক কোনোৱে মনত নাৰাখে । সকলো প্ৰতিশ্ৰুতি পাহৰি যায় । আমি ৰজা হ'ম তহঁতৰ ভোটেৰেই আৰু শাসনৰ লগতে শোষণো কৰিম । এয়াই যেন গণতন্ত্ৰ । গতিকে সি গণতান্ত্ৰিক চৰকাৰ গঠনৰ ঘোৰ বিৰোধী হৈ পৰিছিল । এইবাৰ সি কাকো ভোট প্ৰদান নকৰিলে । ভোট বৰ্জন কৰিছিল সি । ভোট প্ৰদানো নকৰে আৰু চৰকাৰী দৰমহাৰো আশা নকৰে । 

বয়স কাৰোঁ বাবে ৰৈ নাথাকে । জীৱনৰ আধাতকৈ বেছি বয়স পাৰ হৈ গ'ল । আৰু কেইটামান বছৰ হয়তো বাকী আছে । এইকেইটা বছৰো যদি অথলে যায় তেন্তে নিজৰ জীৱনটো বৰ্বাদ হ'লেই ভৱিষ্যত জীৱনো অন্ধকাৰ হৈ পৰিব । ল'ৰা ছোৱালী পৰিবাৰ এই সকলোৰে অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিব । গতিকে সি এইবাৰ অসম ভূমি ত‌্যাগ কৰাৰ কথা চিন্তা কৰিছে । 

হৰেণৰ ফোন অহাৰ পিছত সি নিজেই সিহঁতৰ ঘৰলৈ গৈ আধাৰ কাৰ্ডখন জমা দিলে । অসমত সি আৰু মাষ্টৰগিৰি নকৰে । ইমান বছৰে শিক্ষকতা কৰিও যেতিয়া সি চাকৰিটোৰ পৰা বঞ্চিত হ'ব লগা হ'ল , ইমান দিনে টেট শিক্ষকৰ চাকৰি লাভ কৰিবলৈও সক্ষম নহ'ল , তেতিয়া আৰু শিক্ষকতা নকৰোঁ বুলি সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিছিল । নালাগে আৰু শিক্ষকৰ সন্মান । এইখন চৰকাৰে শিক্ষকসকলক কিমান সন্মান কৰে জানিবলৈ বাকী নাই । গতিকে ধন আৰ্জন কৰাটো প্ৰধান ধৰ্ম । ধন নহ'লে ভৱিষ্যতে আকৌ আজিৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে । সেয়ে ত্যাগ স্বীকাৰ কৰিবই লাগিব । গতিকে সি পৰিয়াল পৰিজনক অকলশৰীয়া কৰি এৰি থৈ আঁতৰি যাবলৈ বাধ্য । সময়ৰ হাতত সকলো এৰি থৈ যাব । 

মই থাকো ইপাৰে
তুমি থাকা সিপাৰে
মাজতে ব্ৰহ্মপুত্ৰ নদী ।
শ্ৰীমন্ত শংকৰে 
পাৰ ভাঙি দিলে , 
বহে ব্ৰক্ষ্মাণ্ডক ভেদি ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)