অসুখ---পাপুল মৰাণ

©Admin
0
লিখি থওঁ বুলিও 
লিখিব নোৱাৰোঁ 
হৃদয়ৰ সমস্ত দুখ

চিঞাহীৰ আখৰবোৰত 
জিলিকি থাকে ৰক্তাক্ত মুখ

যোৱাবোৰতো গুচি গ'ল 
বিচাৰি বিচাৰি
এসাগৰ সুখ

সপোনবোৰহে মাখো পৰি থাকে
 ইনাই-বিনাই 
মাজে মাজে কৈ

এতিয়া হেনো পৃথিৱীৰ অসুখ।

            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)