জলীয়া অংশযুক্ত লৈ দুচকুত
নিঁথৰ দেহাটিৰে
ৰৈ থকা ভিখাৰীজনী আকৌ
লগ পাব।
সেই একেই ঠাইডোখৰতে
য'ত এৰাই চলিবলৈ অহৰহ বিচৰা হৈছিল।
হাজাৰ হাজাৰ মানুহ সেই বাটেৰে
অহা- যোৱা কৰি থাকিব।
বহুতে হয়তো নানান ধৰণৰ প্রশ্নওঁ কৰিব
ইয়াৰ আঁৰৰ কাহিনী কি?
ভিখাৰীজনীয়ে মিচিকীয়া হাঁহিৰে
কয় পেলাব -
নুবুজিবা তুমি বাদ দিয়া। মোক এনেদৰে থাকিবলৈ দিয়া।
তেওঁ ভালদৰে বুজে এই জগতত
কাৰোৱে আপোন হ'ব নোৱাৰে আৰু
ক'লেই যেনিবা তেওঁৰ দুখ-কষ্টখিনি আঁতৰাব পাৰিবনে?
কেতিয়াবা অশ্ৰুগ্ৰন্থিৰ পৰা নিগৰি অহা
লুণীয়া অশ্ৰু জোৰকৈ ধৰি ৰাখি অকৃত্রিম হাঁহিৰে ৰৈ থাকিব।
সেই বাটতে লগ পাব হাঁহিমুখীয়া ভিখাৰীজনী নিঁথৰ দেহাটিৰে।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ