শ্ৰমিক দিৱস উপলক্ষে,শ্ৰমিক বেদনা---নিজৰা বৰ্মন ডেকা

©Admin
0


     

খাটি খোৱা শ্ৰমিক আজি ক্লান্ত
ভাগৰ জিৰোৱাৰ যে নাই সাধ্য
কাৰণ শ্ৰমজীৱী তেওঁ এটি যন্ত্ৰ৷
এওঁ লোক নিম্ন শ্ৰমজীৱী 
যাৰ পেটত পৰা নাই 
দিনৰ দিনটো খুদকণৰ দানা এটি ৷
তেওঁলোক তথাকথিত সভ্যসমাজৰ মালিক
শোষণৰ বাঘজৰীৰে কপাই চিৰকাল
 সুখৰ টোপনিত হৈ পৰে লালকাল ৷
জীৱন যুঁজত জুৰুলা ক্ষুধাৰ্থ শ্ৰমিক আজি
নায্যপ্ৰাপ্য বিচাৰিলে হয় ৰঙাঘৰৰ আলহী
এইয়াই মানৱ সভ্যতাৰ পূৰ্ণ বিকাশৰ চানেকি ৷
মাটিত পেলাই ঘাম কপালৰ
হাতৰ তলুৱাত ফুটাই কৰ 
শ্ৰমিকে সপোন ৰচে সন্তানক শিক্ষিত কৰাৰ ৷
নিজস্ব শ্ৰমদান কৰি সহস্ৰ শ্ৰমিকে আজি
মানৱতাৰ জয়গান গাই
গঢ়ি তোলে মালিকৰ অট্টালিকা বিলাসী ৷
ৰ’দ বৰষুণ কাটি কৰি 
আত্মাভিমান পৰিহৰি
শ্ৰম কৰে আপোন পৰিয়াললৈ৷
শ্ৰমৰ মূল্য নুবুজে মালিকগোষ্ঠী 
জিৰণিৰ অৱকাশ নিদিয়ে কাহানি
খাই পাত ফলা নিষ্ঠুৰ উদ্দ্যোগপতি 
সেয়েহে বেদনা ক্লিষ্ট শ্ৰমিকগোষ্ঠী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)