কামধেনুক উদ্ধাৰ-তিলোত্তমা গোস্বামী

Rinku Rajowar
0
এসময়ত মহিষ্মতী নগৰত এজন ক্ষত্ৰিয় ৰজাৰ নাম আছিল অৰ্জুন। কৃতবীৰ্য ৰজাৰ পুত্ৰ বাবে তেওঁক কাৰ্তবীৰ্য্যাৰ্জ্জুন বোলা হৈছিল। তেওঁ শিৱক তুষ্ট কৰি এহেজাৰ হাত আৰু অশেষ শক্তি লাভ কৰিছিল। তাৰ ফলত তেওঁ এনে শক্তিশালী হৈ পৰে যে মহা প্ৰতাপী লঙ্কেশ্বৰ ৰাৱণকো তেওঁ বন্দী কৰি থব পাৰিছিল। 
           এবাৰ কাৰ্তবীৰ্য্যাৰ্জ্জুন মৃগয়া কৰিবৰ কাৰণে হাতী-ঘোঁৰা আৰু সেনাৰে সৈতে বনলৈ গৈ অকস্মাতে জমদগ্নি ঋষিৰ আশ্ৰমত মহাপয়োভৰেৰে উপস্থিত হৈছিল। ৰাতি হোৱাত ঋষিয়ে তেওঁক দেখা পাই নিজৰ ঠাইলৈ মাতি আনি যথাযোগ্য ভোজন কৰায়। দধি-দুগ্ধ, ঘৃত-মধু, পৰমান্না, পঞ্চামৃত আদি সকলো প্ৰকাৰৰ খাদ্য দ্ৰব্য কামধেনুৰ জৰিয়তে লাভ কৰি সসৈন্যে ৰজাক খাবলৈ দিলে। ঋষিৰ মহিমা দেখি ৰজাই ভাবিলে - 
: এই মুনিজনে কিবা গুণমন্ত্ৰ জানে হ'বলা? নহ'লে অতবোৰ সৈন্যক ইমানবিলাক বস্তু তৎক্ষণাৎ খুৱাব পাৰিলে কেনেকৈ? মোতকৈয়ো এই মুনিৰ ঐশ্বৰ্য্য-বিভূতি অধিক হ'ল! এইবুলি ভাবি তেওঁ ইয়াৰ কাৰণ জানিব বিচাৰিলে। 
        পাচত তেওঁ জানিব পাৰিলে যে জমদগ্নি মুনিৰ এজনী কামধেনু আছে। তাইৰ পৰাহে ঋষিয়ে যিমান যি লাগে সকলোবোৰ পাই থাকে। ৰজাই ভাবিলে -
: কেনেকৈ মুনিৰপৰা গাইজনী নিব পৰা যায়। 
ৰজাই সোধ-পোচ কৰি জানিব পাৰিলে যে এই কপিলা নামৰ কামধেনুজনী ব্ৰহ্মাই যজ্ঞৰ কাৰণে জমদগ্নি মুনিক দান দিছিল। ৰজাই  গাইজনী বিচাৰি মুনিক ক'লে -
: হে ঋষিৰাজ এই গাইজনীক মোৰ ঘৰলৈ পঠোৱা। তেতিয়া মই মনত বৰ আনন্দ পাম। 
       মুনিয়ে গাইজনী দিবলৈ মান্তি নোহোৱাত ৰজাই মানুহ লগাই তাইক কাঢ়ি লৈ গ'ল। গাইজনীক টানি নিওঁতে তাই নোযোৱা হ'ল। তেতিয়া ৰজাৰ প্ৰহৰীবিলাকে তাইক মাৰ পিট, খুন্দা-কিল দি টানি-আজুৰি বলেৰে লৈ যাওঁতে ডিঙি চিগি যোৱাৰ দৰে অৱস্থা হ'ল। বাটতে শুই দিলে। এশটা মানুহে তাইক টানি চোঁচৰাই নিলে। 
          গাইজনী ৰজাই লৈ যোৱাত জমদগ্নি মুনি আৰু তেওঁৰ পত্নী ৰেণুকাই কন্দা-কটা কৰিলে। সেই সময়ত তেওঁলোকৰ কনিষ্ঠ পুত্ৰ ৰাম ঘৰত নাছিল। যেতিয়া ৰাম আহি ঘৰ পালেহি, সকলোৱে কান্দি-কাটি থকাৰ কাৰণ জানিব পাৰি খঙত জ্বলি পকি উঠিল। খঙৰ ভমকত হাতত কুঠাৰখন লৈ গাৰ বলেৰে পৃথিৱী কঁপাই ওলাই কৈ গ'ল - 
: ঐৰে দুৰাচাৰ ৰজা। 
       এই বুলি বায়ুতকৈয়ো বেগেৰে দৌৰি গৈ কালান্তক মূৰ্তি ধৰি ৰজাৰ ৰাজ্যত উপস্থিত হ'ল। ৰামক দেখাৰ লগে লগে ৰজাই যুদ্ধৰ বাবে সৈন্য সাজু কৰি পেলালে। গজাৰোহী, অশ্বাৰোহী, ৰথাৰোহী আৰু পদাতিক অনেক সৈন্যবাহিনীয়ে গদা, বিভিন্ন কাঁড় আদিৰে প্ৰহাৰ কৰিবলৈ ধৰিলে। পৰশুৰামে অকলেই সোতৰ অক্ষৌহিনী সৈন্যৰ ঘোঁৰা, হাটী, সাৰথি আৰু সৈন্যবোৰৰ ডিঙি-মূৰ, হাত-ভৰি কাটি যাবলৈ ধৰিলে। ধুমুহা বতাহে গছ-গছনি ভাঙি-ছিগি বগৰাই পেলোৱাৰ দৰে ৰামে কুঠাৰখনেৰে সকলোকে বগৰাই যাবলৈ ধৰিলে। পৰশুৰামৰ কাৰ্য দেখি কাৰ্তবীৰ্য্যাৰ্জ্জুন বিস্মিত হৈ পৰিল। তাৰ পাছত পৰশুৰামে সেনাপতিবোৰৰ ধনু-শৰ আৰু কবচ কাটি সিহঁতক দৌৰাই খেদি নি পৰশু(কুঠাৰ) খনেৰে কাটিবলৈ ধৰিলে। ৰামৰ কাৰ্য দেখি ৰজাই এহেজাৰ হাতেৰে এহেজাৰ বাণ মাৰি পুহ মাহৰ কুঁৱলীয়ে থকাৰ দৰে ৰামক নেদেখাকৈ ঢাকি ধৰিলে। পৰশুৰামে ৰজাৰ সকলো কাঁড় কাটি পেলোৱাত প্ৰকাণ্ড গছ এডাল উঘালি লৈ ৰামলৈ মাৰি পঠিয়ালে। ৰামে গছডাল টুকুৰা টুকুৰ কৰি পেলাই হাতত কুঠাৰখন লৈ ৰজাৰ এহেজাৰ হাত কাটিবলৈ ধৰিলে। হাতবোৰ তৎক্ষণাৎ কাটি দিয়াত ৰজাৰ গাটো তেজেৰে ৰাঙলী হ'ল। এইবাৰ ৰজাৰ মূৰটো কাটি দিয়াত পৰ্বতৰ শৃঙ্গ উফৰি মহানাদ হোৱাৰ দৰে ডাঙৰ শব্দ কৰি মাটিত বাগৰি পৰিল। লগে লগে পৃথিৱীখন কঁপি উঠিল। ৰজাক বধ কৰা দেখি তেওঁৰ অযুত সংখ্যাক পুত্ৰবিলাক প্ৰাণৰ ভয়ত পলায়ন কৰিবলৈ ধৰিলে। পৰশুৰামে জমদগ্নিৰপৰা কাঢ়ি নিয়া কামধেনুজনী লৈ আহি পিতৃক চমজাই দিলে।
             
▪️তিলোত্তমা গোস্বামী
৯৯৫৪১৮১১৯৮

***********

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)