সুস্থ সমাজ গঢ়াত নাৰীৰ ভূমিকা-লিপি শইকীয়া

©Admin
0
মানৱ জাতিৰ সৃষ্টিৰ ঘাই শিপাডালেই হৈছে নাৰী। নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন, অন্তঃসাৰশূন্য। কিন্তু অতি পৰিতাপৰ বিষয় যে পুৰুষৰ সমানে আগবাঢ়ি যোৱাৰ বাটত প্ৰতিগৰাকী নাৰীয়ে সমাজত শাৰীৰিক, মানসিকভাৱে বহুতো বাধাৰ সন্মুখীন হ’ব লগা হয়। সেইবাবেই আমি নিজকে সুসভ্য জাতি বুলি পৰিগণিত হ’ব পৰা নাই। বহুতো কথাৰ পৰা ক’ব পৰা যায় নাৰীয়েই নাৰীৰ শত্ৰু।
কোৰান, গীতা,বাইবেল, সকলোতে নাৰীক সন্মান দিবলৈ কোৱা হৈছে। নাৰী সন্মানৰ গৰাকী। নাৰীৰ মৰ্য্যাদা অপৰিসীম। পিছে বৰ্তমান যুগত এগৰাকী নাৰী আমাৰ সমাজত বা যিকোনো ক্ষেত্ৰতে কিমান সুৰক্ষিত নাইবা এগৰাকী নাৰীক সমাজে কিমান মৰ্য্যাদা দিছে সেই কথা আমি সকলোৱে প্ৰত্যক্ষ কৰোঁ।নাৰীক সম অধিকাৰ দিয়া হৈছে ঠিকেই,কিন্তু নাৰীয়ে পুৰুষৰ সমান স্বাধীন হ'ব পাৰিছেনে? প্ৰতিজন পুৰুষৰ উন্নতিৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কোৱা হয়। নাৰী এগৰাকীৰ অনুপ্ৰেৰণাই পুৰুষৰ জীৱনলৈ পৰিৱৰ্তন আনি দিব পাৰে। যিগৰাকী নাৰীয়েই নিজৰ দুখ-যন্ত্ৰণা পাহৰিও স্বাৰ্থহীনভাৱে আনৰ বাবে সকলো কৰি যাব পাৰে তেৱেঁই প্ৰকৃত নাৰীৰ স্থান পাব পাৰে। প্ৰতিগৰাকী নাৰীয়েই সকলোৰে মাতৃ, যাৰ তুলনা নাই মৰমৰ, দয়াৰ, ক্ষমাৰ, ধৈৰ্য্যৰ । নাৰী ধ্বংসৰ নহয়, সৃষ্টিৰহে বীজ ৰোপণ কৰিব পৰা ক্ষমতা থকা উচিত। আনহাতে, যিসকল নাৰী নিৰ্যাতিতা, লাঞ্ছিতা আৰু অৱহেলিতা হৈ আছে তেওঁলোকৰ উত্তৰণৰ বাবে নাৰীসকল আগবাঢ়ি আহিব লাগিব। কাগজে-কলমে, মেলে-মিটিঙে নহয়, হাতে-কামে কৰিলেহে সফল হ’ব। এগৰাকী নাৰীয়ে এখন সংসাৰ স্বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰে আৰু ইচ্ছা কৰিলে সেই নাৰীয়েই এখন সুখৰ সংসাৰ ভাঙি তচ নচ কৰিব পাৰে।এগৰাকী নাৰীক যদি তাৰ আত্ম সন্মানত আঘাত কৰাৰ পৰিৱৰ্তে সু – শিক্ষাৰে শিক্ষিত কৰি তোলা হয়,তেন্তে সেই নাৰীয়ে এখন সুখৰ সংসাৰ নাইবা এখন সুস্থ সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।কিন্তু বৰ্তমান সমাজত পৰিবেশ ইমানেই দুঃখ জনক যে বাতৰি কাকত মেলিলেই তাত ধৰ্ষণ, বোৱাৰী হত্যা,প্ৰেমিকাক দা ৰে ঘেপিয়াই হত্যা কৰাৰ দৰে নাৰীৰ ওপৰত চলা অত্যাচাৰৰ বাতৰি চকুত পৰে।এনেকুৱা এটা বাতৰিয়ে আৰু হাজাৰ হাজাৰ নাৰীৰ মনোবল নষ্ট কৰি দিয়ে।বিশেষকৈ বেছিভাগ অভিভাৱকেই নিজৰ সন্তানৰ কোনো ক্ষতি সহ্য কৰিব নোৱাৰিম বুলি ভাবি নিজৰ নিজৰ ছোৱালীক শিক্ষানুষ্ঠানলৈ যাবলৈ নিদিয়ে।এইখন বিশ্বতে এনেকুৱা অসংখ্য ছোৱালী আছে,তাৰ প্ৰকৃতাৰ্থত বহুতো প্ৰতিভা আছে।কিন্তু তাৰ পিছতো নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ পোৱা নাই আৰু যদি কেনেবাকৈ সুযোগ পাইছেও, তথাপি তাত নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ যোৱাৰ সাহস পোৱা নাই।আমি এবাৰ ভাবি চাইছোনে এনেদৰেই যদি যুগে যুগে নাৰীৰ ওপৰত অত্যাচাৰ চলে তেন্তে তাৰ ফলত এখন সমাজৰ কিমান ক্ষতি হব পাৰে??এগৰাকী নাৰী যদি শিক্ষিতা হয়,প্ৰতিভাসম্পন্ন হয়,তেন্তে সেই নাৰীয়ে নিজৰ সন্তানক সু শিক্ষিত কৰি তুলিব পাৰিব।লগতে সকলো ক্ষেত্ৰতে যেনে – খেল ধেমালি, গীত নৃত্য, কবিতা ৰচনা কৰা, শিল্পবিদ্যা আদি সকলোতে নিজৰ সন্তানক উৎসাহিত কৰি সফলতাৰ উচ্চ শিখৰত উঠিবলৈ এটি জখলাৰ দৰে সহায়ক হ'ব পাৰে।বহু ক্ষেত্ৰতেই দেখা যায়,এখন ভাল পৰিবেশ থকা বিদ্যালয় নতুবা এজন সুদক্ষ শিক্ষকৰ অভাৱত সন্তানক সঠিকভাৱে গঢ় দি তোলাত অভিভাৱক সকল অসমৰ্থ হয়।সেই ক্ষেত্ৰত এগৰাকী মাতৃ যদি শিক্ষিতা থাকে তেন্তে নিজ মাতৃয়েই সন্তানৰ লিখা পঢ়াত চকু দিব পাৰে।যিহেতু পুৰুষ প্ৰধান সমাজত এজন পিতৃয়ে উপাৰ্জন কৰাত ব্যস্ত থাকিবলগীয়া হয়,সেই হেতুকে সন্তানৰ শিক্ষাদানৰ ক্ষেত্ৰত পিতৃয়ে মূখ্য ভূমিকা পালন কৰিব নোৱাৰে।তেনে ক্ষেত্ৰত সন্তানৰ ভবিষ্যত গঢ়াত এগৰাকী মাতৃ(নাৰী) য়ে মূখ্য ভূমিকা পালন কৰিব পাৰে। । তাৰ বিপৰীতে অশিক্ষিত পৰিবেশত বিভিন্ন কাৰণত কাজিয়া পেচাল হ'লে তাৰ আঁৰতো এগৰাকী নাৰীৰ হাত থকা পৰিলক্ষিত হয়।তাৰ পৰিৱৰ্তে শিক্ষিত সমাজত তেনে কাজিয়া পেচালৰ বিশেষ কোনো সূত্ৰপাত নহয়। এগৰাকী নাৰীয়ে নিজৰ ইচ্ছাশক্তি আৰু শিক্ষাৰ জড়িয়তে নিজৰ সন্তানক সু শিক্ষিত আৰু সু নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে। পুৰুষসকল যিমানেই শিক্ষিত আৰু সুদক্ষ নহওঁক,যদি নাৰীসকলে সদায় ঘৰখনত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে আৰু শিক্ষাৰ মূল্য বুজি নাপায়,তেন্তে সেই পুৰুষসকলো মানসিকভাৱে সুস্থ থাকিব নোৱাৰে। যাৰ ফলত এখন সুস্থ সমাজ গঢ়িবলৈ ব্যৰ্থ হ'ব।গতিকে এখন সুখী সংসাৰ নাইবা এখন সুস্থ সমাজ গঢ়িবলৈ হলে নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। ভাৰতৰ প্ৰাতঃস্মৰণীয় মহিলাৰ ৰূপত জিলিকি কীৰ্তিৰে নাম উজ্বলাইছে গাৰ্গী, আত্ৰেয়ী, মৈত্ৰেয়ী, সীতা, কুন্তী, দ্ৰৌপদী, খনা, মীৰাবাই, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ, জয়মতী, কনকলতা, ইন্দিৰা গান্ধী, সৰোজিনী নাইডু, কস্তুৰবা, বিজয়লক্ষ্মী পণ্ডিত, মাদাৰ টেৰেছা, পদ্মশ্ৰী নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী আদিয়ে। মহাকাশচাৰী কল্পনা চাওলাৰ কথা নক’লোৱেইবা। আমাৰ অসমৰ মূলা গাভৰুৱে যুদ্ধত অংশগ্ৰহণ কৰিছিল। বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে ৰাজ্য চলাইছিল। নাৰীৰ সেই সময়ত সন্মান, মৰ্যাদা অসীম আছিল। কাৰণ সুস্থ সমাজ গঢ়াত নাৰীৰ ভূমিকা অপৰিসীম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)