মনৰ অনুভৱবোৰৰ মাজত
কেতিয়াৱা আউল লাগে……!
প্ৰাপ্তি-অপ্ৰাপ্তিৰ তুলাচনীত
চিন্তা-দু:চিন্তাৰ দগ্ধতাত……
বিষাদৰ লোতকত সপোন বোৰ
তিয়াই তিয়াই ………
সেমেকা চকুহালৰ কষ্টত…
বুকুৰ ভিতৰৰ পৰা বাজ হোৱা…
নিশ্বাসৰ মাজত আবেগ বোৰক…
বুকুৰ ধপ-ধপনিৰ স'তে,
বিবেকটোৱে ধৰি ৰাখিৱ নোৱাৰা…
এটি এটি হুমুনিয়াহৰ মাজত…
বতাহ-বৰষুণত জুৰুলা হোৱা
কপৌ চৰাইটোৰ দৰেই,
কোনে কয় বাৰু এইয়েতু জীৱন ???
✍️ জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ