চকুৰ পানীৰ উজানত,
সেমেকা ওঁঠে তোলে অবুজ কঁপনি…
হৃদয়ৰ হাবিয়াসত সুখ বোৰ মাথোঁন…
সপোনৰ মাজত কেৱল…
কল্পনাৰ বলীয়া ঢৌ…!
মনৰ পঁজাঘৰৰ বেৰত ওলমি থকা…
ব্যাকুল হৃদয় বাণীবোৰৰ সতে……
অসুখীয়া কলিজাৰ চেঁকুৰা তেজ…!
এতিয়া শেঁতা পৰা কলিজাত
বাস সাজে অচিনা কৰ্কটে…৷
আবেলিৰ হেঙুলীয়াত হেৰাই যোৱা
আকাশৰ ৰশ্মিবোৰৰ দৰে…
ব্যৰ্থতাৰ বিলৈত ভাগৰা মনটিয়ে
বাস্তৱতাৰ দগ্ধতাত……
নিতৌ দুখৰ পাৰত বহি
মনৰ অবুজ বিলাপ ধ্বনিত
নিৰৱতাক সাৱটি অশ্ৰু টোপালবোৰৰ সতে…
বিষাদৰ মনটোক বৰফৰ দৰে
শীতলৰ প্ৰচেষ্টাত প্ৰতিদিন প্ৰতিপল ৷৷
▪️জ্যোতিষ্ক বৰুৱা, নামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ