এটি আবেলিৰ সন্ধানত-অংকিতা বৰুৱা

©Admin
0
এতিয়া মাথোঁ --
সন্ধান!
এতি আবেলিৰ যত 
মই থাকিম মোৰ সতে। 

যত শুনা যাব কোলাহল মাথোঁ চৰাইবোৰৰ 
সেই মূহুৰ্তত চাগৈ ঘৰমূৱা হব প্ৰভাতী পক্ষীজাকি!
ডুবু ডুবু সুৰুজে যত 
সিচঁৰিত কৰিব চাৰিওদিশে 
'ৰঙাবোৰ '।

নৈৰ কানত বহি সিদিনা 
নিজৰ সতেই পাতিম কথাৰ মেল,
যত মই 'মই ' হৈ থাকিম!
পুৰণি কথাবোৰে আমনি কৰিলে 
নিজেই নিজৰ চকুলো মচিম।

লৰালিৰ মধুৰ স্মৃতিৰ সুভাস বিচাৰি 
অনাই বনাই চাগৈ ঘূৰি ফুৰিম। 
এতিয়া মাথোঁ অপেক্ষা 
তেনে এটি আবেলিৰ 
য'ত মই 'মই 'হৈ থাকিম!

নিজৰ সতে মিলনৰ সেই সন্ধানত 
যাম যেন মই উতি -ভাঁহি ।
জীবনৰ অৰ্থ বিচাৰি খাওঁ বাৰে বাৰে হাবাথুৰি। 
এই অপেক্ষা অন্তহীন 
এই অপেক্ষাৰ পথ মনোমোহা 
কাৰণ ইয়াৰ  গন্তব্য স্থান
মই বিচৰা সেই ধুনিয়া 
আবেলি!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)