সম্পাদকীয় - পঞ্চম বৰ্ষৰ পঞ্চম সংখ্যা

Rinku Rajowar
0
সংস্কৃতত এষাৰ কথা আছে "গচ্ছতি ইতি জগতঃ" অৰ্থাৎ  গৈ থকা মানেই জগত। আহ্নিক গতিৰ লগে লগে গৈ থকা জগতখনৰ বুকুলৈ কতবোৰ ময়াপী জীৱ আহিছে গৈছে হিচাপহীন।বাট হেৰুওৱা বগা ঘোঁৰাকেই ডাঙৰীয়া যেন দেখি পূজা অৰ্চনাত গদ্গদ্ হৈ থকাৰ সময়তে  অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে যুঁজি অহা বীৰুবালা ৰাভাৰ দৰে এটি যুঁজাৰু শক্তি জগতৰ বুকুৰ পৰা ম্লান পৰি গ'ল। "অসমীয়া সাহিত্যৰ চানেকি" ৰ ফালৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি যাচিলোঁ। এইবাৰৰ সম্পাদকীয়ত বীৰুবালা ৰাভাৰ পৰাই আঁত ধৰোঁচোন। 
             পদ্মশ্ৰী সন্মানেৰে সন্মানীত বীৰুবালা এসময়ত নিজেই অন্ধবিশ্বাসৰ বলি হৈছিল।সেইগৰাকী বীৰুবালা ৰাভাই নিজৰ উচ্চ চিন্তা ধাৰণাৰে নিজৰ লগতে সমাজখনকো এটা মুকলি পথেৰে আগুৱাই নিবলৈ কৰা আহোপুৰুষাৰ্থৰ কথা সম্ভৱতঃ সকলোৰে জ্ঞাত।
           এতিয়া আহোঁ অকণমান দেশৰ কথালৈ। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত বিশ্বৰ বিভিন্ন উন্নত দেশৰ লগত আমাৰ দেশ ভাৰতে বিজ্ঞান-প্ৰযুক্তিৰ দিশত সমানে সমানে ফেৰ মাৰিবলৈ সক্ষম  হৈছে। দেশত এফালে বিজ্ঞানৰ জয়জয়কাৰ আৰু আনফালে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কৰাল গ্ৰাস। গৰিষ্ঠসংখ্যক মানুহৰ মন-মগজুৰ পৰা বিজ্ঞানমনস্কতা পলাই ফাট মাৰিছে।ভূত, পিশাচ, ডাইনী, পশুবলি, নৰবলি, বেজালি আদি বিভিন্ন কুসংস্কাৰ আৰু অন্ধবিশ্বাসে ৰাজ্যখনক আৱৰি ধৰিছে। এনে পুৰণিকলীয়া ধ্যান ধাৰণাৰ বলি হৈ আহিছে এচাম সহজ সৰল লোক।এনে প্ৰসংগত কাৰ্বি আংলঙৰ নীল, অভিজিৎ কাণ্ডৰ কথা পাহৰে কোনে?
            বৈজ্ঞানিক মানসিকতা গঢ় ল'বৰ বাবে কোনো বিশেষ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই।এজন নিৰক্ষৰ মানুহৰো বৈজ্ঞানিক দৃষ্টিভঙ্গী থাকিব পাৰে। আনহাতে শিক্ষিত লোক এজনো অন্ধবিশ্বাসী হ’ব পাৰে। নহ'লেনো পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰা বীৰুবালা ৰাভাই ওৰেটো জীৱন অন্ধবিশ্বাস বিৰোধী কাৰ্যত সমৰ্পণ কৰিব পাৰেনে!
          আমিও কথাবোৰ বুজি পাবৰ হ'ল।আঁকোৰ-গোজ হৈ পুৰণা কথা বা ধাৰণাবোৰতে লাগি নাথাকি নতুন কথা,নতুন সিদ্ধান্ত গ্রহণ কৰি নিজৰ লগতে সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যাবৰ হ'ল।
          শেষত আহিছোঁ আমাৰ চানেকিৰ কথালৈ।যোৱা ১২ মে' তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত আলোচনীখনৰ চতুৰ্থ বৰ্ষপূতি অনুষ্ঠান হৈ যায়। অনুষ্ঠানটিত সৰ্বতোপ্ৰকাৰে হাত উজান দি সাফল্য কৰি তোলা প্ৰতিজন ব্যক্তিলৈ কৃতজ্ঞতা ও ধন্যবাদ।


সম্পাদক - ৰেবিকা নেওগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)