আলোক পথৰ যাত্ৰী-মীনাক্ষী কুৰ্মি

@admin
0
সৎ নীতিক তুমি আঁকোৱালি গ'লা
সমাজৰ নয়ন স্বৰূপ,
আজলী লুইত পৰীয়া
চাহ বাগানৰ মাজত।

সমাজ প্ৰেমী ব্যক্তি তুমি
প্ৰেম বিলাই গ'লা,
যাৰ আদৰ্শত চলিলা তুমি
তেওঁ আদৰ্শৰ পথ দেখুৱালা।

মানৱৰ প্ৰতি চেনেহে তোমাক
আজি সকলোৰে হৃদয় স্মৰণীয়।
বচা বড়াৰ পথত আজি
নৱপ্ৰজন্মৰ উৎসাৰ প্ৰেৰণা তুমি।

আজি জীৱনৰ মায়া
গুচি গ'লা এৰি,
বিচাৰি উৰে জীৱন 
সৎসংঘৰ দুৱাৰ।
পাঞ্জাধাৰি তুমি জীৱন্ত সৎ গুৰুৰ সন্তান
আজি সাৱটি তেওঁৰ চৰণ।

আলোক পথৰ যাত্ৰী তুমি
পোহৰৰ জোনাক মেলিলা। 
সেই উজ্জলৰ পিছে আজি
দৌৰিছে লক্ষ গণ।

অতি শ্ৰদ্ধাৰে সুঁৱৰিছো আজি
শ্ৰদ্ধাঞ্জলিৰ বন্তি জ্বলাই।
তোমাৰ এই সমাজবাদী
থাকিব জীয়াই সমাজৰ মাজত।

                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)