অসম আৰু বিপদাপন্ন পক্ষীকুল**লৱ বৈশ্য

@admin
0
     প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী অসম দেশ ভাৰত তথা এছিয়াৰে এখন আগশাৰী ৰাজ্য,য'ত বাৰে বৰণীয়া স্থানীয় লগতে পৰিভ্ৰমী চৰাইৰে বাৰ মাহ সমৃদ্ধ হৈ থকা দেখা যায় । জৈৱ বিচিত্ৰতাৰে ভৰপূৰ অসমত স্থানীয় চৰাইৰ পৰা আৰম্ভ কৰি সূদুৰ বিদেশৰ পৰা অহা পৰিভ্ৰমী চৰাইলৈকে বিভিন্ন ধৰণৰ পক্ষীৰ প্ৰজাতি দেখা পোৱা যায় । যাৰ সংখ্যা প্ৰায় হাজাৰৰ ঘৰত ।
            প্ৰকৃতিত চৰাইৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । বহু চৰাইয়ে ফুলৰ পৰা ফল হোৱাত অৰিহণা যোগাই। বাট নিয়ন্ত্ৰনৰ পৰা আৰম্ভ কৰি অৰণ্য বিস্তাৰ ঘটোৱালৈকে চৰায়ে বিনামূলীয়া অৱদান আগবঢ়াই আহিছে । এখন ঠাইৰ চৰাই থকাটোৱে সেই ঠাই খনৰ সুস্থ প্ৰাকৃতিক ভাৰসাম্য সুচায়।
            সময়ৰ লগে লগে আমাৰ মাজৰ পৰা আপুৰুগীয়া এই চৰাই চিৰিকতিবোৰ সময়ে গ্ৰাস কৰি আহিছে । আজিৰ বিভিন্ন পেপাৰে প্ৰত্ৰয়ে প্ৰায়ে বিভিন্ন চৰাইৰে ভৰি থকা অসমত ক্ৰমানয়ে চৰাইৰ সংখ্যা হ্ৰাস পাই অহাৰ ডাঙৰ ডাঙৰ আখৰৰ শিৰোনাম দেখিবলৈ পাওঁ। যি আমাৰ বাবে অতি কাতৰ বিষয়। এবাৰ ভাবি চাইছেনে তাৰ সংৰক্ষণৰ বাবে আমি কি কৰিব পাৰোঁ। 
      
        তথ্যমৰ্মে, অসম বিশ্বৰ ভিতৰত এখন অন্যতম পক্ষী ক্ষেত্ৰ। অসম মুঠ ৯৫০ টা পক্ষী প্ৰজাতি সহ ৰাজ্যখন ভাৰতীয় উপ-মহাদেশত দেখা পোৱা ৫৩.৫% পক্ষী প্ৰজাতিৰ আবাসস্থল । আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰজাতিসমূহৰ মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, বিতৰণৰ বিচ্ছিন্নতা তথা সংৰক্ষণৰ গুৰুত্ব অনুসৰি প্ৰস্তুত কৰা ৰঙা তালিকা (IUCN Red List of Threatened Species) ত অসমত দেখা পোৱা কিছুসংখ্যক চৰাইৰ ৰঙেও স্থান পাইছে। এই সমূহৰ ভিতৰত হাড়গিলা (Greater Adjutant), পাতি শগুণ /বগা পিঠিয়া শগুণ(White-rumped Vulture),ক'লা শগুণ(Cinereous Vulture), তামূলীয়া শগুণ/ৰজা শগুণ (Red-headed Vulture), দেওহাঁহ(white-winged wood duck), উলূম’ৰা (Bengal Florican), ৱাক চৰাই (Black crown night heron) ইত্যাদি উল্লেখযোগ্য।
          
        আজিৰ মুকলি আকাশত হাড়গিলা, শগুণৰ মুক্ত আচৰণ দেখা পোৱা নাযায় । ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ভাৰতত অভুতপূৰ্বভাৱে প্ৰায় ৯৯.৯ শতাংশ শগুন মৃত্যুমুখত পৰা তথ্য চকুৰ পতাত। সেইবোৰ আপুৰুগীয়া চৰাই এতিয়া সাম্প্ৰতিক সংকটৰ গৰাহত। ভাবি চাইচেনে কেতিয়াবা ! এই যে সংকেতবোৰ,কেৱল জানোঁ প্ৰকৃতিৰ পৰাই আহিছে ? নহয় । নিজে নিজক জীৱশ্ৰেষ্ঠ বুলি গৰ্ব মাৰি ফুৰা আমি মানুহবোৰেই প্ৰকৃত দায়ী । 
      চৰাই কমি অহাৰ বহুতো কাৰণ আছে । তাৰ ভিতৰত ঐতিহাসিক যুগৰ পৰাই চৰাই চিকাৰ এটা অন্যতম । বৰ্তমান যুগত চৰাই চিকাৰ কমি আহিছে যদিও নিৰ্মূল হোৱা নাই । শস্যক্ষেত্ৰবোৰত আজি কালি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়। ইয়াৰ বাবেও বহু চৰাইৰ মৃত্যু হৈ আহিছে । তাৰ উপৰিও বনাঞ্চল ধংস, পাহাৰখনন আদিৰ ফলত চৰাইৰ উপযুক্ত বাসস্থানৰ অভাৱ হৈছে । যিবোৰ চৰাইৰ পৰিমাণ হ্ৰাসৰ প্ৰধান কাৰণত অন্তৰ্ভুক্ত কৰিব পাৰি । অসমৰ জাতিংগাত অলেখ চৰাই ৰহস্যজনক মৃত্যু প্ৰতি বছৰে বছৰে হৈ আহিছে , যাৰ বাবে 'চৰাইৰ ৰহস্যজনক মৃত্যুৰ ঠাই'ৰ নামৰে ঠাইখন প্ৰসিদ্ধ হৈ পৰিছে। আৰু ইয়াকে চাবলৈ এইটো সময়ত বহু পৰ্যটকৰ সমাগম হোৱা দেখা যায়। 
      
         এতিয়া হয়টো আপোনাৰো জানিব নিশ্চয় জানিব মন যাব কেনেকৈ ইয়াক সংৰক্ষন কৰিব পাৰোঁ আৰু সেয়াই আমাৰ কাম্য আৰু উদ্দেশ্য।তলত পক্ষী সংৰক্ষন বহুতো কৌশল আলোচনা কৰা হ'ল তাৰ ভিতৰৰ বেচিখিনিতে চৰকাৰে ভূমিকা গ্ৰহণ কৰিব পাৰে।         
     ◼️পোনপ্ৰথমে আমি চৰাই সংৰক্ষনৰ বাবে সজাগ আৰু সচেতনতা প্ৰচাৰ কৰি প্ৰতিজনে ব্যক্তিক সজাগ কৰি টোলিব লাগিব ।
      ◼️সকলোৱে জানোঁ যে কোনো এবিধ প্রাণীৰ মৃত্যুৰহাৰ যেতিয়া প্রজনন হাৰতকৈ কমি যায় তেতিয়া সেইবিধ প্রাণীৰ সংখ্যা কমি যায়। সেয়ে ইয়াৰ অকাল মৃত্যুৰ সুনিৰ্দিষ্ট কাৰণ জৰীপ কৰি তাৰ প্রতিকাৰৰ ব্যৱস্থা কৰিব লাগে । জৈৱিক জ্ঞান আৰু কৌশলতাৰে চৰাই প্রজননৰ হাৰ বঢ়াবৰ বাবে প্ৰচেষ্টা হাতত লোৱা উচিত ।
      ◼️ চৰাই চিৰিকতিৰ বাবে অসমৰ আদ্ৰভূমি,বিল, নৈ-উপনৈ,সংৰক্ষিত বনাঞ্চল আৰু গ্ৰাম্যঞ্চলবোৰৰ চৰাই আচৰণৰ উপযুক্ত ঠাই বোৰ সংৰক্ষনৰ ব্যৱস্থা কৰা।
      ◼️আছুতীয়া বন্যভূমিৰ প্রসাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা লোৱা উচিত । য'ত মানুহৰ প্রভাৱ নুন্যতম হ'ব। যাতে পক্ষীকূলে প্রাকৃতিক পৰিৱেশত বাস আৰু বংশবিস্তাৰৰ সুযোগ লাভ কৰে । 
      ◼️বিপন্ন চৰাইক বধ কৰা ,ধৰা আৰু কণী সংগ্রহ কৰা কাৰ্য কঠোৰ আইন প্রণয়নৰ দ্বাৰা বন্ধ ক'ৰা উচিত। 
     ◼️বন্দী অৱস্থাত ৰাখি বিপন্ন চৰাইৰ পোৱালী জগোৱা, আৰু পাছত প্রাকৃতিক আবাসলৈ এৰি দি প্রাকৃতিক পৰিৱেশত,স্বাভাৱিকভাবে সিহঁতৰ বংশবিস্তাৰৰ ব্যৱস্থা ক'ৰা ।
      ◼️ স্থানীয় আগ্ৰহী যুৱক যুৱতীক পক্ষী নিৰীক্ষণ আৰু সংৰক্ষনৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। 

           পাৰিপাৰ্শ্বিকতাৰ কথা বাদ দিলেও, মানৱ সমাজত চৰাইৰ গুৰুত্ব অপৰিসীম। পৃথিৱীৰ প্ৰায় সকলোবোৰ লোককৃষ্টিত চৰাইৰ উপস্থিত লক্ষ্য কৰিবলগীয়া। সৌন্দৰ্যৰ প্ৰতীক হিচাপে মানৱ সভ্যতাত চৰাইৰ এক বিশেষ স্থান আছে। তদুপৰি চৰাইৰ অৰ্থনৈতিক দিশতো অনেক অৱদান আছে, বিভিন্ন চৰাইৰ মাংস, বিভিন্ন খাদ্য প্ৰণালীৰ অবিচ্ছেদ্য অংগ। চৰাই সততে দেখা পোৱা যায় বাবে মানুহৰ লগত চৰাইৰ সম্বন্ধ মানৱজাতিৰ জন্মলগ্নৰপৰাই চলি আহিছে আৰু চলি যাব । 
     গতিকে দেখা যায় যে ক্ৰমহ্ৰাসমান বনাঞ্চল, পৰিবেশৰ ভাৰসাম্যহীনতা, ক্ৰমবৰ্ধমান জনবসতি আদি নানান কাৰণত অসমৰ চৰাইৰ পৃথিৱীখন সেৰেঙা হৈ আহিছে। একে কাৰণতে অসমৰ বহু চৰাই ৰাজ্য খনত নোহোৱা হৈছে বা সেইবোৰ হৈ পৰিছে বিলুপ্ত প্ৰায়, আৰু ইয়াক যি কোনো প্ৰকাৰে সংৰক্ষন কৰাৰ দায়িত্বয়ো আমাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)