কোনে জানে জীৱনৰ সঠিক খবৰ - জ্যোতিষ্ক বৰুৱা

©Admin
0
কোনে জানে  জীৱনৰ সঠিক খবৰ ?
সপোনৰ বাট হেৰুৱাই কোনোবাখিনিত…
দিঠকে এদিন ক'ত ঠেকেচি পেলাব,
মনৰ ধুমুহাত চিন্তাৰ বৰষুণত 
এসাগৰ সমস্যাত ডুৱ গৈ…
সাতুৰি পাৰ পাব বিচাৰি …
কেতিয়াৱা হেৰুৱাওঁ দেখুন 
নিজৰেই ঠিকনা……
ব্যৰ্থতাৰ মুখ ঢাকি অশ্ৰুৰ বেদনাত…
যেন থাকে পোৱা-নোপোৱাৰ 
বহু চেঁপা হৰ্ষ-বিমৰ্ষৰ গভীৰ যন্ত্ৰনা…
এনে লাগে যেন কেতিয়াৱা কোনোবাখিনিত………
বেদনাৰো থাকে  যেন এক মিঠা মাদকতা,
নিজকে ট্ৰেজেডি ফালি… 
জীৱনৰ ইটো-সিটো বহুতো ৷৷

✍️ জ্যোতিষ্ক বৰুৱা
নামৰূপ, অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)