নিবিৰ আৰু প্ৰজ্ঞান দুয়ো ভাল বন্ধু। সৰুৰে পৰাই একেখন বিদ্যালয়তে দুয়ো পঢ়াশুনা কৰিছে দুয়ো পঢ়াত মেধাৱী আছিল। দুয়ো বন্ধুৰ মাজত যথেষ্ট মিলা-প্ৰীতি আছিল। দুয়ো মিল আছিল যদিও দুয়ো বন্ধুৰ ব্যক্তিত্ব একেবাৰে অমিল আছিল। প্ৰজ্ঞান আছিল ধীৰ - স্থিৰ এটা ল'ৰা ,সি সহজতে উটি-ভাঁহি যোৱাৰ বিধৰ নাছিল । আৰু নিবিৰ আছিল অলপ চঞ্চল । সি সহজতে বিচলিত হৈ পৰে। আজি দিনতো দুয়ো বন্ধুৰ কাৰণে বিশেষ দিন । কাৰণ আজিৰ পৰাই নিবিৰ আৰু প্ৰজ্ঞানৰ লক্ষ্য বেলেগ বেলেগ হ'ব। সৰুৰে পৰা একেলগে পঢ়া দুয়ো বন্ধুয়ে আজিৰ পৰা দুটা বেলেগ ৰাস্তাত খোজ ল'ব । অৰ্থাৎ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ইতিমধ্যেই ফলাফল ঘোষণা হৈছে - চাৰিওফালে এটা হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হৈছে। সকলোৰে হিচাপ কেৱল কোনো কিমান শতাংশ লৈ উত্তীৰ্ণ হৈছে। প্ৰজ্ঞানে ৯১ শতাংশ লৈ পৰীক্ষাত উত্তীৰ্ণ হ'ল ।প্ৰজ্ঞানে সি ভবাৰ দৰেই সি তাৰ ফলাফল পাইছে ।ইফালে নিবিৰৰ ফলাফল সি ভবাৰ দৰে নহ'ল । তাৰ ৰিজাল্ট বেয়া হ'ল । চাৰিওফালে এই খবৰটো বিয়পি পৰিল । নিবিৰ ইতিমধ্যে বিচলিত হৈ পৰিছে। কিছুমান মানুহে আহি নিবিৰক সহানুভূতি দিলে। আৰু আন কিছুমানে নিবিৰক লৈ ইছ-ইছ- আছ-আছ কৈ দুখ প্ৰকাশ কৰিলে। তেনেকুৱাতে
প্ৰজ্ঞান আহিল নিবিৰৰ ওচৰলৈ নিবিৰৰ সাহস হৈ।প্ৰজ্ঞানে জানে যে সি তাৰ চঞ্চলামিতাৰ বাবেই তাৰ ৰিজাল্ট ভাল নহ'ল। প্ৰজ্ঞানে ক'লে বন্ধু তুমি চিন্তা নকৰিবা তুমি পাৰিবা তুমি আকৌ চেষ্টা কৰা কাৰণ তোমাৰ চঞ্চলতাই আজি পৰা আৰু তোমাক কেতিয়াও লগ নিদিয়ে । প্ৰজ্ঞানৰ কথাকেইটাই যদিও নিবিৰৰ মন স্পৰ্শ কৰিছিল। তাথাপিও সি পলাব বিছাৰিছে নিজে নিজৰ পৰা । পিছদিনাখন ৰাতিপুৱা প্ৰজ্ঞান নিবিৰক বিছাৰি আহে নিবিৰৰ পঢ়াৰ খবৰ ল'বলৈ । পিছে প্ৰজ্ঞানে নিবিৰক ঘৰত বিছাৰি নাপায় প্ৰজ্ঞানৰ মনত অজানিতে এটা ভয় সোমাই পৰে। নিবিৰে ইতিমধ্যে টানি টোপোলা বান্ধি বাছ আস্থানত বহি আছে । সি নিজে নাজানে সি কোনফালে যাবলৈ বহি আছে । মাত্ৰ নিবিৰে ঘৰৰ পৰা , প্ৰজ্ঞান পৰা , চুবুৰীয়াৰ পৰা আৰু নিজে নিজৰ এটা ধুনীয়া জীৱনৰ পৰা পলাব বিছাৰিছে । নিবিৰ নিজৰ চকুত যেন নিজে দোষী হৈ পৰিল। নিবিৰ বহুত সময় তেনেদৰে বহি থকা দেখি এজন বৃদ্ধ ব্যক্তি নিবিৰৰ ওচৰ পালেহি আৰু নিবিৰৰ কান্ধত হাত থৈ সুধিলে -- কোনফালে যাবা তুমি অত পৰ এনেদৰে বহি আছা অথচ বাছ কেইবাখনো পাৰ হৈ গ'ল । তেখেতৰ মাতত নিবিৰে ভাৱনাৰ পৰা বাস্তৱলৈ উভতি আহিল । নিবিৰে ক'লে মই যামেই ইয়াৰ পিছৰ খন বাছ আহিলে । তেতিয়া বৃদ্ধ ব্যক্তিজনে তাক তাৰ নাম সুধিলে। সি ক'লে নিবিৰ । তেতিয়া ব্যক্তিজনে হাঁহি এটা মাৰি ক'লে বৰ ধুনীয়া নাম দেই তোমাৰ নিবিৰ । নিবিৰ মই তোমাক এটা কথা কওঁ শুনিবানে তুমি মোৰ কথা ? নিশ্চয় শুনিম কওঁক চোন আপুনি কি ক'ব বিছাৰিছে। তুমি ইমান দেৰি ইয়াত এনেদৰে বহি থাকিলে দেখোন তুমি তোমাৰ গন্তব্যস্থান গৈ নাপাবাগৈ । সময় বহুত অপচয় হৈছে তোমাৰ । শুনা নিবিৰ ৰৈ নিদিবা গৈ থাকিবা লাহে লাহে ,তেতিয়াহে তুমি তোমাৰ গন্তব্যস্থান পাবাগৈ ।সেয়া ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰতে হওঁক বা তোমাৰ জীৱনৰ ক্ষেত্ৰতে হওঁক সদায় আগবাঢ়ি গৈ থাকিবা তেতিয়াহে তুমি তোমাৰ লক্ষ্যত উপস্থিত হ'ব পাৰিবা । এই কথাষাৰ শুনি নিবিৰৰ মনটো কিবা এটা পাতল পাতল লাগি গ'ল। তাৰ এনেকুৱা লাগিল যে সেই ব্যক্তিজনে তাৰ জীৱনৰ সকলো কথা জানে। সি কথাষাৰত নিজে নিজক বিছাৰি পালে। তেনেকুৱাতে সিফালৰ পৰা হৰ্ণ দি বাছখন আহি পালে । সি ব্যক্তিজনক বিদায় দি বাছলৈ বুলি উঠিবলৈ যাওতে হঠাৎ বাছখন লিখি থোৱা এষাৰি বাক্য নিবিৰৰ চকুত পৰিল। - "ৰৈ নিদিবা বন্ধু গৈ থাকিবা তেতিয়াহে তুমি তোমাৰ গন্তব্যস্থান পাবা ।" যি শাৰী বাক্য অলপ আগত সেই অচিনাকী ব্যক্তিজনে কৈছিল । হঠাৎ সি বাছৰ পৰা নামি আহিল আৰু সেই ব্যক্তিজনক বিছাৰিবলৈ লাগিল। যাক সি অলপ আগত বিদায় দিছিল। তেনেতে নিবিৰে দেখিলে ব্যক্তিজন ৰাস্তাৰ ইটো পাৰে গৈ আছে । সি দৌৰি গৈ মানুহজনৰ কাষ পালেগৈ । তাক দেখি মানুহজন আচৰিত হ'ল আৰু ক'লে - তুমি এতিয়াও যোৱা নাই। তেতিয়া নিবিৰে ক'লে এতিয়াৰ পৰা মই যাম ৰৈ নিদিওঁ। আপোনাৰ কথাষাৰে মোক আগৰ অৱস্থালৈ ঘূৰাই আনিলে। আপোনাৰ এই কথাষাৰ মই সদায় মনত ৰাখিম আৰু জীৱন পথত আগবাঢ়ি যাম । তেতিয়া ব্যক্তিজনে ক'লে ব'লা তেন্তে আমি এতিয়া ঘৰৰ ফালে খোজ লওঁ। নিবিৰে সুধিলে আপোনাৰ ঘৰ আমাৰ ঘৰৰ ফালে নেকি ? নহয় কিন্তু আজি তোমাৰ ঘৰৰ ফালে যাম। মোক তোমাৰ কথা প্ৰজ্ঞানে ক'লে তুমি যে ঘৰত নাছিলা। নিবিৰে আচৰিত হৈ সুধিলে আপুনি প্ৰজ্ঞানক কেনেকৈ চিনি পায়। তেতিয়া ব্যক্তিজনে মিচিকিয়া হাঁহি মাৰি ক'লে মই প্ৰজ্ঞানৰ ককাক । নিবিৰ আকৌ আচৰিত হ'ল আৰু সুধিলে ককা আপুনি মোক আগতে দেখা নাই গতিকে কেনেকৈ চিনি পালে। তেতিয়া ককাকে ক'লে প্ৰজ্ঞানে কৈছিল বাছ আস্থানত যদি মোৰ বয়সৰে ল'ৰা এজনক বহি থকা দেখা তেতিয়া সেই ল'ৰাজনক তুমি লগত লৈ আহিবা । তেতিয়া নিবিৰে আকৌ সুধিলে - ককা তাতটো বহুত ল'ৰা ছোৱালী আছিল তাৰ মাজত মোক কেনেদৰে চিনি পালে। ককাকে ক'লে - তাত বহি থকা প্ৰত্যেকজন ব্যক্তি নিজৰ নিজৰ ঠাই লৈ বাছ অহাৰ লগে লগে গৈছে । একমাত্ৰ তুমি বহি আছা সেইঠাইত বহুতপৰ । কাৰণ তোমাৰ যে - কোনো গন্তব্যস্থান নাছিল । ককাকৰ কথাষাৰ শুনি নিবিৰৰ চকু চলচলীয়া হৈ পৰিল। ককাক আৰু প্ৰজ্ঞানৰ প্ৰতি নিবিৰৰ মন শ্ৰদ্ধাৰে ভৰি পৰিল । ককাক আৰু নিবিৰ দুয়ো ঘৰৰ অভিমুখে আগবাঢ়িল। জীৱনত কেতিয়াও পথভ্ৰষ্ট নহওঁ বুলি নিবিৰে মনত সংকল্প ললে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ