ব্যৰ্থ প্ৰেমিক-জোনমনি বৰা

©Admin
0
একান্তই ব্যক্তিগত বুলি ভবা
সন্ধিয়াৰ এই সময়কণ
কাৰো লগত ভাগ বতৰা
কৰিব নিবিচাৰো ৷
আনকি তোমাৰ নামতো
উৎসগা কৰিব নোৱাৰোঁ
সম্পৰ্ক এটাত বান্ধ
খালোঁ বুলিয়েই নিজস্বতাক
নিলাম কৰাৰ মানসিকতা ৷
বিবেকক দুহাই দি
মনৰ অলক্ষিতে 
আনৰ হৈ যাব নোৱাৰাৰ বাবেই মোৰ এটা বদনাম
আছে মই এজন ব্যৰ্থ প্ৰেমিক ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)