কৃশাংগী এজনী বৰ অমায়িক ছোৱালী। তাই মাক-দেউতাকৰ একমাত্ৰ সন্তান। পঢ়াশুনাটো মেধাৱী ছাত্ৰী তাই । স্কুলত শিক্ষক-শিক্ষয়িত্ৰীসকলে তাইক বৰ ভাল পায়। তাই ভাল কবিতাও লিখে। কৃশাংগীৰ নলেগলে লগা বান্ধৱী প্লাৱিতা কৃশাংগীহঁতৰ একেখন গাঁৱৰে । কৃশাংগীৰ ঘৰৰ পৰা তাইৰ ঘৰলৈ বেছি দূৰ নহয়। দুয়োজনী একেলগেই স্কুললৈ অহা-যোৱা কৰে । প্লাবিতাও এজনী খুবেই অমায়িক ছোৱালী। প্লাৱিতাই ভাল গান গায়। স্কুলতো তাই শিক্ষক-শিক্ষয়িত্ৰীৰ কথা খুব মনোযোগেৰে শুনে। কিন্তু প্লাৱিতাই যিমান মনোযোগেৰে পঢ়ে সিমান ভাল ফলাফল পৰীক্ষাবোৰত নাপায়। আনহাতে কৃশাংগীৰ পৰীক্ষাৰ ফলাফল সদায়েই ভাল হয় । কৃশাংগীয়ে ভৱামতেই ফলাফল পায় । প্লাৱিতাৰ কিন্তু তেনে নহয়। তাইৰ প্ৰত্যেকবাৰেই ভাবি যোৱা মতে লিখিব নোৱাৰে। আজি সিহঁত দুজনীৰ বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট দিব । এইবাৰ দুয়োজনী সপ্তমমান শ্ৰেণীলৈ উঠিব। পুৱা সোনকালে শুই উঠি কৃশাংগী স্কুললৈ যাবলৈ বুলি সাজু হ'ল । তাই আনদিনৰ দৰেই সাজু হৈ প্লাৱিতাৰ ঘৰৰ জপনামুখত ৰৈ প্লাৱিতাক মাতিলে ।কিছু সময়ৰ পিছত প্লাৱিতা আমন জিমনকৈ আহি তাইৰ লগ দিলে। কৃশাংগীয়ে তাইক তেনেকৈ মন মাৰি অহা দেখি ক'লে -
'তোৰ গা বেয়া নিকি অ' ! '
'নাই, নহয় '
'তেনেহ'লে ইমান মন মাৰি আছ যে আজি ?'
'তই দেখোন জানই মোৰ সকলো কথা। মোৰ পৰীক্ষাৰ সময়ত কি হয় জানো । সদায়েই ভবা মতে একোৱেই কৰিব নোৱাৰোঁ।'
'তই ইমান চিন্তা নকৰিবিচোন। এইবাৰ চাবিচোন তোৰ ভাল ৰিজাল্ট হ'বয়েই। ব'ল এতিয়া হাঁহি হাঁহি স্কুললৈ। তই এনেকৈ মন মাৰি থাকিলে যে মোৰ একেবাৰেই ভাল নালাগে ।'
কৃশাংগীৰ কথাত তাইৰ মনটো মুকলি হ'ল।দুয়োজনী খোজকাঢ়ি স্কুললৈ গ'ল।ঘৰৰ পৰা বেছি দূৰ নহয় স্কুললৈ যোৱা বাট। প্ৰতিবাৰৰ দৰেই এইবাৰো কৃশাংগীৰ ৰিজাল্ট খুব ভাল।তাই প্ৰথম স্থান পাইছে । তাইৰ ভাল ৰিজাল্টৰ বাবে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে তাইক বহুত ভালকৈ প্ৰশংসা কৰিছে । শিক্ষকসকলৰ লগত কথাবতৰা হৈ থাকোঁতে প্লাৱিতানো কেতিয়া শ্ৰেণীকোঠাৰ পৰা ওলাই গ'ল তাই গমকেই নাপালে। স্কুলৰ ইফালে সিফালে চাওঁতে নেদেখি ঘৰলৈ আহিবলৈ ওলাল। স্কুলৰ গে'টৰ মুখতে থকা কৃষ্ণচূড়া গছজোপাৰ তলত প্লাৱিতা ৰৈ আছে । কৃশাংগী তাইৰ ওচৰলৈ গৈ ক'লে -
' তই ৰিজাল্ট লৈ হঠাতেই নোহোৱা হৈ গ'লি যে ! তোক মই ইমান বিচাৰিলো! '
' মনটো একেবাৰেই ভাল লগা নাই অ'! এইবোৰ নম্বৰ লৈ মই এতিয়া ঘৰলৈ যাওঁ কেনেকৈ ? অংকত বহুত কম নম্বৰ পাইছোঁ। এইবাৰো বহুত ভুল । মোৰ কিয় ইমান ভুল হয় বাৰু ? মই আৰু নোৱাৰিম পঢ়াশুনা কৰিব। মোৰ একেবাৰেই ভাল নলগা হৈছে। মোৰ এনে লাগিছে মই যেন আৰু পঢ়িব নোৱাৰিমেই' - বুলি প্লাৱিতাই কান্দিবলৈ ধৰিল।
কৃশাংগীয়ে তাইক ধৰি স্কুলৰ বাৰাণ্ডালৈ লৈ গ'ল। বাৰাণ্ডাৰ বেঞ্চ এখনতে দুয়োজনী বহিলগৈ । কিছু সময়ৰ পিছত প্ৰধান শিক্ষক ওলাই আহি সিহঁতক দেখাত সিহঁত এতিয়াও কিয় ঘৰলৈ যোৱা নাই বুলি প্ৰশ্ন কৰাত কৃশাংগীয়ে ক'লে-
'ছাৰ, প্লাৱিতাৰ মনটো আজি বৰ বেয়া । তাই নম্বৰ কম পোৱা বাবে পঢ়িব নোৱাৰিমেই বুলি ভাবি পেলাইছে ।'
' কিয় ইমান হতাশ হৈছ ? '
'ছাৰ মই দেখোন পৰীক্ষাত ঠিকেই লিখোঁ। তথাপিও ইমান ভুল কেনেকৈ হয় মই একো ভাবিকে পোৱা নাই । মই নোৱাৰিম আৰু । '
' বুজিছোঁ মই তোৰ কথা। এটা কাম কৰ। এতিয়া তহঁত দুয়োজনী ঘৰলৈ যাগৈ । ঘৰত মা-দেউতাই চিন্তা কৰিব পলম হ'লে । কাইলৈ দুয়োজনী এবাৰ স্কুললৈ আহিবিচোন মোক লগ কৰিবলৈ । তেতিয়া এই বিষয়ত কথা পাতিম। বাৰ বজাৰ পিছত আহিবি । '
পিছদিনা দুয়োজনী ছাৰক লগ কৰিবলৈ আহিল। ছাৰে অফিচ ৰুমতে সিহঁত দুয়োজনীক বহিবলৈ দিলে। সিহঁতি বুজি পোৱা নাই ছাৰেনো কিয় মাতিলে সিহঁতক।
'তহঁত দুয়োজনীৰে মনত প্ৰশ্ন জাগিছে চাগে মই তহঁতকনো আজি কিয় স্কুললৈ মাতিলো । নহয় জানো ?'
দুয়োজনীয়ে একেলগে ক'লে-'হয় ছাৰ, আপুনি আজি কিয় মাতিলেনো আমাক? '
' কালি প্লাৱিতাই পৰীক্ষাত তাইৰ ভুল হোৱা বাবে পঢ়া-শুনা এৰি দিম বুলি কোৱাত মই ভাবিলো তাইক মই ভালকৈ বুজাব লাগিব তাই যে একেবাৰেই ভুল কথা কৈছে । উদাহৰণসহ বুজাব লাগিব।সেয়ে সময় লাগিব।সেয়ে আজি মাতিলো। এলবাৰ্ট আইনষ্টাইনৰ দৰে বিজ্ঞানীজনে কি কৈছিল জাননে ?
বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিল -' কোনো লোকে যদিহে জীৱনত কেতিয়াও ভুল কৰা নাই,তেন্তে বুজিব লাগিব তেওঁ একো নতুন কৰাৰ বাবে কাহানিও চেষ্টা কৰা নাই । '
ছাৰে আকৌ ক'লে-
'টমাচ আলভা এডিচনৰ বিষয়ে তহঁতে জানই চাগে ?'
'হয় ছাৰ, টমাচ আলভা এডিচন এজন বিখ্যাত বিজ্ঞানী আছিল। বিজুলী বাটিৰ আৱিষ্কাৰক।'
'হয় তহঁত দুয়োজনীয়ে একদম শুদ্ধ কথা কৈছ। '
'এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এয়ে যে - টমাচ আলভা এডিচন একেদিনাই বিজ্ঞানী হৈ উঠা নাছিল । টমাচ আলভা এডিচন শৈশৱতেই পিতৃহাৰা হোৱাত মাকেই ডাঙৰ দীঘল কৰিছিল। টমাচ আলভা এডিচন সৰুতে পঢ়াত ভাল নাছিল। স্কুলৰ পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰাৰ বাবে স্কুলৰ শিক্ষকে এডিচনৰ হাতত মাকলৈ বুলি এখন চিঠি দি পঠিয়াইছিল । চিঠিখন পঢ়ি মাকৰ খুব দুখ লাগিছিল।'
প্লাৱিতাই প্ৰশ্ন কৰিলে -' কিয় দুখ লাগিছিল ছাৰ ? '
'কাৰণ চিঠিখনত লিখা আছিল -' আপোনাৰ সন্তান স্থূলবুদ্ধিসম্পন্ন,সেয়ে এই স্কুলৰ বাবে তেওঁ উপযুক্ত নহয়, আমি কোনোপধ্যেই তেওঁক আমাৰ স্কুলত আৰু আহিব দিব নোৱাৰোঁ।' মাকে কিন্তু এডিচনক চিঠিখনত থকা কথাখিনি বেলেগকৈ পঢ়ি শুনিলে । তেওঁ পঢ়িলে এইবুলি - ' আপোনাৰ পুত্ৰ খুব মেধাবী, এই স্কুল তেওঁৰ বাবে সৰু। আৰু ইয়াত তেওঁক শিকাবলৈ উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নাই। অনুগ্ৰহ কৰি আপুনি নিজেই তেওঁৰ শিক্ষাৰ ব্যৱস্থা কৰক ।'
কৃশাংগী আৰু প্লাৱিতাৰ উৎসুকতা বাঢ়ি গৈছে -
'তাৰপিছত কি হ'ল ছাৰ !'
'তেতিয়াৰ পৰাই টমাচ আলভা এডিচনে মাকৰ কাষতেই শিক্ষা লোৱাৰ আৰম্ভ কৰিছিল। এনেকৈ অনেক বছৰ হোৱাৰ পাছত টমাচ আলভা এডিচন হৈ উঠিল বিশ্ববিখ্যাত বিজ্ঞানী, শিল্পী, তথা মাৰ্কেটিং জগতৰ সফল উদ্যোক্তা। বৈদ্যুতিক বাতি আৱিষ্কাৰ কৰি সমগ্ৰ পৃথিৱীকেই আলোকিত কৰিছিল টমাচ আলভা এডিচনে । ইয়াৰ উপৰিও সফল বিজ্ঞানী হিচাপে গ্ৰামোফোন, ভিডিঅ' কেমেৰাসহ আৰু অনেক যন্ত্ৰ আৱিষ্কাৰ কৰিছিল এডিচনে।'
'বাহ হয় নিকি ছাৰ ?' - প্লাৱিতাই ক'লে।
' হয়, টমাচ আলভা এডিচনে একেদিনাই বিজ্ঞানী হোৱা নাছিল। তেওঁ জীৱনত ভুল নকৰাকৈও থকা নাছিল। তেওঁ নিজেই কৈছিল যে তেওঁ জীৱনত অসংখ্যবাৰ ভুল কৰিছে ।'
প্লাৱিতাই অতি উৎসাহেৰে প্ৰশ্ন কৰিলে -' ভুল কৰিছিল যদিও কেনেকৈ বিজ্ঞানী হ'ল ছাৰ ?'
' এডিচনৰ মতে তেওঁ অসংখ্যবাৰ ভুল কৰাৰ বাবেহে বোলে তেওঁ এতিয়া বহু গুণৰ অধিকাৰী। জীৱনত বহুবাৰ ভুল কৰাৰ কথা জানি এজন প্ৰশ্নকৰ্তাই যেতিয়া এডিচনক কৈছিল - ' তেনেহ'লে আপোনাৰ মূৰত বুদ্ধি ক'ম? '
উত্তৰত এডিচনে কৈছিল সেয়া এনেকুৱা, 'মূৰত বুদ্ধি ক'ম আছিল কিন্তু অসংখ্য বাৰ ভুল কৰাৰ কাৰণে সেইটো বাঢ়ি অসংখ্য গুণ হৈ গৈছে ! '
ছাৰৰ মুখেৰে টমাছ আলভা এডিছনৰ কাহিনী শুনি প্লাৱিতাৰ মনত আশাৰ ৰেঙণি জাগিল। তাইৰ মুখখন উজ্জ্বলি উঠিল । তাই ক'লে-
'ছাৰ, ময়ো তাৰমানে পাৰিম নহয়নে? মোৰ ভুলবোৰৰ পৰাই ময়ো বহু কথা শিকিব পাৰিমনে ছাৰ ?মোৰ ভুলবোৰো এদিন কমিবনে ছাৰ ?'
'কিয় নকমিব আকৌ ? চেষ্টাৰ অসাধ্য একো নাই। আত্মবিশ্বাস বৰ ডাঙৰ কথা। টমাচ আলভা এডিচনেতো গ'মেই পোৱা নাছিল চিঠিখনৰ প্ৰকৃত কথাটো । মাকে কোৱামতেই তেওঁ নিজক খুব মেধাৱী বুলি ভাৱিয়েই পঢ়ি গৈছিল। আৰু শেষত সেই কথাৰেই প্ৰমাণ দিলে । গতিকে তই কিয় নোৱাৰিবি ? আৰু তইতো পঢ়াত বেয়া ছোৱালী নহয় । শ্ৰেণীত সকলো বুজি পাওঁ , তোৰ কিহৰ চিন্তা ? পঢ়াবোৰ ঘৰত খুব লিখি লিখি অভ্যাস কৰিবি। একেটা অংককে বাৰে বাৰে কৰিবি। এতিয়া যিমান কৰিছ তাতকৈ অধিক কৰিবি। '
কৃশাংগীয়ে ক'লে 'আপুনি একেবাৰেই ঠিক কথা কৈছে ছাৰ। এইতো পঢ়াত বেয়া নহয়। আৰু কষ্ট কৰিলে বহুত ভাল হ'ব ।'
ছাৰ আৰু কৃশাংগীৰ কথাই প্লাৱিতাৰ মনত আত্মবিশ্বাস দৃঢ় কৰিলে । তাই আগতকৈ বহুত বেছি মনোযোগেৰে পঢ়িবলৈ ধৰিল। ঘৰতেই অংকৰ বহুত অভ্যাস কৰিলে । ভুল হোৱাটো বাৰে বাৰে কৰিল। একেটা অংককে বাৰে বাৰে কেইবাবাৰো কৰিল। ছমহীয়া পৰীক্ষাত আগতকৈ বহুত ভাল হ'ল তাইৰ ৰিজাল্ট। প্লাৱিতাৰ উৎসাহ আৰু বাঢ়িল। তাই শ্ৰম কৰি গ'ল। আৰু এদিন তাই এই শ্ৰমৰ সুফলো পালে । বছৰেকীয়া পৰীক্ষাত কৃশাংগীয়ে প্ৰতিবাৰৰ দৰেই প্ৰথম বিভাগত অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হ'ল । কৃশাংগীৰ সিদিনা তাইৰ নিজৰ ফলাফলে যিমান আনন্দ দিলে তাতকৈ অধিক আনন্দ পালে তাই প্লাৱিতাৰ ফলাফলত। প্লাৱিতাই দ্বিতীয় স্থান পাইছে। কৃশাংগীতকৈ মাথো তিনি নম্বৰৰ ব্যৱধান। অংকত দুয়োজনীয়ে ১০০ নম্বৰ পাইছে। কৃশাংগীয়ে আনন্দতে প্লাৱিতাক সাবটি ধৰিলেহি। ছাৰ বাইদেউহঁতেও বৰ আনন্দ পালে ।বিশেষকৈ প্ৰধান শিক্ষকে । দুয়োজনীয়ে প্ৰধান শিক্ষকক সেৱা জনাই ঘৰলৈ বুলি বাট ল'লে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ