শেষ বিদায় - জ্যোতিস্মিতা বৰা

©Admin
0
আজি তাইক বহুত দিনৰ মূৰত দেখিলোঁ। একে আছে তাইজনী, আগৰ দৰেই আছে। মুখৰ হাঁহিটো মাথোঁ অলপ কমিলে। গভীৰ নীলা চকুযোৰৰ গুৰিত ক'লা ৰেখা এডাল অংকিত হৈছে। তাই হয়তো সেই কষ্ট নিজক দিও বুলিয়ে দিছে। দীঘল চুলিতাৰি পাক লাগি আছে, আউল বাউলহৈ। আমাৰ অন্তিম সাক্ষাৎকাৰৰ সাক্ষী সেই কৃষ্ণচূড়া জোপাৰ তলত তাই এখন্তেক ৰৈছে। মই পিছে তাইক আগৰ দৰেই দেখিছোঁ। কৃষ্ণচূড়া বৰণে মোক আকৰ্ষণ কৰিছে , মই মাথোঁ যাব বিচৰা নাই। তাই কপালৰ সেন্দুৰীয়া পথটি মোৰ বৰ অচিনাকী। এই যে অচিনাকী পথবোৰ আৰু অচিনাকী মানুহবোৰৰ মাজত বহুত পাৰ্থক্য আছে। হেজাৰ পাৰ্থক্য। মই লাহে লাহে চাহৰ দোকানখনলৈ সোমাই গ'লোঁ। আস: পিঠিত পৰিল কাৰোবাৰ হাতৰ এটি মিঠা পৰশ। চিনাকি সুগন্ধ! ঘূৰি চাই দেখিলোঁ তাই জনী। আচৰিত হৈ চিঞৰি উঠিলোঁ...
"মায়া.."

কথাবোৰ দেখোন মই ভৱাৰ দৰে নহয়। মই যি কল্পনাৰ এক হেঙুলীয়া আলি তাইৰ শিৰৰ মাজেৰে অনুধাৱন কৰিছিলোঁ সেয়া নাই। এটা অন্ধকাৰ পথ। চাৰি বছৰ পুৰণি সেই অতীতৰ কাল নিশা মই মূৰ্ছনা হেৰুৱাই লৈছিলোঁ এক পথ, ডিঙিত বান্ধি ল'ব খুজিছিলোঁ প্ৰশ্নবোধকৰ চিপ জৰী। সেই অমানিশাই আছিল আমাৰ শেষ সাক্ষাৎকাৰ। বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উৰ্ত্তীণ হোৱা তাই জনীয়ে ডিঙিত সোণৰ পদক পিন্ধি মোক শেষ বাৰলৈ সাক্ষাৎ কৰিছিল। মই আছিলোঁ ৰসায়ন বিজ্ঞানৰ, কিন্তু তাইৰ নিচিনাকৈ কোনোটো বিষয়তে মোৰ বিশেষ দক্ষতা নাছিল। সন্ধ্যা পৰত বৰ পুখুৰীৰ পাৰে পাৰে বহি সৃষ্টি হৈছিল এখন ডাঙৰ মেল। জীৱন গঢ়াৰ নৱ্য প্ৰজ্ঞা। 

সেয়া আছিল আমাৰ অন্তিমটো পৰীক্ষা, তাই লৰালৰিকৈ উঠি গা ধুই ভগৱানক আৰাধনা কৰি শেষ হয় মানে নাইকীয়া হৈ গৈছিল ক'ৰবাত তাইৰ মোবাইলটো, কোনে নিলে! তাই বিছনাখনতে থৈ কাম কৰি আছিল, বহুত বিচাৰিও নাপালে। উপাই নাপাই পৰীক্ষা দিবলৈ ওলাই গ'ল, শেষৰটো পৰীক্ষাত তাই ইমান মন বহুৱাব নোৱাৰিলে, তথাপিও ভালেই হ'ল। মোবাইলটো বিচাৰি নাপালে, এনেকৈ পিছদিনা ভাইৰেল হৈ গৈছিল তাইৰ ফটো, হাতত কাৰোবাৰ সোণৰ অলংকাৰ লৈ তাইৰ এখন ফটো মোবাইলে মোবাইলে ঘূৰি ফুৰিল, বহুতে তাইক চোৰ সজালে। বহুদিন তেনেকৈয়ে গ'ল। জনপ্ৰিয় তাই জনী মানুহৰ ওচৰত মুখ উলিয়াব নোৱাৰা অৱস্থা হ'ল। দিপ্ৰেশ্যনত ভুগিব লাগিলে। তাই শ্লিপিং ঔষধ বোৰ নিজৰ সংগী কৰি লৈছিল। প্ৰথমে এটা, পিছত দুটা ক্ৰমান্বয়ে সেই ঔষধ বোৰ তাইৰ প্ৰিয় খাদ্যৰ তালিকাত ঠাই ল'লে। এটা সুন্দৰ পৰিয়াল লাহে - লাহে ধ্বংস হৈ গৈছিল। দেউতাকো মৃত্যুৰ কোলাত ঢলি পৰিল। কেৱল বাকী থাকিল মাক , তাইজনী আৰু ককায়েক। সেইদিনা আছিল কনভকেশ্যন , তাই ইউনিভাৰ্ছিটিলৈ আহিছিল। এটা নীলা চোলা পিন্ধি, চুলিখিনি মেলি আহিছিল। তাইক বৰ ধুনীয়া লাগিছিল। তেতিয়া হয়তো মেঘমল্লাই প্ৰথম জাক বৰষুণ নমাইছিল মোৰ পদূলিত ।তাই প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উৰ্ত্তীণ হোৱাত চৌদিশে পুনৰ হাতচাপৰি বাজি উঠিছিল। তাই আৰু এবাৰ সভ্যতাৰ প্ৰমাণ দিছিল। কোনোবাটো কোণত যে তিৰস্কাৰৰ হাঁহি জিলিকা নাছিল তেনে নহয়। আনন্দ থাকিলে বিষাদ থাকিবই, প্ৰশংসা থাকিলে গৰিহণা থাকিবই।

পাখি আছে বাবে ময়ুৰ ধুনীয়া
উশাহ আছে বাবেই জীৱন ধুনীয়া....!

সেইজাক বৰষুণৰ মাজতে তাই দৌৰি আহিছিল মোৰ বুকুৰ মাজলৈ। যেন সমীৰে দৌৰি আহি খামুচি ধৰিবহি এজোপা বিৰিখক। অনুভৱৰ তাৰণাত মই দুচকু জপাই দিছিলোঁ, কৃষ্ণচূড়াৰ পাহিবোৰ এপাহ এপাহকৈ বৰষুণৰ ভাঁজত গাত লাগি ধৰিছিলহি। গম পোৱা নাছিলোঁ পিছে, কাৰণ কৃষ্ণচূড়াৰ যে সুৱাস নাই।

:- বা: একদম ফাৰ্ষ্ট ক্লাছ ফাষ্ট হৈ গ'লা, মোক একো এটা নোখোৱালা।
:- তুমি কিনিবা ব'লা, খোৱাইহে দিব লাগে।
:- হেই....

তাই দৌৰ মাৰিছিল, বৰপুখুৰীৰ পাৰে পাৰে, মইও পিছে পিছে দৌৰিছিলোঁ। তাইৰ ডিঙিৰ আকাশনীলা দুপাত্তাখন বকুলজোপাৰ তলত পৰি গ'ল , হয়তো তাই গমেই নাপালে। আন্ধাৰৰ মাজত হেৰাই যোৱা তাইজনীক বিচাৰি নাপালোঁ মই। জোনাকী পৰুৱা বোৰে মোক বাট ভেটি ধৰিলে । সেই ক্ষণ শেষ হ'ল ৰাতিও পুৱাবৰ হ'ল। ভাইব্ৰেশ্যনত থোৱা ফোনটোৰ শব্দত টোপনি ভাগি গ'ল মোৰ। মোবাইলৰ স্ক্ৰীণখনৰ ওপৰত জিলিকি আছিল এটি নাম মায়া। মোৰ সপোন কুঁৱৰী মায়া। সময় ৰাতি দুই বাজি গৈছিল। ইমান সময়ে তাইৰ খা - খৱৰ নাপাই এক অশান্ত ইলেকট্ৰনৰ দৰে হৈ পৰিছিলোঁ, এটা ষ্টেবল এনাৰ্জি লেভেল ল'বলৈ অথনিৰ পৰা যুঁজ বাগৰ কৰি, বিক্ৰিয়া কৰি এতিয়া যে অলপ শান্ত হৈছোঁ।

:- হেল্ল'। ---- বৰ আকুলতাৰে তাইৰ মাত শুনিবলৈ মোবাইলটো কাণত লগাই লৈছিলোঁ, আনৰ সৈতে হেডফোনত কথা পাতো কিন্তু তাইৰ সৈতে কথা পাতিলে দেখোন হেডফোনডাল ল'বলৈ মন নাযায়। এজন পুৰুষৰ কণ্ঠ সিফালৰ পৰা ভাঁহি আহিল।

:- আপুনি নিয়ৰ নহয় জানো, মায়াৰ এক্সিডেণ্ট হৈছে। এতিয়া কণ্ডিশ্যন কৃটিকেল। আপুনি আৰু তাইলৈ ফোন নকৰিব। তাইক অকলে এৰি দিয়ক। সকলো কথা গম পালোঁ আমি, তাইলৈ আশা নকৰিব।
---- ফোনটো কাট খাই গ'ল, যাওঁক। মোৰ হাতেৰে ধৰি থাকিব পৰা শক্তি নাই। সপোনৰ পম খেদি যি এখন মায়াৰ নগৰী সৃষ্টি কৰিছিলোঁ আজি ধ্বংস হ'ল নিয়ৰৰ নেদেখা সন্ধ্যাত। এইয়া কোনো মায়া নগৰী মুম্বাই নাছিল সম্ভ্ৰান্ততাৰ চাপ পৰিবলৈ। সকলো নিয়তিৰ কোলাত দলিয়াই দিলোঁ। এটা দীঘল হুমুনিয়াহ সৰি পৰিল।

ইউনিভাৰ্ছটিৰ বৰ পুখুৰীৰ পাৰত তাই নিৰুদ্দেশ হৈছিল। বাটত পৰি আছিল তাইৰ নিথৰ শৰীৰ। এক্সিডেণ্ট হিচাপে বিশ্বাস নিয়াবলৈ কোনোবাই ৰাস্তাৰ দাঁতিতে পেলালে, সোঁ হাতৰ ওপৰত গাড়ীৰ চকাৰ চাপ। কিন্তু শৰীৰৰ ক্ষত বিক্ষত কৰা মানুহবোৰ ধৰা নপৰিল।

 আজি আকৌ তাইক দেখিলোঁ। এইয়া মায়া নগৰৰ কোনোবা এটি সুঁতিত মোৰ ৰক্তৰ প্ৰৱাহ বন্ধ হৈছে। সপোনৰ পৃথিৱীত বন্দী হৈ থাকোতেই দেখিলোঁ তাই দেখোন কিবা এটা ইংগিতেৰে দেখাই দিছে। মই ধৰিব পৰা নাই। তেনেতে ককায়েক আহি উপস্থিত হ'লহি। এইয়া দেখোন এক অবিশ্বাসযোগ্য কথা। সেই বিচ্ছেদৰ দিন ধৰি তাই যি এক সুকীয়া ঠিকনা গঢ়ি লৈছিল, সেই ঠিকনাই তাইক দিকভ্ৰান্ত কৰিলে। সকলো তাইৰ মনত এতিয়া পাহৰণি গৰ্ভত। শুৱলা কণ্ঠটি তাই হেৰুৱালে। মই গান শুনিবলৈ এৰি দিম আজিৰ পৰা...

"পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা....."

কেতিয়াবা বোলে তাই নিজকো পাহৰে, বিশ্বাস হোৱা নাই মোৰ। ইমানেই যদি গভীৰ বিশ্বাস, গভীৰ আকুলতা , স্পন্দনময়ী ব্যঞ্জক, কবিত্বময়ী ভাষাৰে কবিতা লিখাৰ উপাসা আছিল, সেই বিচ্ছেদৰ কাৰণ তেন্তে কি আছিল। সকলো প্ৰশ্ন। গোটেই পৃথিৱীখনেই প্ৰশ্ন। মই ইমান প্ৰশ্নৰ ভৰপাকত সোমাই পৰিছোঁ যে কেতিয়াবা ডিঙিত প্ৰশ্নবোধকৰ চিপ জৰী বান্ধিব লাগিব। কৃষ্ণচূড়াজোপাক পুনৰ সাক্ষী কৰি তাই আঁতৰি গ'ল। উভতি মোলৈ এবাৰ চাইছিল। এইয়া হয়তো শেষ বিদায়। বিদায়ৰ জানো শেষ বুলি কথা আছে। কিন্তু মই এই বিদায়ক শেষ বুলি নাম দিবলৈ বাধ্য। হয়তো মইয়ো হেৰাই যাব লাগিব পোহৰ নোহোৱা কোনোবা বাটত....।

(সমাপ্ত)
✍️ জ্যোতিস্মিতা বৰা
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)