আমি দুয়ো একে গাঁৱতে থাকো।
সেয়াই আমাৰ অনাবিল সুখ।
সিহঁতৰ গছত পক্ষীয়ে গীত জুৰে।
সেই গীতত মোৰ হিয়া উঠলি উঠে।
সিহঁতৰ দুটা ভেড়া পোৱালি আছে ,গছৰ তলত যি নিৰলে চৰে।
মোৰ খেতিৰ বেৰখন যদি ভাঙে, তাক কোলাত তুলি ল'বা।
আমাৰ গাঁওখনৰ নাম খঞ্জনা, আমাৰ এই নদীখনৰ নাম অঞ্জনা।
গাঁৱৰ পাঁচজনেটো জানেই মোৰ নাম ।
মোৰ নাম ৰঞ্জনা।
ঘন ঘন দুই চুবুৰী, মাজত সামান্য এটা ফাঁক।
সিহঁতৰ হাবিত অনেক মৌমাখি , কিন্তু মোৰ হাবিত বান্ধে মৌ চাক।
তেওঁলোকৰ ঘাটৰ পূজাৰ ৰক্তজবা,
ভাঁহি আহে মোৰ ঘাটত।
তেওঁলোকৰ চুবুৰীৰ কুসুম ফুলৰ ডাল,
মোৰ চুবুৰীৰ বজাৰত বেচে।
আমাৰ এই গাঁৱৰ নাম খঞ্জনা। আমাৰ এই নদীৰ নাম অঞ্জনা।
গাঁৱৰ পাঁচ জনেটো জানে মোৰ নাম, মোৰ নাম ৰঞ্জনা।
আমাৰ গাঁৱৰ ৰাস্তাত ডাল ভৰি ভৰি, আম থাকে ভৰি।
যেতিয়া তেওঁ লোকে খাবলৈ ধৰে, তেতিয়া মোৰ জিভাৰ পানী পৰে।
যেতিয়া সিহঁতে নিজৰ বেলকণীলৈ উঠে,
তেতিয়া এচাটি শীতল মলয়াই ৰিব ৰিবকৈ মোৰ বেলকণীলৈ আহি হৃদয় জুৰাই। তেওঁলোকৰ বাৰীত যেতিয়া ৰিম ঝিম বৃস্তিৰ মুকুতা সৰে,
মোৰ বাৰী ফলে-ফুলে সোণত শুৱগা চৰে।
আমাৰ এই গাঁৱৰ নাম খঞ্জনা আমাৰ এই নদীৰ নাম অঞ্জনা।
মোৰ নামটো জানেই গাঁৱৰ পাঁচ জনে,মোৰ নাম ৰঞ্জনা।
হয়, ময়েই ৰঞ্জনা।।
কবি: ৰবীন্দ্ৰনাথ ঠাকুৰ
(বাংলা) অসমীয়া
অনুবাদ : পঙ্কজ ৰবিদাস।
ফোন:৯২০৭৩২৮১৩১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ