"এক বৃক্ষ দশ পুত্ৰ সম"
সিদিনা ৪১° চেলচিয়াছৰ উত্তাপত ইফালৰ পৰা সিফাললৈ ল'ৰি ফুৰোঁতে হঠাৎ গুৰুজনাৰ উক্ত বাণীটোৱে বাৰে বাৰে মনত দোলা দি গ'ল। বৰ্তমান পৃথিৱী এনে এক ভয়াবহ স্থিতিৰ কবলত আছে, য'ত এই আপ্তবাক্যষাৰীৰ মৰ্মাৰ্থ উপলব্ধিৰ গুৰুত্ব অত্যন্ত।আধুনিকতাৰ ধামখুমীয়াত আত্মকেন্দ্ৰিক চিন্তাত নিমজ্জিত হৈ থকা আমি মানৱ প্ৰজাতিয়ে আন এটা বাক্যও উপলব্ধি কৰাৰ সময় যে "গছ থাকিলেহে মানুহ থাকিব"। কিন্তু... আমি মানু্হবোৰ জানো প্ৰকৃতাৰ্থত মানুহ হৈ আছোঁ! একো একোটা যন্ত্ৰৰ ৰূপলৈহে যেন পৰ্যবসিত হৈ পৰিছোঁ।
পৰিৱেশ দিৱসকেই আদি কৰি ভিন দিৱস পালনত আমি পাৰ্গত কিন্তু তাৰ তাৎপৰ্য কিমান বুজি পাওঁ সেয়াহে বিচাৰ্য।আকৌ এই দিৱস পালনৰ পৰিৱেশপ্ৰমী সকলেই পৰিৱেশ ধ্বংসৰ যজ্ঞত নামি পৰোঁ।এনে ধ্বংস যজ্ঞৰ আঁৰৰ কাৰণবোৰ ফঁহিয়াই চোৱাটো খুব জৰুৰী।এই ধৰক দিনক দিনে কিয় পৰিৱেশ প্ৰদূষিত হৈ আহিছে! গোলকীয় উষ্ণতা কিয় বাঢ়িছে! জলবায়ুৰ পৰিৱৰ্তনৰ কাৰক কি!বহনক্ষম উন্নয়নৰ প্ৰতি গুৰুত্ব কিয় কমিছে!
এনে ক্ষেত্ৰত পৃথিৱীৰ জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি অন্যতম কাৰক। পৰিৱেশ যদি সুস্থ নহয় মানৱ জাতিৰ বাবেই বিপদ। কাৰণ মানৱ সভ্যতাটো পৰিৱেশৰে দাস। প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত নিসন্দেহে গছে পৰিৱেশ সুস্থিৰ কৰি ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে। আমি জীৱশ্ৰেষ্ঠ মানুহে সকলো জানিও অনাহকত অৰণ্যৰ ধ্বংসত নামিছোঁ। কাৰণ আমাৰ ভৱিষ্যতৰ প্ৰতি নহয়, বৰ্তমানৰ ভোগৰ প্ৰতিহে গুৰুত্ব বেছি।অদূৰ ভৱিষ্যতে অৰ্থসংকটত নপৰাকৈ নিজৰ সন্তানক কেনেকৈ সুখত ৰাখিব পাৰি, কেনেকৈ বিলাসী জীৱন এটাৰ আঁত ধৰি দিব পাৰি তাৰ বাবে মানৱীয়তা, নৈতিকতাক জলাঞ্জলি দি মুনাফা আহৰণৰ চিন্তাত লাগিছে। তাৰেই পৰিপ্ৰেক্ষিতত চোৰাং বেপাৰীয়ে অবাধ লুণ্ঠন চলাইছে, অসমৰ বিভিন্ন বনাঞ্চলৰ বনজ সম্পদৰ ওপৰত উদ্বেগজনকভাৱে বাঢ়ি অহা বেদখলকাৰীয়ে দখল কৰিছে।এই সকলোৱে লগলাগি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাটো খাটাং হৈ পৰিছে। কিন্তু এনে এক প্ৰেক্ষাপটতো জন প্ৰতিনিধিসকল মৌন হৈ ৰোৱাতো আচৰিত কথা। গতিকে আমি নিজেই সচেতন হোৱাটো জৰুৰী।কিয়নো পৰিৱেশে লাহে লাহে অনুধাৱন কৰাইছে যে গছ অথবা প্ৰকৃতিৰ অবিহনে পৃথিৱীৰ অস্তিত্ব কিমান বিপদাপন্ন।
১৯৭৩ চনৰ ৫ জুনৰ পৰা "বিশ্ব পৰিৱেশ দিৱস" পালন কৰি অহা হৈছে। কিন্তু পৰিৱেশ প্ৰেম জাহিৰ কৰিবলৈ এটা দিনেই যথেষ্ট নে! গছপুলি ৰোপণৰ ঘোষিত অঘোষিত প্ৰতিযোগিতাক চেৰ পেলাই আমি যদি লালন পালন কৰি জীয়াই ৰখাৰ প্ৰতিযোগিতাত নামো তেনেহ'লে নিশ্চিতভাৱেই পৃথিৱীখন সেউজীয়া হৈ পৰিব।
সম্পাদক - ৰেবিকা নেওগ
অসমীয়া সাহিত্যৰ চানেকি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ