পথৰুৱা বতাহজাক মুকলি মনে বলিছে
আকাশত উৰিছে কঁপহুৱা মেঘ
বিল-পুখুৰী, ম'হঘূলিত ফুলিছে ভেঁট,পদুম ফুল
শেৱালী,খৰিকাজাঁইৰ সুবাসে সুবাসিত
প্ৰতিজন মানুহৰ হৃদয়।
বৰনৈৰ পাৰত ফুলিছে কঁহুৱা-বিৰিণা শুকুলা শুকুলা
তাৰ কোমল বতাহে চুইছে মানুহৰ মন, হৃদয়
নিঁয়ৰ সিক্ত দুৱৰি বন।
সেউজীয়া পথাৰখনে হাত বাউলী দি মাতিছে
পিতাইৰ চোতালত বালিমাহীৰ দেওনাচ ।
ডালভৰি ফুলিছে সৰিছে শেৱালী,তগৰ
বুকুৰে উজাইছে বহু দুখৰ পিছত একাঁজলী সুখ,
মলয়া বা'ই গুণগুণাইছে
শস্যশালী পথাৰৰ বঁকিয়াত বহি
সঁজাল ধানৰ লগত মাৰিছে চুপতি,
মোৰ চেনেহী গাঁৱ(আলামি) লৈ আহিন আহিছে।
জাকি মাৰি উৰিছে শৰালি,ৰাজহংসজাক
সেউজী ধানৰ আঁচল ধৰি
গাইছে সেউজী জীৱনৰ সেউজীয়া গান।
উত্ৰাৱল উত্ৰাৱল সেউজ সময় উত্ৰাৱল
সেউজীয়া মন-প্ৰাণ।
✍️ বলিন বৰদলৈ
আলামি,গোলাঘাট
৯৪০১৮৭৬৭২৮
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ