আমাৰ দিনৰ এল.পি. স্কুল- প্ৰিয়ংকা লাগাছু

©Admin
0
ভাবিলে লাজেই লাগে, আমাৰ দিনত আমাৰ এল. পি. স্কুলখন এনে নাছিল। এতিয়াহে নতুন মাষ্টৰ আহিল নতুন চৰকাৰে নতুন নিয়ম উলিয়ালেগৈ। নতুন নতুন কৌশলেৰে নতুন নতুন শিক্ষা দিয়ে। নতুনকৈ স্কুল সাজিলে, নতুন ৰং সানি ৰং বিৰঙি কৰিলে। নতুন নতুন...
          আচলতে মই নতুন নতুন কিয় কৈ আছোঁ। বাৰু যাই কি নহওঁক ,এতিয়া আমাৰ দিনৰ এল. পি. স্কুল খনৰ সাধুকে শুনাও। সাধু বুলিয়ে কব লাগিব, কাৰণ আজিৰ দিনৰ এল. পি. স্কুল আৰু আমাৰ দিনৰ এল.পি.স্কুল তুলনা কৰিবলৈ হলে, লৰা ছোৱালীবোৰে সাধু বুলিবই । ঠিক আছে তেনেহলে আৰম্ভ কৰোঁ আমাৰ এল.পি. স্কুলৰ কাহিনী।
             আমাৰ স্কুল খনৰ নাম আছিল নাহৰণী এল.পি. স্কুল। গাঁওখনৰ নামক লৈ স্কুলখনৰ নাম দিয়া হৈছিল। পিছে গাঁওখনত জন্ম লোৱাৰ পৰা ধৰি আজিলৈকে নাহৰ গছ এজোপাও দেখা নাই। ককাদেউতাহতে কয়,'আগতে এই ঠাইডোখৰ নাহৰ গছৰ হাবি আছিল ।এতিয়া সেই হাবি ভাঙি মানুহৰ বসতি কৰিলে । তেতিয়াৰ পৰা ধৰি আৰু নাহৰ গছ নগজিল'।
             এতিয়া নাহৰণীৰ পৰিচয় এৰি আচল কথালৈ আহোঁ। স্কুলখন কেঁচা বাঁহৰে সজা, মামৰ ধৰা টিঙেৰে সজা এটা কোঠা আছিল। দেক্স বেঞ্চ বোৰো আছিল ভগা। স্কুলখনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল ৪০। হেডমাষ্টৰ জনৰ নাম আছিল হলিৰাম পিছে নামৰ ঠিক ওলোটা কৰিছিল। ৰাম কম কুম্ভকৰ্ণ বেছি লাগিছিল, দেখাটো আৰু স্বভাৱটো, শকত আবত,ক'লা, মাতটো কৰ্কশ ।মুঠৰ ওপৰত স্কুলত হুবলৈহে আহিছিল । স্কুলত আহে ১০:০০ বজাত, আহিয়েই ৰেজিষ্টাৰ মাৰিব তাৰ পিছত টেবুলত ভৰি থৈ হাতত বেট লৈ চকু মুদি থাকিব আৰু চিঞৰি থাকিব "মই নাই শুৱা আকৌ, চব দেখি আছোঁ উৎপাত নকৰ, নহলে পিতিম "। পিছে ইফালে নাক ঘূৰঘূৰাই শুই থাকে। আমি ইজনে সিজনৰ লগত আলোচনা কৰোঁ 'ছাৰক ঘৰত বাইদেউগৰাকীয়ে কাম কৰোঁৱাই চাগে, সেইকাৰণে ইয়াত ভাগৰ মাৰেগৈ'। পিছে আমি বেয়া নাপাও , ভালেহে পাওঁ । ইফালে ছাৰে গাহৰিৰ নিচিনাকৈ নাক বজাই শুই থাকিব আৰু আমি বাৰণ্ডাত বহি চেং গুটি, খলিগুটি খেলি থাকোঁগৈ ।
             হেডছাৰৰ বাহিৰেও বাইদেউ এগৰাকী আছিল,নাম তেওঁৰ ৰুণুমী। পিছে বাইদেউৰ এই দুষ্ট ল'ৰা ছোৱালীবোৰক চম্ভালিব পৰা শক্তি নাছিল। ৰান্ধনী ঘৰত সোমাই ল'ৰা ছোৱালী বোৰৰ দুষ্টামি ৰান্ধনী দুগৰাকীক শুনাই থাকেগৈ। ইফালে কিছুমান ল'ৰা ছোৱালী বাইদেউৱে কি কথা পাতিছে বুলি বেৰত কান দি শুনেগৈ । বাৰে বাৰে খেদাৰ পিছতো আহিব, তাকে দেখি বাইদেওঁৱে কয় "দেখিছনে বাৰু এইবোৰক, কি ল'ৰা ছোৱালী দেই , মাক দেউতাকে কেনেকৈ চম্ভালে বাৰু" সদাই একেখিনি কথা। বাইদেউ গৰাকী আছিল শান্ত শিষ্ট, দুৰ্বল প্ৰবিত্তিৰ মানুহ, হাই উৰুমি সহ্য কৰিব নোৱাৰে। মাথো পঢ়াৱ জানে, না টানকৈ গালি দিব পাৰে না পিতিব মেলিব পাৰে। যাৰ ফলত ল'ৰা ছোৱালীবোৰে উলোতাই বাইদেউক হে দম দিয়ে। ল'ৰা ছোৱালীবোৰৰ এনে কাণ্ড কাৰখানা দেখি বাইদেউৰ দুখ, কন্দনা মুৱা হয়গৈ। ক্লাছ ত কম ৰান্ধনিশালৰ বেছি থাকেগৈ ।বাইদেউ ৰ অৱস্থা দেখি ৰন্ধনীয়েহে সান্তনা দিবলগাত পৰে। পিছে ৰান্ধনী গৰাকীক লৰা ছোৱালী বোৰে বহুত ভয় কৰিছিল। গাঁৱত দেখিলেও কুছ মুচ খাই। ৰান্ধনিজনিৰ নাম পদ্মিনী। দেখাত শকত আঁৱত খঙাল চেহেৰাৰ , পঢ়াটো ভালেই আছিল আৰু ভাল পঢ়াইও। মেট্ৰিকটো হেনো ভাল ৰিজাল্ট কৰিছিল ,পিছে দুৰ্ভাগ্যবশতঃ পঢ়া নহ'ল। ৰান্ধনী গৰাকীৰ কথা লৰা ছোৱালী বোৰেও শুনে , সেয়েহে বাইদেৱে থাকেগৈ ৰান্ধনিশালত আৰু ৰান্ধনী খুৰী ক্লাছ পঢ়াই থাকেগৈ।
             দুপৰীয়া ১২:০০বজাত লঘূ আহাৰ দিয়ে। ভাতৰ লগত দালি, মটত আৰু চয়াবিন, যাক আমি কৈছিলো ছয়াবিন মাংস। নিমখ জলকীয়া নোহোৱা দালিপানী, লগৰ লৰা ছোৱালী বোৰে কেঁচা জলকীয়া আনিব আৰু মই চবৰে পৰা খুজি ফুৰো, দিব নুখুজিলে কওঁ "কাইলৈৰ পৰা মইও আনিম আৰু তহঁতকো দিম" পিছে কোনোদিনেই নি নাপালোঁ।ভাত খোৱাৰ আগত প্ৰাৰ্থনা কৰাৰ পৰম্পৰা আছে,যিটো প্ৰাৰ্থনা কম জমনি বেছি লাগিছিল। কোনোবাই আধা চকু মেলি চাই ফুৰিব কোন কেনেকৈ বহিছে, প্ৰাৰ্থনা গাইছে নে নাই। কোনোবা লৰাই আকৌ প্ৰাৰ্থনাৰ সময়ত চুৰিকৈ ভাত এগৰাহ মুখত ভৰাই দিয়ে, তাকে চাই ফুৰাজনে চিঞৰি চিঞৰি ৰান্ধনী খুৰিক কৈ দিব কোনে কি কৰে প্ৰাৰ্থনা সময়ত ,পিছে নিজেই এইবোৰে চাই ফুৰে প্ৰাৰ্থনা নকৰাকৈ। এনে বহুতো।
             ভাত খোৱাৰ পাছত হয় পানী খোৱা ছুটি, যিকন সময় স্কুল অহাৰ আমেজকন দিয়ে। ছোৱালী বোৰে খেলিব পিং খেল , ল'ৰাবোৰে খলিগুটি,কিছুমানে আকৌ খেলিব ছেং গুটি। সেইকন সময়ত ছবেই হেডছাৰৰ পৰা লুকাই ফুৰে নহলে দেখিলেই মাতিব, পকা চুলি উঘালি দিয়া কামত লগাব, যিটো ল'ৰা ছোৱালীৰ বাবে পঢ়াৰ সমানে কষ্টকৰ। জিৰণিৰ পিছত স্কুলৰ বাৰণ্ডাত চাৰে নেওঁতা পঢ়ায় । পঢ়াই কম মুখস্থ লয় বেছি। আহাৰ মাহৰ গৰমৰ দিন হেড ছাৰৰ গৰমো বেছি।এজনে বিচনি বিচি দিব লাগে আৰু এফালৰ পৰা মুখস্থ দি যাব লাগে, বিচনী বিচি দিয়া গৰাকীয়ে অলপ ৰেহায় পায়, বাকী মুখস্থ দিব নোৱাৰাবোৰ স্কুল ছুটি দিয়ালৈকে বাৰণ্ডাত আঠু কাঢ়ি থাক, যিটো লিষ্টত মই সদাই আছিলো। তাৰ পিছত আজিলৈ স্কুল ছুটি , ইফালে ছাৰে পাহৰিয়ে যায় যে বাৰণ্ডাত যে কোনোবা কোনোবাক আঠু কঢ়াই থৈছিল । বাহিৰত ওলাই আহি কয়হি "অহ..... উঠ....যাহক...কাইলৈ কিন্তু মুখস্থ কৰি দিব লাগিব"।
             এনেকৈএ পৰীক্ষাৰ সময় আহে।পৰীক্ষানো কি...... নামতহে দিয়া হয়। পৰীক্ষাৰ প্ৰশ্ন বৰ্ডত লিখি দি চাৰে বাৰণ্ডাত বহি ৰাস্তাৰ মানুহ চাই থাকেগৈ,তাৰে সুযোগ লৈ আমিও কিতাপ উলিয়াই পৰীক্ষাৰ বহী পূৰঠ কৰোঁ।আমাৰ তেতিয়া তেনেকৈয়ে পৰীক্ষা দিয়া হয়। আটাইতকৈ টান পৰীক্ষাটো হ'ল মুখৰ আগত শুধা প্ৰশ্নৰ উত্তৰ।য'ত বেছিভাগেই পিতন খায়,তাৰ মাজত মই টো আছোঁৱেই । 
             এদিনাখনৰ কথা । দ্বিতীয় শ্ৰেণীত নতুনকৈ আহিছোঁ।আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল চাৰি। ছাৰৰ প্ৰশ্ন -' গাখীৰ কৰ পৰা পায়?' সেইদিনা ছাৰৰ খং টো বেছিয়েই হৈ আছিল,কাৰণ কোনেও এটা প্ৰশ্নৰো উত্তৰ দিব পৰা নাছিলোঁ। সৱে পিতন খাই জ্ঞানহীন হৈ আছিলো। ছাৰৰ শেষ প্ৰশ্ন ' গাখীৰ কৰ পৰা পাই ' মই কি‌ উত্তৰ দিছিলোঁ অৱশ্যে মোৰ মনত নপৰে কাৰণ ভয়ৰ কোবত গাখীৰ কি বস্তু মই পাহৰি গৈছিলো। মোৰ লগৰ এজনীয়ে কৈছিল "গাখীৰ ঠিকাদাৰ ৰ ঘৰত পাই কাৰণ আমাৰ মাই সদাই তাৰ পৰাই গাখীৰ লয়" ।বেলেগ এজনে কৈছিল "আমাৰ মামহঁতৰ ঘৰত গাখীৰ পাই কাৰণ মামাহঁতৰ ঘৰত ম'হৰ খুটি আছে"। শেষৰজনৰ উত্তৰ "গাখীৰ ছাগলীৰ পৰা পাই "। উত্তৰ শুনি ছাৰ অবাক, হাঁহে হে কান্দে, উপাই নোহোৱা হ'ল । পিছত আৰু পিতন নাখালোঁ কিন্তু গোটেই দিনটোত বাৰণ্ডাতে আঠু কাঢ়ি থাকিলো, ৰাস্তাৰ মানুহে জুমি জুমি চাইছিল, পিচে কৰোঁ কি তলমুৰ কৰি থাকিলো।
            এয়াই আছিল আমাৰ এল. পি. স্কুলৰ কাহিনী। য'ত আমাৰ ব্যংগ স্মৃতি ভৰি আছিল।পিছে সেই কেঁচা বাঁহৰ আমাৰ স্কুলখন পঁকী হ'ল। বাইদেউগৰাকী এতিয়া ৰিতায়াৰ হ'ল ।চাগৈ বুঢ়ীএ হ'ল।ছাৰজন আৰু এই পৃথিৱীত নাই।পিছে সেই অংক শিকোৱা ৰান্ধনী গৰাকী এতিয়াও সেই স্কুলৰ ৰান্ধনী।
                
প্ৰিয়ংকা লাগাছু 
 লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)