বিপ্লৱী তুমি - দিপশিখা ৰাজকোঁৱৰ

©Admin
0
হেৰা বিপ্লৱী শিল্পী,
ত্যাগৰ তুমি প্ৰতিমূৰ্ত্তি
জনতাৰ তুমি এক
সঞ্জীৱনী শক্তি,
কৃষ্ণক বনোৱাক দিয়া
সাহসৰ উক্তি
তুমি মহান বিপ্লৱী শিল্পী।
সোণৰ চামুচ মুখত লৈ
জন্মগ্ৰহণ কৰিও 
নাই তোমাৰ কোনো অহংকাৰ,
নাই কোনো হিংসা আৰু ভেদভাৱ।
তোমাৰ গীত আৰু কবিতাত
প্ৰতিফলিত প্ৰতিটো সাম্যবাদী চেতনাই
হাজাৰ হাজাৰ জনতাক
কৰিছিল জাগ্ৰত আৰু সজাগ।
তুমি আছিলা সংগ্ৰামী শিল্পী
প্ৰতিষ্ঠা কৰিছিলা তুমি গণৰাজ
স্পষ্টবাদেৰে সকলোকে
দিছিলা প্ৰত্যুত্তৰ,
তুমি প্ৰতিবাদী শিল্পী।
প্ৰতিবাদ কৰিছিলা নিৰ্যাতনৰ হকে
শাসক শোষকৰ হৈ কৰা প্ৰতিবাদে
কৰিছিল সকলোকে স্পৰ্শ
ন্যায়ৰ হকে মাত মতা
তুমি আছিলা বিপ্লৱী শিল্পী।
          
✍️দিপশিখা ৰাজকোঁৱৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)