অভিমানী বৰষুণজাক খণ্ড ০৫- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
চাৰিওফালৰ সেউজীয়া গছবোৰৰ সৌন্দৰ্য্যই প্ৰকৃতিক  যেন অধিক সৌন্দৰ্য্যশালী কৰি তুলিলে।মনে গ'লে চৰাইজাকে গছৰ ডালত বহি গীত গাইছে আৰু ভাগৰি পৰি মৌন হৈ ৰৈছে। অভিমানী বৰষুণজাকে ধুৱাই নিয়া গছবোৰৰ পাতৰ পৰা এটোপ দুটোপকৈ বৰষুণৰ টোপাল পৰি আছে। আগদিনা বৰষুণত তিতি শিখাৰ জ্বৰ বেছিকৈ হ'বলৈ ধৰিলে। দেওবাৰ দেখি শিখাৰ বায়েক ঘৰতে আছে।নিজৰ কামবোৰ শেষ কৰি তাই ভনীয়েকৰ ওচৰলৈ গ'ল।
••••••• ভণ্টি উঠ আক...!

নাই তাই যিমান পাৰে কান্দিছে।উপায় নাপায় তাই মাকক মাতিলে।
••••••• মা অ মা এইপিনে আহাচোন।
•••••• কি হ'ল অ ইমান চিঞৰিছ যে।
•••••• মা এইৰ কপালখন চুই চোৱাচোন।বৰষুণত তিতাৰ বাবেই চাগে বেছিকৈ হৈছে।
•••••• কিমান কও যে বৰষুণত নিতিতিবি।নাই মোৰ কথা নুশুনে।তোৰনো কিহে পাইছিলে লৈ যাবলৈ।
•••••• হ'ব মা এতিয়া মনে মনে থাকা তাইৰ মন গৈছে যেতিয়া তিতক দিয়া।আগতে চোৱাচোন তাই কেনেকৈ আছিল আৰু এতিয়া....! 
•••••• মই গাড়ীখন মাতিছো।লৈ যাওঁ তাইক পিছত বেছি হ'লে আমি কেনেকৈ নিম।

দুইজনীয়ে কথা পাতি থাকোঁতেই শিখাই মাত লগালে।
•••••• মা.... মা.... মা.....
••••• ৰহ মাজনী অকণমান ধৈৰ্য ধৰ।
•••••• মা মই নোৱাৰিছোঁ আৰু। বহুত কষ্ট হৈছে মোৰ। মই তোমালোককো কষ্ট দিছোঁ ন।
••••• তেনেকৈ কিয় কৈছ ভণ্টি।তই আমাক একো কষ্ট দিয়া নাই।তোৰ কাৰণে আমিহে একো কৰিব পৰা নাই।তই আমাৰ বহুত মৰমৰ অ। তেনেকৈ নকবি চোন।
          অলপ পিছত গাড়ী আহি পালে।তাইক মেডিকেললৈ লৈ যোৱা হ'ল। সকলো জনাৰ পিছতো তাইক তেওঁলোকে একো কোৱা নাই।আৰু নিজৰ মাক জনী হৈ নিজৰ ছোৱালীজনীয়ে এনেকৈ কষ্ট পোৱাটো জানো কোনোবাই চাব পাৰে।শিখাই দেখাকৈ তেওঁলোকে দুখ কৰিব নোৱাৰে।তাইও যদি দুখ কৰি কান্দে।অলপ সময় মেডিকেলত ৰখাৰ পিছত ডক্টৰে যেতিয়া একো কৰিব নোৱাৰিম বুলি ক'লে। তেতিয়া তেওঁলোকৰ হাতত একো উপায় নাছিল।শিখাক ঘৰলৈ লৈ অহা হ'ল।ঘৰলৈ অহাৰ পিছত তাইক কিবা এটা খুৱাই বিচনালৈ নিব লওঁতেই তাই বাহিৰত বহিবলৈ বিচাৰিলে।
••••••• অ মা কোৱানা।তোমালোকক মই বহুত কষ্ট দিওঁ ন।বা তোকো মই বহুত অশান্তি দিওঁ ন। মই আৰু বেছিদিন অশান্তি নিদো। মই যদি গুছি যাওঁ মোলৈ মনত পৰিব নাই। মোক কিন্তু সেই তাত থাকিবলৈ দিবা দেই মা।
•••••• তেনেকৈ কিয় কৈছ অ সোণ। তোৰ একো নহয় আমি আছো নহয় আৰু তোৰ নমো আছে নহয়।
••••• তোৰ নমোৱে চব ঠিক কৰি দিব। আমাৰ পোৱালিক একো হ'বলৈ নিদিওঁ আমি।
••••• নমোৱে মোক বেয়া পাই অ মা। মোৰ কথা নুশুনে নমোৱে বা।

আগলৈ..........

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)