সন্ধিয়াভাগত দিয়া বাৰিষাৰ বৰষুণজাকে তোমালৈ বৰকৈ মনত পেলাইছিল।
ভাবিয়ে লৈছিলো মনতে জানা,
তুমি কাষত ৰোৱা হ'লে সন্ধ্যাৰ চাহকাপ লৈ বাৰিষা আৰু বৰষুণৰ মাজত হোৱা খেলাৰ দৰে আমি দুয়ো একেলগে বহু কথাৰে সন্ধ্যাৰ বেলিটি ডুবালৈ বাট চালোহেঁতেন।
কিন্তু কি জানা -
একেৰাহে দিয়া বৰষুণজাকে মোৰ আলফুলীয়া মনটো সেমেকাইহে তুলিছিল তুমিহীনতাৰ বাৰ্তা দি।
অকলে বহি লৈ ৰঙা চাহএকাপৰ সৈতে মনত পেলাওঁ - তুমি দি যোৱা প্ৰতিটো কথাৰ আঁৰৰ কাহিনী
এটোপাল দুটোপালকৈ অশ্ৰুৱে বোৱাই নিছিল মনৰ বহল সেউজীয়া পথাৰখনি।
নাম : হীৰামণি দহোটীয়া
ঠিকনা : পেঙেৰী (তিনিচুকীয়া)
ফোন নং:৬৯০০৬৫৮৭৬৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ