অভিমানী বৰষুণজাক( খণ্ড -৮) - দিপশিখা ৰাজকোঁৱৰ।

©Admin
0
✍️ দিপশিখা ৰাজকোঁৱৰ।

শিখাৰ তেজ ওলোৱা দেখি মাক আৰু বায়েক দুয়োজনীয়েই বহুত ভয় খালে। তেওঁলোকৰ মাতবোৰ থোকাথুকি হৈছে।শিখাৰ কোনো শব্দ নাই।অচেতন হৈ আছে তাই। ইমান দিনে ঘৰৰ পৰাই তাইক অনা নিয়া কৰি চিকিৎসা কৰাই আছিল । কিমান সপোন দেখিছে শিখাই ঠিক নাই।তাইক তেওঁলোকে তেনেদৰে বেছি দেৰি চাই থাকিব নোৱাৰে।
•••••• মা....অ মাজনী উঠচোন।চাচোন তাই একো নকয়।তাইক কথা ক'বলৈ ক চোন।
•••••• মা তুমি ধৈৰ্য ধৰাচোন। ভণ্টিৰ একো নহয়।অ ভণ্টি কিবা এটা কচোন।কিয়নো মনে মনে আছ! আনকালে চোন ইমান কথা কৈ থাক। ভণ্টি ভণ্টি.... উঠচোন। 
•••••• মাজনী চাচোন মই তোলৈ কি বনাইছো। চাওঁ উঠ সোনকালে খাই ল। কিমান দেৰি হ'ল চাচোন ..... উঠ! উঠ! সোনকালে।
•••••• উঠ আক ভণ্টি আজি কৃষ্ণচূড়াৰ তললৈ নিম বুলি কোৱা নাছিলোঁ নেকি..! যাৱ যদি সোনকালে উঠ।দেৰি হ'লে মই নিবলৈ নাই কিন্তু।
•••••••• যা চোন যা তই বৰমাহতক ফোন এটা কৰি দেগৈ।তাইৰ কি হৈছে?
•••••• তাইৰ যদি কিবা এটা হয় মই কিন্তু নিজকে ক্ষমা কৰিব নোৱাৰিম মা।তাইক ভাল কৰি দিয়া ভগৱান।
              দুয়োজনী কান্দোনত ভাঙি পৰিল।শিখা এতিয়াও অচেতন হৈ আছে।তেজখিনি শুকাই যাবলৈ ধৰিছে। কিন্তু তেতিয়ালৈকে তাই মাত এষাৰ মতা নাই। তেনেকৈ সময়বোৰ পাৰ হৈ গৈ আছে।বৰমাকহত আহি পালে।সকলোৱে তাইক মাতিছে। কিন্তু তাই কাকোৱেই মতা নাই। কিছুসময় সকলো মৌন হৈ থাকিল। শিখাই লাহেকৈ সৰু সৰুকৈ চকু মেলিছে।
••••••• মা.... মা.... মা... ভণ্টি... চোৱা চোৱা তাই উঠিছে।
••••••• মা... মা..... মই নোৱাৰিছোঁ বহুত কষ্ট পাইছোঁ।
কথাষাৰ কওঁতে যেন তাইৰ বৰ কষ্ট হৈছে।মূৰটোত ধৰি ধৰি তাই চিঞৰিছে।
•••••• মা.... অ বা.... মোৰ কি হৈছে? মোৰ কিয় এনেকুৱা লাগিছে।
••••• সকলো ভাল হৈ যাব ভণ্টি তই চিন্তা নকৰিবি।
•••••• গাড়ীখন মাতিলি নাই।তাইক সোনকালে হস্পিটেল লৈ যাব লাগে।ঘৰৰ কথা চিন্তা কৰিব নালাগে। তহঁত যা। মই আমাৰ এওক ওলাবলৈ কৈছোঁ।সোনকাল কৰ তাই বৰ কষ্ট পাইছে।
••••• উম বৰমা গাড়ী পাবহি।
•••••• যা চোন গামোছা এখন তিয়াই আনগৈ তাইৰ মুখখন মচি দিওঁ।আৰু যা দেৰি কৰি থাকিব নালাগে সোনকালে লৈ যা তাইক।

মাক আৰু বায়েক ,ওচৰৰ বৰতাক এজন আৰু ওচৰৰ এজন ককায়েকে হস্পিটেললৈ লৈ গ'ল।

আগলৈ........

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)