শিলবোৰে সিদিনা কথা কোৱা শুনিছিলো,
পূৰ্বজন্মৰ কথা কৈছিল যে মানুহে
সিহঁতক আৱিষ্কাৰ কৰিছিল,
এতিয়া সিহঁতেই পৰিবৰ্তন হ'ব ধৰিছে।
পোছাকযোৰ পৰিবৰ্তনত আহে
জীৱনৰ অহা-যোৱাবোৰ,
জীৱন আহে জীৱন যায়
জীৱনে জীৱনক মাৰে
হাতৰ মুঠিত কলিজাটো লৈ
ঘূৰি ফুৰিছো অনাই-বনাই।
ভিন-ভিন ৰঙৰ ভিন ভিন মানুহ
মানৱ শ্ৰেষ্ঠ হয় জানো কলিযুগৰ!
মানৱে মাৰে স্বজাতিক
ভক্ষণ কৰে জীৱ-জন্তু
কৰে জানো জন্তু জানোৱাৰে
কৰিব ভক্ষণ স্বজাতিক!
নতুন নহয় সকলো মাংসহাৰী
"আহিছে মানুহ গৈছে মানুহ
মানুহ ময়াপী জীৱ,
মানুহৰ সোতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়"!
ভাবহীন,ভাষাহীন,ব্যক্তহীন ছন্দহীন হ'লো মই আজি
এই কলিযুগত,
কল্কি অৱতাৰৰ আজি
ভিন-ভিন ৰূপ
ৰক্ষক হ'ল আজি ভক্ষণ
ধন,জন,ঐশ্বয্য,বিভুতি অট্টালিকা!,
যাব ই যে লাগিব এৰি অকলশৰে
কোন যাব বাৰু তোমাৰ সৈতে?
কি লৈ যাবা তুমি!
আহিলা যদি নিতান্তই উদং হৈ
যাবাও তুমি এদিন সকলো এৰি
বস্ত্ৰহীন হৈ।
সপোন, বাস্তৱ কল্পনা,ভাৱনা
সুখ -স্বাচ্ছন্দ্যৰ
ত্যাগিব লাগিব জানা
ভৱিষ্যতৰ বংশধৰ।
মায়াময় সংসাৰ,মানৱ দেহা
দুদিনীয়া ঈৰ্ষা,ভোগ,লালসা
এয়ে নেকি জীৱন জীয়াৰ জুই
শিল বোৰৰ পৰিবৰ্তন পোছাকযোৰ সমাজৰ মাজত।
ৰুণু দেৱী শৰ্মা
গুৱাহাটী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ