যেতিয়া মোৰ ডাঙৰ হ'বলৈ মন গৈছিল।
প্ৰাণ খুলি সুখৰ হাঁহি মাৰিছিলোঁ,
যেতিয়া মনৰ দুলাচনীত মন ভৰা সৰু সৰু কাজবোৰ ভৰি আছিল।
শৈশৱ...
ক'লৈ গ'লি
আহচোন আকৌ এবাৰ মোক আঁকোৱালি ল'বলৈ।
এইবাৰ নিবিচাৰোঁ যৌৱন
তোৰ কোলাতেই উমলিম,
তোকেই সপি দিম মোৰ সৰ্বস্ৰান্ত।
উভতি আহ প্ৰাণ খুলি আকৌ
প্ৰাণৰ হাঁহি মাৰিম,
ৰৈ যা এবাৰলৈ।
নালাগে মোক যৌৱন,
সময়বোৰে বৰকৈ কষ্ট দিয়ে।
যৌৱনৰ পৃষ্ঠা ইয়াতেই সামৰিম,
তই উভতি আহ।
এইবাৰ মই আৰু থেহ নাপাতো কোনো কথাতেই
তই কেৱল উভতি আহ।
✍️ অনামিকা নেওঁগ
জিলা - বিশ্বনাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ