হয় , মই এজন বান বিধ্বস্ত দুৰ্ভগীয়া !
যিয়ে আজি কেইবিদিনো ধৰি
এসাজ ভালদৰে খাবলৈ পোৱা নাই ।
এযোৰ কাপোৰেৰে সৈতে
দিনৰ পিছত দিন পাৰ কৰিছোঁ ,
এটুপি খোৱা পানীৰ বাবে
মাথোঁ হাহাকাৰ কৰিছোঁ ।
তথাপিও বানপানীৰ কৰাল গ্ৰাসৰ পৰা
মুক্ত হ'ব পৰা নাই ।
আপোন ঘৰখন এতিয়া পানীৰ তলতে আছে ,
নাজানো তাৰ কিবা অস্তিত্ব আছে নে নাই ,
জীৱনৰ ওপৰত ভৰষা কৰিবলৈও
ঠিকনাবিহীন যাত্ৰাত গতি কৰিছোঁ ।
এই যাত্ৰাৰ শেষ ক'ত হ'ব
মই নাজানো !
আন দহজনৰ দৰে মাথোঁ
হুমুনিয়াহ কাঢ়িছোঁ ।
আপোন ঠাইখনৰ কথা ভাৱিলেই
গাটো শিঁয়ৰি উঠে ,
কি ঠিক আকৌ বা কেতিয়াবা
সেই সময় ঘূৰাই পাওঁ নে নাপাওঁ ।
ভগৱানৰ ওচৰত বিশ্বাস ৰাখিয়েই
সাহসেৰে জীয়াই আছোঁ ।
অনাহাৰে , অনিদ্ৰাৰে কটোৱা
সতজন লোকৰ মাজৰে
মইও এজন বান বিধ্বস্ত দুৰ্ভগীয়া ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ