নিজৰ মাজতেই নিজকে-----
সময়ৰ গভীৰতাত
পুৱৰ বেলি লহিওৱাই পশ্চিম লৈ
পশ্চিমৰ বেলি মাৰ গৈ
আকৌ হয়হি উদয় পূৱত
জীৱন জিনাৰ কিযে এই বাট
কৰ্ম ব্যস্ততাৰ মাজতেই জীৱনেই হেৰাই যায়
নান্দনিক সুখৰ নন্দনতত্ব বিচাৰি
সেউজীয়া-হালধীয়াৰ গভীৰতাত সোমাই।
কেতিয়াবা ভাগৰি পৰোঁ
কেতিয়াবা ভাগৰিও.নপৰোঁ ভাগৰি
কেতিয়াবা শুই পৰোঁ কালঘুমটিত
কেতিয়াবা উজাগৰী পুৱাও বহু ৰাতি
জোনাক ভৰা এই পৰিপূৰ্ণ জীৱন কিযে ৰঙীন
কেতিয়াবা হয়হি জোনাক বিহীন
সুখ-দুখৰ দোমোজাত
থাকোঁহি ওপঙি জীয়ন দিয়াৰ চখত
কেতিয়াবা আঁতৰে গৈ অজানিতেই
মায়াময় জোনাকী ৰাতিৰ তৰাৰ তৰাৱলী
আঁৱৰি ধৰে আচম্বিতে ঘোৰ অমানিশাই
এয়াই জীৱন বৃত্তৰ এক ব্যাসাৰ্ধ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ