গোলকীয় উষ্ণতাৰ বৃদ্ধিয়ে প্ৰকৃতিৰ ভাৰসাম্য নষ্ট কৰিছে -জ্যোতিষ্ক বৰুৱা

©Admin
0
বৰ্তমান সাগৰীয় ঘূৰ্ণী বতাহ ৰেমেলৰ প্ৰভাৱে ৰাজ্যজুৰি এক আতংকৰ সৃষ্টি হৈছে ৷ জলবায়ু সঘনাই পৰিৱৰ্ত্তন ঘন্টাত ৪০ পৰা ৫০ কি:মি: তকৈ জোৰত বলা এই ৰেমেলৰ প্ৰভাৱৰ ফলত সৌ-সিদিনা শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ চেন্ট উৰচুলা হাই-স্কুলৰ চলন্ত স্কুল বাচৰ ওপৰত প্ৰকাণ্ড গছ পৰি কণ -কণ ছাত্ৰ-ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা হোৱাৰ দৃশ্যই সমগ্ৰ অসম জোকাৰি গৈছে ৷ বৰ্তমান বায়ুমণ্ডলৰ গোলকীয় উষ্ণতাৰ তাপমাত্ৰাও অধিক বৃদ্ধি পাইছে ৷ বতৰ বিজ্ঞানী সকলে বিভিন্ন সময়ত বতৰৰ ফলত হৱলগীয়া আগজাননী প্ৰেৰণ কৰে যদিও বহুতে ইয়াক আওকাণ কৰি চলে ৷ মানুহে কথাতে কয় বোলে " সাৱধানীৰ মৰণ নাই ৷" কিন্তু মানুহক দেখিলে এনে লাগে যেন---- এই কথাষাৰ বহুতে সহজে মানি লৱলৈ যেন অসুবিধাহে বোধ কৰে ৷ 
একমাত্ৰ গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ বাবেই প্ৰকৃতিৰ মাজত ভাৰসাম্য নষ্ট হৈ এনে কাৰ্য্য সমূহ সঘনাই হৱলৈ ধৰিছে আৰু এনেধৰণৰ কাৰকে প্ৰভাৱ বিস্তাৰ কৰিৱলৈ সক্ষম হৈছে ৷ ইয়াৰ বাবে জীৱশ্ৰেষ্ঠ ৰূপে নিজকে স্বীকৃতি দিয়া একমাত্ৰ মানৱ জাতিয়েই একপ্ৰকাৰৰ গোলকীয় উষ্ণতাৰ বৃদ্ধি পোৱাৰ প্ৰধান জগৰীয়া ৷ নিজৰ ভোগ-বিলাস আৰু অত্যাধুনীক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি প্ৰকৃতিৰ ভাৰসাম্য ক্ৰমান্বয়ে বিনষ্ট কৰাৰ ফলশ্ৰুতিত প্ৰকৃতিৰ এনে তাণ্ডৱ লীলাৰ উপক্ৰম ঘটিছে ৷
বিশেষকৈ মানুহৰ পৰা হোৱা বিভিন্ন ধৰণৰ প্ৰকৃতি বিৰোধী কার্যাৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱা ঘটনাকে গোলকীয় উত্তাপ বৃদ্ধি (Global warming ) বুলি আজিৰ মানৱে বৰ্তমান স্বীকাৰ কৰিৱ লগা হৈছে । সাধাৰণতে প্ৰাকৃতিক আৰু মানৱজনিত কাৰণত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈ বায়ুৰ স্বাভাৱিক উষ্ণতা বৃদ্ধি হোৱা প্রক্রিয়াটোকে গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়। প্ৰাকৃতিক কাৰণ হ'ল আগ্নেয় উদগীৰণ আৰু বনজুই আৰু মানৱজনিত কাৰণ হ'ল বননি ধ্বংস, জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ আৰু অত্যাধিক পশুচাৰণ।

গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত পৃথিৱীৰ দুই মেৰু আৰু সুউচ্চ পৰ্বতৰ উচ্চাংশত থকা বৰফ গলি সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ বহুতো সমস্যাৰ সৃষ্টি হব পাৰে। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত পৃথিৱীৰ মৰুভূমি আৰু মৰুপ্রায় অঞ্চল সমূহত খৰাং বতৰ হৈ পানীৰ অভাৱত বহুতো জীৱৰ মৃত্যু পৰ্যন্ত হব পাৰে। অতিমাত্ৰা উষ্ণতা বৃদ্ধিয়ে কৰা গৰমৰ ফলত স্কুল,কলেজত পাঠদানৰ সময়ত গৰম সহ্য কৰিৱ নোৱাৰি বহু শিক্ষাৰ্থী পাঠদানৰ সময়ত মূৰ ঘূৰোৱা,মূৰ্চা যোৱা,চালৰ ৰোগ আদি লক্ষণ সমূহেও দেখা দিছে ৷ কাৰণ বহু স্কুল কলেজত আজিও বিজুলী সংযোগীৰ লগতে ফেনৰ ব্যৱস্থা উন্নত হোৱা নাই ৷ বিভিন্ন উদ্যোগ,বাট-পথ, কল-কাৰষানা নিৰ্মানৰ নামত যধে মধে গছ-গছনি কাটি টহিলং কৰাৰ ফলত মানুহে গছৰ বতাহ,গছৰ ছাঁ বিচাৰি গৰমত হাবাথুৰি খাৱ লগা হৈছে ৷ পাহাৰ কাটি এঢলীয়া কৰি তাত মানুহৰ বসতিৰ স্থান নিৰ্মানে কেতিয়াৱা পাহাৰ খহি মানুহৰ জীৱন বিপৰ্যয়লৈ লৈ যোৱাৰ বাতৰি পৰিৱেশনো আমি দেখিৱলৈ পাইছো ৷ গছ-গছনিৰ অভাৱত প্ৰকৃতিৰ ভাৰসাম্যত প্ৰভাৱ পেলাই বৰষুণৰ মাত্ৰা কেতিয়াৱা অধিক, কেতিয়াৱা কম তাৰাতম্য ঘটিছে ৷ অধিক বৰষুণে কেতিয়াৱা নদ-নদী সমূহত পানী অতিমাত্ৰা উপচি পৰাৰ লগতে মানুহৰ খেতি-পথাৰত সোমাই খেতি-বাতি নষ্ট কৰিছে ৷ বৰষুনৰ ফলত নদীত হোৱা অত্যধিক বানৰ বলত নদীত গঢ়া খহনীয়া বা ভূমিস্খলনৰ সৃষ্টি কৰাৰ লগতে নদীয়ে নিজৰ সূঁতি সলাইছে ৷

 এক কথাত কৱলৈ গলে 
মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজ গৃহ গেছসমূহৰ বাবে যোৱা শতিকাটোত হোৱা পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে অকল্পনীয় ৰূপে বৃদ্ধিয়েই একপ্ৰকাৰৰ হ'ল গোলকীয় উষ্ণতা বৃদ্ধি বুলি কলে হয়তো ভুল কোৱা নহৱ ৷

জলবায়ু পৰিৱৰ্তনে ভৌতিক পৰিৱেশক কম অতিথিপৰায়ণ কৰি তুলিছে সেউজ গৃহ গেছ জমা হোৱাৰ লগে লগে অজৈৱিক (অজীৱিত) পৰিৱেশটো সাধাৰণতে কঠোৰ হৈ পৰিছে। পৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা বৃদ্ধি পাইছে। বতৰৰ পৰিঘটনা- বৰষুণ, বানপানী, তুষাৰপাত, হাৰিকেন (টাইফুন), টৰ্নেডো, খৰাং আৰু তাপৰ ঢৌ–অধিক সঘনাই আৰু চৰম হৈ পৰিছে। ভূমি মৰুভূমি হৈ পৰিছে। মহাসাগৰবোৰ অধিক গৰম হৈ পৰিছে, অধিক এচিডিক হৈ পৰিছে (বায়ুত থকা ০০2 ৰ অধিক মাত্ৰা ইহঁতত দ্ৰৱীভূত হোৱাৰ লগে লগে), আৰু অক্সিজেনমুক্ত হৈ পৰিছে (কাৰণ উষ্ণ পানীত অন্যান্য কাৰণৰ লগতে কম অক্সিজেন ৰখা হয়)। সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, বৰফৰ বিশাল ভৰ গলি যোৱাৰ লগে লগে আৰু পানী উষ্ণ হোৱাৰ লগে লগে বিস্তাৰিত হোৱাৰ বাবে। বন্য অগ্নিকাণ্ড অধিক সঘনাই, তীৰ আৰু ধ্বংসাত্মক হৈ পৰিছে। বায়ুৰ গুণাগুণ, আৰু পানীৰ গুণাগুণ আৰু উপলব্ধতা হ্রাস পাইছে।


বৰ্তমান প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিৱলৈ হলে আমি নিজেই ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা মানৱ জাতিয়ে নিজেই কৰিৱ লাগিৱ ৷ আৰু ইয়াক 
ৰোধ কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাবে আমি তলত উল্লেখ কৰা উপায়সমূহ গ্ৰহণ কৰিব পাৰো —

(ক) বায়ুমণ্ডলত অক্সিজেন আৰু বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে অধিক গছ-গছনি ৰোপন কৰিব লাগিব আৰু অৰণ্য অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। 

(খ) ধোঁৱা নিৰ্গত হোৱা যান-বাহনৰ ব্যৱহাৰ হ্রাস কৰিব লাগিব বা পৰিৱেশ অনুকূল বিকল্প ইন্ধনৰ আৱিষ্কাৰ কৰিব লাগিব।

(গ) কল-কাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব। 

(ঘ) আণৱিক বিস্ফুৰণ  বন্ধ কৰিব লাগিব। 

(ঙ) খেতি-পথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগ বন্ধ কৰি নাইট্ৰাছ অক্সাইডৰ উৎপাদন হ্রাস কৰিব লাগিব।  ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰৰ প্ৰতি জনগণক সচেতন কৰিব লাগিব।

এই গোলকীয় উষ্ণতা বৃদ্ধি কোনো এক বিশেষ অঞ্চল বা কোনো এক বিশেষ ৰাষ্ট্ৰৰ সমস্যা নহয় । "ই সমগ্ৰ বিশ্বৰ, সমগ্ৰ মানৱ জাতিৰ সমস্যা"-- ইয়াক সকলোৱে উপলব্দি কৰিৱ পাৰিৱ লাগিৱ । সেয়ে ইয়াক ৰোধ কৰাৰ বাবে বিশ্বৰ প্ৰতিজন ব্যক্তি পৰিৱেশ সচেতন হ’ব লাগিব আৰু বিশ্বৰ ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ উমৈহতীয়া প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। অন্যথা সন্নিকট ভৱিষ্যতে মানৱ জাতিলৈ চৰম দুৰ্যোগ নামি আহিব।


জ্যোতিষ্ক বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)