সেই শৈশৱৰ এৰি অহা
থুনুকথানাককৈ খোজ দিয়া
যৌৱনৰ সোঁৱৰণি...
সোঁৱৰণিৰ সেই তুমিজনীৰ
দেহৰ প্ৰতিটো ভাঁজত যে লিখা আছিল
প্ৰেমৰ হাজাৰ হাজাৰ শ্লোগান...
তোমাৰ প্ৰতিটো হাঁহি
তোমাৰ প্ৰতিটো চাৱনিৰে যে কৈ গৈছিল
প্ৰেমৰ ৰঙেৰে আমি জীৱন সজাওঁ আঁহা
তুমি ফুল আৰু মই তৰা
উৰেটো জোনাকী ৰাতি দুয়ো দুয়োকে যে চাই ৰোৱা....
মই যে মৌন হৈ পৰিছিলোঁ তোমাৰ কথাত
আৰু তুমি...
অনৰ্গল ভাৱে যে কৈ আছিলা
তুমি -মই প্ৰেমৰ উদযাপনৰ কথা...
মোৰ মৌনতাই কৈছিল
এই প্ৰেম যে এদিন জুই হৈ বুকুত জ্বলাৰ কথা
এই প্ৰেমৰ প্ৰবল বান হৈ জীৱন উটুৱাই নিয়াৰ কথা
উজাগৰী চকুলোৰ নিশাবোৰ এজাক ধুমুহা হৈ প্ৰচণ্ড গতিৰে অহাৰ কথা....
নুবুজিলোঁ মোৰ সেই মৌনতা ভাষা
তোমাকো নুবুজালোঁ
গোপনে কেৱল সময়বোৰ আমি অনুসৰণ কৰি গলোঁ...
কবিতা , প্ৰশান্ত কুমাৰ বড়া ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ