বানপানী - মোকছিদুল আলম

©Admin
0
ইমান খং কিয় ....?
কি দুখ কৰিলোঁ আমি।
তোমাৰ অনিৰুদ্ধ খং অ
প্ৰকৃতিৰ অধৈৰ্য হাঁহি 
দুখ যন্ত্ৰণাৰ সাগৰ ।।

  সঁচাই তোমাৰ বৰ দুখ ।
তোমাৰ চকুৰ পানীত
ডুব গ'ল মোৰ জননী,
সোণৰ অসম ভূমি।
কাঢ়ি লৈ গ'লা  শিশু, ডেকা, বুঢ়া
কাকো এৰি নিদিলা 
বহু আই কান্দিছে তোমাৰ লগত।
তুমি দয়াহীন 
বহু বুকু খালী কৰিলা 
তোমাৰ হাঁহিৰ বাবে.....

  তোমাৰ খং নে অভিমান.....
 মূৰেদি বৈছে বানপানী
 উঠাই লৈ গৈছা বহু জন্তু,মানুহ,ঘৰ-দুৱাৰ,ৰাস্তা- দলং 
 এইয়া তোমাৰ খং নহয় নে ?
 যদি অভিমানে দেখাইছা
 নোহোৱা কৰা আমাৰ দুখ কষ্ট,
 ভুগিছো আমি স্বাস্থ্য,খাদ্য,নিৰাপত্তাত ।
 আমি নোৱাৰা হৈছোঁ অ
 নোহোৱা কৰা আমাৰ দুখ কষ্ট..... 



     কবিতা ,  মোকছিদুল আলম ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)