দুৰ্গাৰূপেন সংস্থিতা - ৰাহুল চন্দ

©Admin
0
 _ভূৱনমোহিনী••••_ 
 
সনাতন ধৰ্মত দেৱগণৰ শক্তিক দেৱী আখ্যা দিয়া হৈছে। কালিকা পুৰাণ আৰু শ্ৰীশ্ৰী দুৰ্গা সপ্তশতিত উল্লেখ আছে ,অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যি প্রসবীনি তেওঁ - মহামায়া ভুৱনেশ্বৰী; ব্ৰহ্মাণ্ডৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ নিমিত্তে তেঁওৰ দ্বাৰাই ত্ৰিদেৱৰ উৎপত্তি । সংসাৰৰ সমস্তখিনি মহামায়াৰেই মায়া মাত্ৰ। তেৱেঁই ত্ৰিকালৰ নিয়ন্ত্ৰণকৰ্ত্ৰী - কালি।
°°°°°


 _চিন্ময়ী ••••_ 

দেৱীৰ পূৰ্ণ স্বৰূপ বৰ্ণনা কৰা অসাধ্য ।অনেক পূণ্যাত্মাই নানা ৰূপত পৰমব্ৰহ্মময়ী মাতৃৰ দৰ্শন লভিছে। পুৰাণত তাৰ বিবিধ বৰ্ণনা পোৱা যায়। 
        তন্ত্ৰত দেৱী উগ্ৰ স্বৰূপা,তন্ত্ৰ সাধকৰ আৰাধ্যা মাতৃ প্ৰতিমা ভয়ংকৰী। 
       মন্ত্ৰত দেৱী সোম্য প্ৰকৃতিৰ, সংসাৰীৰ আৰাধ্যা।
       কোনো স্বৰূপতেই দেৱী হিংস্ৰ নহয়, দেৱী ৰূপৰ তাৎপৰ্য অনুধাৱন কৰাটো সকলোৰে পক্ষে সহজ নহয় বাবেই অনেক জ্ঞানী গুণী জনেও দেৱীৰ তান্ত্ৰিক স্বৰূপক তেজৰ তৃষ্ণাত আতুৰ অপদেৱীৰ সমতুল্য জ্ঞান কৰে।

°°°°°°


  _ৰূপান্তৰ •••••__ 


 ভক্তৰ বিপদত দেৱীৰ আবিৰ্ভাৱ হয় নানা ৰূপত।        
               দেৱগণৰ শক্তি স্বৰূপে দেৱী মহামায়াই ধাৰণ কৰে মাতৃকাৰ অৱতাৰ।পুৰাণত সপ্ত মাতৃকাৰ বিৱৰণ পোৱা যায়। তেওঁ ব্ৰহ্মাৰ শক্তি ব্ৰহ্মানী, শ্ৰীবিষ্ণুৰ শক্তি নাৰায়ণী, শিৱৰ শক্তি শিৱানী, দেৱৰাজ ইন্দ্ৰৰ শক্তি ঐন্দ্ৰী,দেৱসেনাপতি কাৰ্তিকৰ শক্তি দেৱসেনা কৌমাৰী, নৰসিংহৰ শক্তি নৰসিংহী, বৰাহৰ শক্তি বৰাহী আৰু ভৈৰৱৰ শক্তি চামুণ্ডা। 
            সপ্তশতিত দেৱীৰ পৰম স্বৰূপৰ উল্লেখ পোৱা যায়। প্ৰথমতে কংসৰ পৰা শিশু কৃষ্ণক ৰক্ষা কৰিবলৈ দেৱীয়ে ধাৰণ কৰে যোগমায়াৰ ৰূপ, এই ৰূপত দেৱী কৃষ্ণ- ভগীনি, যশোদা নন্দিনী। দুৰ্গম অসুৰ দমনৰ উদ্দেশ্যে দেৱীয়ে লয় দুৰ্গা অৱতাৰ। তেৱেঁই পাহাৰৰ ঋষি- মুনিক অভয় প্ৰদান কাৰিনি দেৱী ভীমা। আকৌ শতাক্ষী ৰূপ ধাৰণ কৰি এই দেৱীয়েই শত নয়নেৰে অশ্ৰু বৰষাই অনাবৃষ্টিৰ পৰা ধৰিত্ৰীক ৰক্ষা কৰিছিল। এসময়ত শাকম্ভৰীৰ ৰূপ ধৰি ধৰিত্ৰীক কৰি তুলিছিল সুজলা-সুফলা, শস্য-শ্যামলা। অসুৰগুৰু শুক্ৰাচাৰ্যৰ নিৰ্দেশত স্বৰ্গ আক্ৰমণ কৰা তেৰজন অসুৰক বধ কৰিবলৈ তেওঁ লৈছিল দেৱী ৰক্তদন্তিকাৰ বিক্ৰাল ৰূপ। তেৱেঁই ভ্ৰমৰি ৰূপেৰে অধৰ্ম খণ্ডন কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিছিল।
         মুণ্ডমালা তন্ত্ৰ মতে মহাবিদ্যাৰ সংখ্যা দহ, দহটা মূল দিশ আৰু দহটা ৰাশিৰ অধিষ্ঠাত্ৰী। দেৱীপুৰাণ আৰু শিৱপুৰাণত দক্ষযজ্ঞৰ বৰ্ণনা পোৱা যায়। পিতা দক্ষৰ নিমন্ত্ৰণ অবিহনেই যেতিয়া শিৱজায়া সতী পিতৃ গৃহলৈ যাবলৈ লয় তেতিয়া শিৱই তেওঁক বাধা দিয়ে। কিন্তু সতীয়ে কোনো হাক-বাধা নামানি দক্ষযজ্ঞলৈ যাবলৈ অস্থিৰ হৈ উঠে। শিৱই বাৰম্বাৰ বাধা দিয়াত সতীৰ উৰ্যা জাগ্ৰত হয়, তেওঁৰ ক্ৰোধৰ পৰা সৃষ্টি হয় দহ মহাবিদ্যাৰ-মহাকালি, তাৰা, ভূৱনেশ্বৰী, ষোড়শী, ত্ৰিপুৰ - ভৈৰৱী, ছিন্নমস্তা, ধুমাৱতী, বগলামুখি, মাতংগী আৰু কমলা। 
মহাবিদ্যাৰ তাৎপৰ্য অতি গম্ভীৰ। ভূৱনেশ্বৰী ৰূপ ধৰি ত্ৰিভূৱন ৰচনা কৰা মহামায়া মহাকালিৰ ৰূপত ত্ৰিভূৱন লৈ প্ৰলয় কঢ়িয়ায়, মহাকাল তেওঁৰ চৰণ তলত বিৰাজমান। সমূদ্ৰ-মন্থনৰ হলাহল বিষপান কৰি মূৰ্চা যোৱা মহেশ্বৰক মহামায়াই তাৰা ৰূপ ধাৰণ কৰি জীৱন দান দিয়ে আকৌ ধূমাৱতীৰ ৰূপত ভোকত বিয়াকুল হৈ স্বয়ং মহেশ্বৰক গিলি পেলাই বিধবা স্বৰূপত দেখা দিয়ে।
অৰ্থাৎ তাৎপৰ্য এয়ে - যে তেওঁ প্ৰকৃতি, সমস্ত খিনি তেঁওৰ দ্বাৰা তেওঁৰ মাজতেই উৎপত্তি আকৌ শেষত সকলো তেওঁৰ মাজতে ই বিলীন হয়, জাহ যায়।তেওঁ পৰমব্ৰহ্মময়ী নিয়তি , সকলো তেওঁৰ দ্বাৰা ৰচিত পৰিচালিত পৃথিৱীৰ পৰমাণু মাত্ৰ।
        নৱদুৰ্গাৰ দ্বাৰা দেৱী মহামায়াৰ পাৰ্বতী স্বৰূপৰ জীৱন যাত্ৰা দেখুওৱা হয়। শৈলৰাজ হিমালয়ৰ কন্যা হৈ জন্মা দেৱীৰ প্ৰথম নাম শৈলপুত্ৰী, দেবাদিদেৱক পতি ৰূপে পোৱাৰ মানসেৰে কঠোৰ সাধনা কৰাত দ্বিতীয় নাম ব্ৰহ্মচাৰিনি, তৃতীয়তে চন্দ্ৰশেখৰ মহাদেৱৰ পত্নী স্বৰূপে ৰূপ ধৰে চন্দ্ৰঘণ্টাৰ, চতুৰ্থতে ব্ৰহ্মাণ্ডক গৰ্ভত ধাৰণ কৰে কুষ্মাণ্ডা ৰূপত, পঞ্চমত স্কন্দৰ জননী স্কন্দ মাতা, ষষ্ঠত কাত্যায়ন ঋষিৰ মানস পূৰ্ণ কৰি তেওঁৰ পুত্ৰী ৰূপে জনম ধৰি নাম লয় কাত্যায়নি, সপ্তমত কৰাল বদনা কালৰাত্ৰি, অষ্টমত নিজৰ কৃষ্ণ কোষ তেজি নাম পায় মহাগৌৰী, নৱমত সিদ্ধি প্ৰদায়িনি সিদ্ধিদাত্ৰি।
      দেৱীৰ নৱ পত্ৰিকাৰ ৰূপ অতি জনপ্ৰিয়। দুৰ্গা পূজাত দেৱী প্ৰতিমাৰ সোঁ ফালে , গণেশৰ মূৰ্তিৰ কাষত কলগছ এজোপা শাৰীৰে মেৰিয়াই থিয় কৰি ৰখা দেখা যায়, এই কল জোপাত বাকী আঠটা উদ্ভিদ বান্ধি নৱ পত্ৰিকা সজা হয়।এই নৱ পত্ৰিকা বাস্তৱত কোনো পত্ৰ বা পাত নহয় উদ্ভিদ হে।
"ৰম্ভা কচ্চী হৰিদ্রাচ জয়ন্তী বিল্ব দাড়িমৌ।
অশোক মানকশ্চৈব ধান্যঞ্চ নবপত্রিকা।" এই ন বিধ উদ্ভিদক দেৱী নটি প্ৰতীক ৰূপে কল্পনা কৰা হয়-
•কল গছৰ অধিষ্টাত্রী দেবী ব্রহ্মাণী;
•কচু গছৰ অধিষ্টাত্রী দেবী কালিকা;
•হালধি গছৰ অধিষ্টাত্রী দেবী উমা;
•জয়ন্তী গছৰ অধিষ্টাত্রী দেবী কার্তিকী;
•বেল গছৰ অধিষ্টাত্রী দেবী শিবা;
•ডালিম গছৰ অধিষ্টাত্রী দেবী ৰক্তদন্তিকা;
•অশোক গছৰ অধিষ্টাত্রী দেবী শোকরহিতা;
•মানকচু গছৰ অধিষ্টাত্রী দেবী চামুণ্ডা;
•ধান গছৰ অধিষ্টাত্রী দেবী লক্ষ্মী।

°°°°°°°

 _প্ৰকৃতি ••••_ 

নাৰী আৰু প্ৰকৃতি অভিন্ন।দুয়ো মাতৃ ৰূপে জন্ম দি ধাত্ৰী ৰূপে সন্তানক আকোঁৱালি ৰাখে। জনমদাত্ৰী মাতৃ ৰজস্বলা, সেয়ে প্ৰকৃতিও। অন্যথা প্ৰকৃতিৰ উৰ্বৰতাৰ মূল সুঁতি ক'ত! সেয়ে প্ৰকৃতি মানেই নাৰী, নাৰীয়েই দেৱী।যাৰ অবিহনে জগত অস্তিত্বহীন, তেওঁ পৰম পুজনীয়।প্ৰকৃতি ৰূপান্তৰিত; ৰহস্যময়, নাৰীও। ৰঙা ৰঙৰ লগত প্ৰকৃতিৰ ঘনিষ্ঠ সম্পৰ্ক।ৰঙা তেজৰ প্ৰতীক, তেজ ৰজস্বলতাৰ প্ৰতীক,ৰজস্বলতা নৱ জীৱনৰ প্ৰতীক। কলহ বা কুম্ভই গৰ্ভক বুজায়। সেয়ে হয়তো কলহত ৰঙা কাপোৰ মেৰিয়াই প্ৰকৃতি দেৱীৰ আৰাধনা,যি আমাৰ অতিকৈ পৰিচিত ঘট পূজা।
°°°°°°

 _লোকদেৱী•••••_ 

লোক সমাজ সৰল চিতিয়া এচাম লোকৰ সমষ্টি। পুৰাণ, ভাগৱতৰ আখ্যান লোক সমাজত মুখ বাগৰোতে সৃষ্টি হয় নতুন আখ্যানৰ। সৰলপ্ৰাণৰ নিভাঁজ ভক্তিত সৃষ্টি হয় লোক দেৱীৰ। এওঁলোক প্ৰকৃতিৰ পৰা পৃথক নহয়। বৰঞ্চ মহামায়াৰ প্ৰকৃতি স্বৰূপৰ সূক্ষ্ম প্ৰকাশ। চহালোকৰ ঘৰত মহামায়া বিৰাজ কৰে টুচু ৰূপত। জ্বৰ, ফুঁহা, বসন্তৰ জ্বালাৰ পৰা শীতল ছায়াৰে মুক্তি দিয়ে শীতলাই। বিপদ, বাধা -বিঘিনিৰ পৰা গাঁওখন সুৰক্ষিত কৰিবলৈ মহামায়াক মংগলা ৰূপত গাঁৱৰ দুৱাৰ মুখত স্থাপন কৰা হয়। বনাঞ্চলৰ প্ৰাণীকুলৰ ধাত্ৰী স্বৰূপে দেৱীক কল্পনা কৰা হয় বনবিবিৰ ৰূপত। এনে শত - সহস্ৰ লোকদেৱীৰ কথা পোৱা যায়। বিশ্বাসৰ ধনাত্মকতাৰে লোকসমাজ আশাবাদী, লোকদেৱীৰ অভয়, আশীষেৰে পৰিপুষ্ট ।
°°°°°°

 _সম্ভবামি যুগে যুগে •••••_ 

দুৰ্গা আহে।মাত্ৰ শৰতত নহয়। শৰতৰ দুৰ্গাই গ্ৰীষ্মত ফলহাৰিনী, বৰ্ষাত তেৱেঁই কামাখ্যা, হেমন্তত জগদ্ধাত্ৰী, শীতত কৃষ্ণা আৰু বসন্ত ত বাসন্তী।মহামায়াই সত্বঃ গুণে মহাসৰস্বতী, ৰজঃ গুণে মহালক্ষ্মী আৰু তমঃ গুণে মহাকালিক স্ৰজি ব্ৰহ্মা, বিষ্ণু আৰু মহেশক সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ শক্তি প্ৰদান কৰিছে। 
          ব্ৰহ্মাণ্ড জননী মহামায়া বিৰাজ কৰে ঘৰে ঘৰে, নাৰিকুল তেওঁৰেই অংগ।যি গৰাকী জনমদায়িনি তেৱেঁই জগদ্ধাত্ৰী। তেওঁ অনাদি, অনন্ত। তেঁওৰ বৰ্ণনাৰ বাবে জ্ঞান, ভাষা সকলো অপৰ্যাপ্ত।  
          ধৰণী সুশুভিত হওঁক দনুজদলিনিৰ স্নেহেৰে। শ্ৰুতিত আছে -
"দেহি সৌভাগ্য আৰোগ্যং দেহি
দেবী পৰম সুখম।
ৰূপং দেহি জয়ং দেহি
যশো দেহি দ্বিষো জহি’"।


    ✍️ৰাহুল চন্দ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)